Tuesday, November 29, 2022
HomeARTICLEঅতিশয় বিপদাপন্ন শগুণ সংৰক্ষণ আৰু প্ৰজননত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব  

অতিশয় বিপদাপন্ন শগুণ সংৰক্ষণ আৰু প্ৰজননত অধিক গুৰুত্ব আৰোপ কৰিব লাগিব  

প্ৰকাশিত তাৰিখঃ ৪ এপ্ৰিল, ২০২২

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

চলিত বৰ্ষৰ ১৭ মাৰ্চত দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ মিলনপুৰত মৃত ছাগলী এটিৰ মাংস ভক্ষণ কৰাৰ ফলত এশটা শগুণৰ মৃত্যু হয়। পশ্চিম কামৰূপ বন সংমণ্ডলৰ বামুণীগাঁও বনাঞ্চলিক কাৰ্যালয়ৰ অন্তৰ্গত মিলনপুৰত যি ঘটনা ঘটি গ’ল ই ৰাজ্যখনৰ বাবেই এটি ক’লা দিন হিচাপে পৰিগণিত হ’ব। ইমান সংখ্যক শগুণৰ একেলগে মৃত্যু ঘটা কাৰ্য আমাৰ ৰাজ্য তথা দেশৰ ভিতৰতে নহয় ই সমগ্ৰ বিশ্ববাসীৰ বাবেই ক্ষতিকাৰক। এইক্ষেত্ৰত লোহাৰঘাট বনাঞ্চলিক বিষয়া চেমিম আখটাৰৰ নেতৃত্বত এদল বনকৰ্মীয়ে মৃত ছাগলীটোৰ মাংস ভক্ষণ কৰি অসুস্থ হৈ পৰা শগুণ দেখিলে ততালিকে বন বিভাগক খবৰ দিবলৈ মাইকযোগে ঘোষণা কৰিবলগাও হৈছিল। লগতে শগুণ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কেও কিছু কথা মাইকযোগে কৈছিল।   

প্ৰকৃতিত শগুণে কি ভূমিকা পালন কৰে? ইয়াৰ উত্তৰ– মৰাশৰ গেলা–পচা, মাংস খাই বায়ু–পানী–মাটিৰ প্ৰদূষণ ৰোধ কৰি এক সুস্থ প্ৰাকৃতিক পৰিবেশ গঢ়াৰ ক্ষেত্ৰত সহায় কৰে। শগুণৰ আছে গেলা–পচা মাংসৰ বীজাণু সহজে ধ্বংস কৰি চবকা, জলাতংক, টেটুৱা আদি ৰোগৰ বীজাণু সংক্ৰমণত বাধা দিব পৰা ক্ষমতা। সেয়ে শগুণক প্ৰকৃতিৰ জামাদাৰ ৰূপে অভিহিত কৰা হয়। সেই শগুণ প্ৰায় আশীৰ দশকত অসমৰ মুক্ত আকাশত উৰি থকা দৃশ্য সমূহ অতি সূলভ আছিল। গাঁও অঞ্চলৰ আঁহত, শিমলু, কদম, বট, ছটিয়ানা আদি ওখ ওখ গছবোৰত শগুণে জিৰণি লোৱা আৰু সেই গছবোৰতে বাঁহ সাঁজি নিৰাপদে পোৱালি জগাই নিয়া দৃশ্যও আছিল সূলভ। কিন্তু আশী দশকৰ সেই দৃশ্যবোৰ আজি পাহৰণিৰ গৰ্ভত বিলীন হ’ল। আজি সমগ্ৰ বিশ্বত শগুণ সংকটাপন্ন। সেয়ে পক্ষীবিধৰ বংশ বৃদ্ধিৰ বাবে প্ৰজনন আৰু সংৰক্ষণৰ ক্ষেত্ৰত বিশেষ ব্যৱস্থাও গ্ৰহণ কৰিবলগীয়া হৈছে। শগুণে প্ৰতি বছৰে এবাৰত এটিকৈ কণী দিয়ে। ত্ৰিশ–চল্লিশ দিন উমনিৰ পিছত কণী ফুটি পোৱালি ওলায় আৰু সেই পোৱালিবোৰ প্ৰাপ্তবয়স্ক হোৱালৈকে ৫–৬ বছৰৰ প্ৰয়োজন হয়।      

ভাৰতবৰ্ষত ৯বিধ শগুণ পোৱা যায়। এইবোৰ হ’ল পাতি শগুণ (ব’গা পিঠিয়া White–backed), ৰজা শগুণ (red–headed), লাহী ঠুঁটিয়া (Slender–billed), দীঘল ঠুঁটিয়া (Long–billed), হিমালয়ান গ্ৰিফ’ন (Himalayan griffon), ইউৰেচিয়ান গ্ৰিফ’ন (Eurasian griffon), চিনেৰিয়াচ (ক’লা শগুণ– Cinereous vulture), দাড়ি থকা শগুণ (Bearded vulture), ইজিপ্তিয়ান শগুণ (Egyptian vulture)। তাৰ ভিতৰত পাতি শগুণ, ৰজা শগুণ, লাহী ঠুঁটীয়া, হিমালয়ান গ্ৰিফ’ন, চিনেৰিয়াচ আৰু ইউৰেচিয়ান এই ছয় প্ৰজাতিৰ শগুণ অসমত পোৱা যায়। যদিও পাতি, ৰজা আৰু লাহী ঠুঁটীয়া এই তিনিবিধ শগুণ হ’ল অসমৰ স্থানীয় আৰু বাকী তিনিবিধ পৰিভ্ৰমী প্ৰজাতিৰ। শীতকালত হিমালয়ান গ্ৰিফ’ন, চিনেৰিয়াচ শগুণ পৰিভ্ৰমী চৰাই হিচাপে অসমলৈ আহে, যদিও হিমালয়ান গ্ৰিফ’নৰ সংখ্যাই অধিক। অতি কম সংখ্যক ইউৰেচিয়ান প্ৰজাতিৰ শগুণ ৰাজ্যখনলৈ আহে।

সম্প্ৰতি আমাৰ ৰাজ্যখনত শগুণ নিধন যজ্ঞ চলি থকা বুলি ক’লেও এক প্ৰকাৰ ভুল নহয়। ৰাজ্যখনত ইমান হাৰত শগুণৰ মৃত্যু ঘটি আছে ই প্ৰকৃতিৰ জৈৱ–বৈচিত্ৰ্যৰ ভাৰসাম্যৰ প্ৰতি এক ভয়াৱহ ভাবুকি হৈ উঠিব পাৰে। কিন্তু শগুণৰ মৃত্যুৰ প্ৰকৃত কাৰকবোৰনো কি কি? ইয়াৰ উত্তৰ– প্ৰথম জীৱশ্ৰেষ্ঠ মানুহ আৰু দ্বিতীয় হ’ল ঘৰচীয়া কুকুৰ, মানে গৰাকীবিহীন বাটৰুৱা কুকুৰ। প্ৰকৃততে প্ৰাকৃতিক কাৰকতকৈ জীৱশ্ৰেষ্ঠ মানুহে সৃষ্টি কৰা কৃত্ৰিম কাৰকেহে পক্ষীবিধক বেছিকৈ ক্ষতিগ্ৰস্ত কৰিছে। মানুহ বা পশুধনৰ চিকিৎসাত ডাইক্ল’ফিনাক ব্যৱহাৰ কৰা হয়। যিকোনো ওখহা, বিষ উপশম ঘটাবলৈ অথবা জীৱ–জন্তুৰ মৰাশ সোণকালে পচাবৰ কাৰণে প্ৰায় ২০০০ চনৰ পৰা অসমৰ মানুহে ডাইক্ল’ফিনাক নামৰ কীটনাশক বিধৰ ব্যৱহাৰ কৰা দেখা যায়। এই কীটনাশক বিধ ইমানেই বিষাক্ত যে ঔষধ মিহলি মৰাশ ভক্ষণ কৰিলেও কেইঘণ্টামান পিচতেই অংগ প্ৰত্যংগ বিকল হৈ মৃত্যু মুখত পৰে। এই ডাইক্ল’ফিনাক মিহলি মৰাশ ভক্ষণৰ ফলতেই ৰাজ্যখনত অধিক হাৰত শগুণৰ মৃত্যু ঘটি আছে। তদুপৰি কৃষিক্ষেত্ৰত নতুনকৈ ব্যৱহাৰ হোৱা কাৰ্বামেট নামৰ কীটনাশক বিধো শগুণৰ বাবে অন্য এক প্ৰত্যাহ্বান স্বৰূপ। এইবিধ ব্যৱহাৰৰ পিছত পথাৰৰ কীট–পতংগ চৰাই–চিৰিকটিয়ে ভক্ষণ কৰি মৃত্যুমুখত পৰে। তেনেদৰে মৃত্যু হোৱা চৰাই–চিৰিকটিক কুকুৰ বা মাংসভোজী চৰাইয়ে ভক্ষণ কৰে। ফলত সেইবোৰৰ মৃত্যু হ’ব পাৰে নতুবা বিভিন্ন বেমাৰৰ বীজাণু কঢ়িয়াই আনিব পাৰে। যদিওবা ডাইক্ল’ফিনাক ২০০৫ চনত চৰকাৰে নিষিদ্ধ কৰিছে তথাপিও এইবিধ কীটনাশক বজাৰত উভৈনদী বুলিয়েই অভিযোগ শুনা যায়। অৱশ্যে ডাইক্ল’ফিনাক প্ৰয়োগৰ বাদেও গৰু–ছাগলীৰ কোনো বেমাৰ–আজাৰৰ চিকিৎসাত ব্যৱহৃত বিভিন্ন ঔষধেও অঘটন ঘটাব পাৰে। যদিহে তেনেধৰণৰ ঔষধৰ ছিটা দিয়া গৰু–ছাগলী অথবা অন্যান্য জীৱ–জন্তুৰ মৃতদেহ ৭২ ঘণ্টাৰ ভিতৰত ভক্ষণ কৰে। ইপিনে, আমাৰ ৰে’লপথ সমূহো শগুণৰ বাবে ঘাতকস্বৰূপ হৈ পৰিছে। মানুহে ৰে’ল পথৰ আশে–পাশে পেলোৱা পোহনীয়া জীৱ–জন্তুৰ মৰাশ ভক্ষণ কৰি সেই ৰে’ল পথতে জিৰণী লৈ থকা অৱস্থাত বহু শগুণৰ মৃত্যু ঘটিছে। ইতিমধ্য কামাখ্যা–যোগীঘোপা পথত চলন্ত ৰে’লে মহতীয়াই নিয়া অথবা চ’কাই কটাৰ ফলত– ২০১০ চনত বঙাইগাঁও জিলাৰ অভয়াপুৰীত ৪৮টা, ২০১১ত কামৰূপ জিলাৰ তিনিআলিত ৩৮টা, ২০১২ত ছয়গাঁৱত ১৫ টা, ২০২১ত ৰামপুৰত ১১টা শগুণৰ মৃত্যু ঘটিছে। 

সম্প্ৰতি, এজাক বাটৰুৱা কুকুৰ স্বভাৱ–চৰিত্ৰ বন্য প্ৰকৃতিৰ হোৱাৰ লগতে অতিপাত হিংস্ৰ হৈ পৰিছে। এইজাক কুকুৰৰ হিংস্ৰতাই মানুহ, জীৱ–জন্তু সকলোৰে বাবে ত্ৰাসৰ কাৰক হৈ পৰিছে। এই সন্দৰ্ভত ব’ম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটীৰ বিজ্ঞানী শচীন ৰাণাডে এনেদৰে প্ৰকাশ কৰিছে– শগুণৰ পৰিমাণ হ্ৰাস পোৱা বাবে মৰাশৰ মাংস কুকুৰে বেছিকৈ খাবলৈ পাইছে। কুকুৰে তেজলগা কেঁচা মাংস বেছিকৈ খাবলৈ পালে তাৰ স্বভাৱ–চৰিত্ৰৰ গঠন বন্য আৰু হিংস্ৰ প্ৰকৃতিৰ হৈ উঠে। সেয়ে যিকোনো মুহুৰ্ততে কুকুৰবোৰে আক্ৰমণাত্মক হৈ উঠে আৰু খাদ্যৰ বাবে অন্যান্য জীৱ–জন্তুৰ ওপৰত দলবদ্ধ আক্ৰমণৰ প্ৰৱণতাও বাঢ়ে। ইপিনে, পোহনীয়া অথবা বনৰীয়া জীৱ–জন্তুৰ গাত এইজাক কুকুৰৰ আক্ৰমণ বৃদ্ধি পোৱাৰ লগেলগে গৰু–ছাগলীৰ চবকা, জলাতংক, টেটুৱা ৰোগসমূহৰ সংক্ৰমণো বৃদ্ধি পাইছে। এতিয়া এইজাক কুকুৰে খাদ্যৰ বাবে গৰু, ছাগলী অথবা সিহঁততকৈ দূৰ্বল প্ৰাণীবোৰক দলবদ্ধ আক্ৰমণ চলাই বোধ কৰে। তেনেবোৰ কুকুৰৰ ওপৰত প্ৰতিশোধ পূৰাবলৈ গৰাকীসকলে মৃতদেহত বিষাক্ত কীটনাশক মিহলাই দিয়ে। এইবোৰ কাম নীতিগতভাৱে গৰিহণাযোগ্য আৰু আইনগতভাৱেও দণ্ডণীয়, যদিও এনেদৰে প্ৰতিশোধ পূৰণ কৰি মানুহেও এক আত্মতৃপ্তি লাভকৰা দেখা গৈছে। কিন্তু কীটনাশক মিহলি মৃতদেহ ভক্ষণ কৰি তেনেবোৰ কুকুৰৰ মৃত্যু হোৱা দেখা নাই। মৃত্যু হোৱা দেখিছো কেৱল নিৰীহ, নিৰ্জু প্ৰাণী শগুণবোৰহে, সিয়ো ব্যাপক হাৰত। বহুক্ষেত্ৰত দেখা যায় শগুণ আৰু কুকুৰ একেটা মৰাশৰ মাংস ভক্ষণ কৰি থাকে। মাংসৰ অধিকাৰক লৈ কুকুৰবোৰ খঙাল হৈ পৰে। তেনেক্ষেত্ৰত কুকুৰে কামোৰাৰ ফলত আঘাতপ্ৰাপ্ত হৈ শগুণৰ মৃত্যুও ঘটিছে।    

এই কথা স্বীকাৰ কৰিবই লাগিব– শগুণৰ মৃত্যু প্ৰাকৃতিক কাৰকতকৈ মানুহৰ অদূৰদৰ্শিতা, নিৰ্মমতাবোৰহে অধিক পৰিমাণে দায়ী। মানুহৰ অদূৰদৰ্শিতাৰ বাবে ইতিমধ্যে পৃথিৱীত বহু প্ৰাণীৰ মাজত বিপদ নামি অহাই নহয় চিৰদিনৰ কাৰণে বিলুপ্তিও ঘটিছে। প্ৰকৃতিৰ জামাদাৰ স্বৰূপ শগুণ বিপদাপন্নৰ দিশে গতি কৰাৰ ক্ষেত্ৰত দায়ী কিন্তু মানুহবোৰেই। মানুহৰ অদূৰদৰ্শিতা তথা নিৰ্মমতাৰ বাবে ৰাজ্যখনৰ বিভিন্ন ঠাইত মৃত্যু ঘটা শগুণৰ সংখ্যা থূলমুলভাৱে দিব খুজিছো। ২০০১ চনত গোৱালপাৰা জিলাৰ ৰংজুলি এলেকাত ৬০টা আৰু নলবাৰী জিলাত ২৩টা শগুণ বিষক্ৰিয়াৰ ফলত মৃত্যু ঘটিছে। ২০১৪ চনৰ ২২ জানুৱাৰী আৰু ১৫ মাৰ্চৰ ভিতৰত ১৯৩টা শগুণ বিষক্ৰিয়াৰ ফলত মৃত্যু ঘটিছে বুলি বাতৰি পোৱা গৈছিল উজনি অসমৰ তিনিচুকীয়া জিলাত। ২০১৬ চনৰ ২৮ এপ্ৰিলত নৱগঠিত দক্ষিণ কামৰূপ জিলাৰ কুকুৰমাৰাৰ আমতলা গাঁৱত কীটনাশক প্ৰয়োগ কৰা মৰাশ ভক্ষণ কৰাৰ ফলত থিতাতে ২০টা শগুণৰ কৰুণ মৃত্যু হোৱাৰ লগতে ৪টা আঘাতপ্ৰাপ্ত হয়। মৃত্যুমুখত পৰা শগুণকেইটা দুষ্প্ৰাপ্য প্ৰজাতিৰ হিমালয়ান গ্ৰিফ’ন আছিল। বাকী ৪টা আঘাতপ্ৰাপ্ত শগুণক বনকৰ্মীসকলে উপযুক্ত চিকিৎসাৰে সুস্থ্ কৰি তুলি পুনৰ মুকলি আকাশত এৰি দিয়ে। চলিত বৰ্ষৰ ৫ মাৰ্চত ডিব্ৰুগড় জিলাৰ নামদাং বনাঞ্চলৰ ভৰালী ফ’ৰেষ্ট ভিলেজত এটি মৃত ছাগলী ভক্ষণ কৰাৰ ফলত ৩৫টাকৈ শগুণৰ মৃত্যু ঘটিছে। চলিত মাহৰ ১৭ মাৰ্চত কামৰূপ জিলাৰ ছয়গাঁৱতো এটি মৃত ছাগলী ভক্ষণৰ পিছত এশটা শগুণৰ মৃত্যু হয়। ২৮ মাৰ্চত শগুণ প্ৰজনন কেন্দ্ৰটোৰ কেইকিলোমিটাৰ মান দূৰত বিদ্যুৎ পৰিবাহী তাঁৰত স্পৃষ্ট এটি শগুণ মৃত্যু হয়। অৱশ্যে প্ৰচাৰ মাধ্যম সমূহৰ অজ্ঞাতে এনে বহু ঘটনা আঁৰতে থাকি যাব পাৰে নতুবা হিচাপৰ ইফাল–সিফাল হ’ব পাৰে।

ব’ম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটীৰ বিজ্ঞানী শচীন ৰাণাডে প্ৰকাশ কৰা মতে– ২০০৫ চনত পশু–পক্ষীৰ ক্ষেত্ৰত ডাইক্ল’ফিনাক নিষিদ্ধ কৰিলেও মানুহৰ ক্ষেত্ৰত ব্যৱহাৰ এতিয়াও মুকলি হৈয়েই আছে। ২০১৫ চনত এই সংস্থাটোৰ হেঁচাৰ ফলতেই ডাইক্ল’ফিনাক উৎপাদনত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছিল। যিহেতুকে ডাইক্ল’ফিনাক মানুহ, জীৱ–জন্তু উভয়ৰ ক্ষেত্ৰতে বিষনাশক হিচাপে ব্যৱহাৰ হয় তেনেস্থলত জীৱ–জন্তুৰ বাবে ৩০ মিঃমিঃ আৰু মানুহৰ বাবে ৩–৫ মিঃমিটাৰৰ প্ৰয়োজন। সেই অনুসৰি প্ৰতিটো চীচাত ৩০মিঃমিটাৰৰ অধিক উৎপাদনত কেন্দ্ৰীয় চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। বিজ্ঞানীগৰাকীয়ে ডাইক্ল’ফিনাকৰ সলনি মেল’ক্সিকেম নামৰ ঔষধ বিধ ব্যৱহাৰ কৰিবলৈ পৰামৰ্শ দিয়ে, কিয়নো এইবিধ ঔষধ অধিক নিৰাপদ। কিন্তু দাম বেছি হোৱাৰ লগতে ধীৰ গতিৰে আৰোগ্য লাভ কৰা এইবিধ ঔষধ মানুহে ব্যৱহাৰ কৰিবলৈ ইচ্ছুক নহয়।  

প্ৰকৃতিৰ জামাদাৰ স্বৰূপ শগুণ সমগ্ৰ দেশতে অস্বাভাৱিকভাৱে হ্ৰাস পাইছে। অসমতো ইয়াৰ ব্যতিক্ৰম নহয়। সেয়ে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাত উল্লেখনীয় অৰিহনা যোগোৱা শগুণ সংৰক্ষণ অত্যন্ত জৰুৰী। বৰ্তমান পাতি, লাহী ঠুঁটীয়া এই দুয়োবিধ শগুণেই অতিশয় বিপদাপন্ন। আন্তৰ্জাতিক প্ৰকৃতি সুৰক্ষা সংস্থা আই ইউ চি এন’য়ে পক্ষীবিধক ৰে’ড ডাটা বুকত তালিকাভুক্ত কৰিছে। সেয়ে পক্ষী দুবিধক আৱদ্ধ প্ৰজননৰ দ্বাৰা বংশ বৃদ্ধি নকৰিলে হয়তো অচিৰেই বিলুপ্তি ঘটিব পাৰে। ইতিমধ্যে ভাৰতীয় বন্যপ্ৰাণী (সুৰক্ষা) আইন, ১৯৭২ অনুসৰি প্ৰথম অনুসূচীত অন্তৰ্ভূক্ত কৰি পক্ষীবিধক নিৰাপত্তা প্ৰদান কৰিছে। অতি সংকটৰ মাজতে আমালৈ এক সুখৰ বতৰাও আহিছে। সম্প্ৰতি প্ৰকৃতিৰ বুকুত বিপদাপন্ন শগুণ সংৰক্ষণ কৰিবলৈ আগবাঢ়ি আহিছে ইউ, কে (ইউনাইটেড কিংডম)ৰ দ্য’ ৰ’য়েল ছ’চাইটি ফ’ৰ দ্য’ বাৰ্ডচ, জুল’জিকেল ছ’চাইটি অৱ লণ্ডন, বাৰ্ডছ লাইফ ইণ্টাৰনেচনেল, নেচনেল বাৰ্ডছ অৱ প্ৰে’ ট্ৰাষ্ট আদি বিশ্বৰ আগশাৰীৰ দেশসমূহৰ আন্তঃৰাষ্ট্ৰীয় সংগঠন সমূহে। সংগঠন কেইটাৰ অৰ্থ সাহাৰ্যত ভাৰত চৰকাৰৰ বন আৰু পৰিৱেশ মন্ত্ৰনালয়ে ‘ব’ম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটি’ৰ সহযোগত দেশৰ বিভিন্ন ৰাজ্যত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰ (Vulture Conservation and Breeding Centre) গঢ়ি তুলিছে। 

উল্লেখযোগ্য যে, শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰ এটা আমাৰ ৰাজ্যখনতো স্থাপন কৰিছে। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ বেলগুৰি গাঁৱত স্থাপন কৰা এই কেন্দ্ৰটো দেশৰ ভিতৰত তৃতীয় সংখ্যক আৰু ৰাজ্যখনৰ বাবে প্ৰথম। গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় বিমানকোঠৰ পৰা ১৬ কিলোমিটাৰ আৰু ৰাণীৰ পৰা ইয়াৰ দূৰত্ব ৫ কিলোমিটাৰ। ইতিমধ্যে হাৰিয়ানাৰ পিঞ্জৰ আৰু পশ্চিম বংগৰ বাস্কাত একোটাকৈ কৃত্ৰিম প্ৰজনন কেন্দ্ৰ স্থাপন হৈছে। ব’ম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটি আৰু অসম চৰকাৰৰ বন বিভাগৰ সৈতে যুটীয়াভাৱে পৰিচালিত শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰটো ২০০৭ চনত স্থাপন কৰা হয়। এই কেন্দ্ৰটো ব’ম্বে নেচাৰেল হিষ্ট্ৰী ছ’চাইটি আৰু অসম চৰকাৰৰ এক যুটীয়া প্ৰকল্প। কেন্দ্ৰটোৰ আৰম্ভণিত পাতি শগুণ (ব’গা পিঠিয়া), লাহী ঠুঁটীয়া এই দুই প্ৰজাতিৰ ৪০টা শগুণ ৰাখি আৱদ্ধ প্ৰজনন কৰিছিল। বৰ্তমান কেন্দ্ৰটোত শগুণৰ সংখ্যা ৬শ টালৈ বৃদ্ধি পাইছে। এই তথ্য ব্যক্ত কৰে কেন্দ্ৰটোৰ মুখ্য বিজ্ঞানী শচীন ৰাণাডে।  

আজিৰ সমাজ প্ৰযুক্তি–বিদ্যাৰ সমাজ। কিন্তু প্ৰযুক্তিৰ সহায়ত উচ্চ শিখৰ বগাবলৈ সক্ষম হোৱা সমাজখনত অন্ধ বিশ্বাসেও কটকটীয়াভাৱে খোপনি পুতিছে। মানুহ যিমান উচ্চ শিক্ষাৰে শিক্ষিত হৈছে সমান্তৰালভাৱে অন্ধ বিশ্বাসৰ প্ৰতিও দূৰ্বলতা বাঢ়িছে। দেখাত সকলো মানুহেই অন্ধ বিশ্বাসক বিৰোধ কৰে যদিও বাস্তৱত এখন ওলোটা ছবিহে প্ৰতিফলিত হয়। অন্ধ বিশ্বাসৰ প্ৰতি আকৃষ্ট লোকৰ সংখ্যা দিনক দিনে যি হাৰত বাঢ়িবলৈ ধৰিছে ই সভ্য সমাজখনৰ বাবেই এক চিন্তনীয় বিষয়। মানুহৰ মাজত শিপাই থকা অন্ধ বিশ্বাসৰ ধ্যান–ধাৰণাই বহু সময়ত শগুণৰ বিপদ চপাইছে। শগুণৰ বমি, নখ, ঠোঁট, আঙুলি, পাখি, বুকুৰ নোম আদিৰে হেনো মানুহৰ অভিলাষা পুৰণ হয়। আজিৰ সমাজখনত এইবোৰ ধ্যান–ধাৰণা বিশ্বাস কৰা মানুহৰ সংখ্যা তাকৰ নহয়। মানুহৰ মনৰ কামনা–বাসনা, উচ্চ অভিলাস পুৰণ কৰিবলৈ এতিয়াও বন্যপ্ৰাণী হত্যা কৰি থকাটো মিছা নহয়। বন্যপ্ৰাণীৰ অংগ–প্ৰত্যংগৰ এখন বিশাল চোৰাং বজাৰ আছে। য’ত বজাৰখনে স্থানীয় পৰ্যায়ৰ পৰা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈকে বিয়পি আছে। বন্যপ্ৰাণীৰ অংগ–প্ৰত্যংগ বিচাৰি আজিও এচাম মানুহে বলিয়াৰ দৰে ঘূৰি ফুৰিছে।

গভীৰ হাবি–জংঘল শগুণৰ বাবে প্ৰিয় বাসস্থান নহয়। শগুণে সদায় মানুহৰ আশে–পাশে থাকি ভাল পায়। সেয়ে মানুহৰ বাসস্থানৰ ওচৰে–পাজৰে থকা শিমলু, কদম, বট, আঁহত, ছটিয়ানা আদি ওখ–ওখ গছবোৰত বাঁহ সাঁজি পোৱালি জোগায়। কিন্তু গাঁৱতেই হওক অথবা চহৰতেই হওক বিভিন্ন কাৰণত এনে গছবোৰ ধ্বংস হৈ গৈছে। ইপিনে, চহৰ–নগৰ সমূহত দিনক দিনে জনসংখ্যাৰ বিস্ফোৰণ ঘটাৰ ফলত ওখ গছ–গছনি ৰোপনৰ বাবে মুকলি ঠাইৰ অভাৱ ঘটিছে। মুকলি ঠাইৰ অভাৱে ওখ গছ–গছনি ৰোপনৰ বাবে যথেষ্ট অসুবিধাৰো সৃষ্টি কৰিছে। বিপৰীতে, গ্ৰামাঞ্চলত এতিয়াও মুকলি ঠাইৰ অভাৱ ঘটা নাই। কিন্তু এইবোৰ গছ–গছনি ৰোপনৰ বাবে আগ্ৰহীলোকহে নাই। অধিক হাৰত ওখ ওখ গছ–গছনি ৰোপনৰ আঁচনি এখন যদি গাঁও অঞ্চলত জনপ্ৰিয় কৰি তুলিবপৰা যায় তেনেহ’লে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষাৰ ক্ষেত্ৰত বহুগুণে ফলপ্ৰসু হ’ব। তাৰবাবে সংশ্লিষ্ট বিভাগ, জনসাধাৰণ উভয়ৰে সততা, নিষ্ঠা আৰু সদিচ্ছাৰ প্ৰয়োজন হ’ব। বাঁহ সাজিবৰ বাবে শিমলু, কদম, আঁহত, বট, ছটিয়ানা আদি ওখ গছ–গছনি ৰোপনেৰে শগুণৰ বাসস্থানৰ বাবে উপযুক্ত পৰিৱেশ সৃষ্টি কৰিব পাৰিলে আশীৰ দশকৰ সেই অৱস্থা পুনৰ ঘূৰাই আনিবলৈ বেছিদিন নালাগিব। আজি চাৰি বছৰ আগৰ কথা। অসমত শগুণ হত্যাত জড়িত এগৰাকী ব্যক্তিক আদালতে এক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিছিল। কামৰূপ জিলাৰ কমলপুৰৰ ব্যক্তি এগৰাকীয়ে ২৮ দিনকৈ কাৰাবাসত কটোৱাৰ পিছত চৰ্ত সাপেক্ষেহে মুকলি আকাশৰ তললৈ আহিছিল। এই ব্যক্তিগৰাকীক গুৱাহাটী উচ্চ ন্যায়ালয়ে শাস্তিৰ ৰায় হিচাপে ২৫জোপাকৈ গছ ৰোপন কৰি লালন–পালনৰ আদেশ প্ৰদান কৰিছে। গছ ৰোপনতে দায়িত্ব শেষ নহ’ব ইয়াৰ অগ্ৰগতিৰ খতিয়ানো সময়ে সময়ে ন্যায়ালয়ক প্ৰদান কৰিব লাগিব। যিয়েই নহওক বন্যপ্ৰাণী হত্যাত জড়িতসকলৰ শাস্তিৰ বিধান কঠোৰ হ’বই লাগিব। লগতে দেশৰ উচ্চতম ন্যায়ালয়ে ১৯৯৬ গছ কটাত যি নিষেধাজ্ঞা আৰোপ কৰিছিল তাকো কটকটীয়াভাৱে প্ৰয়োগ কৰিব লাগিব। 

প্ৰতি বছৰে বিশ্ব আৰ্দ্ৰভূমি দিৱস, বিশ্ব বন দিৱস, বিশ্ব পৰিবেশ দিৱস, বিশ্ব বন্যপ্ৰাণী সপ্তাহ পালনৰ নামত ৰাজ্যৰ বন বিভাগে লাখ লাখ টকা ব্যয় কৰি আহিছে। কিন্তু বাস্তৱত এই দিৱসবোৰৰ তাৎপৰ্য, দায়িত্ব, মেল–মিটিং, গছ–গছনিৰ পুলি বিতৰণ, বিল–জলাশয়ত মাছ–কাছ মেলি দিয়াতে সীমাবদ্ধ থাকি গ’ল। এই দিৱসবোৰৰ পৰা ৰাইজ, প্ৰকৃতি কেনেদৰে উপকৃত হৈছে তাৰ উদাহৰণ বিচাৰি পোৱাটোৱেই জটিল। ভাবিলে এনে লাগে যে অধিক সময় নিতাল মাৰি থকা মানুহবোৰ এই দিৱস উপলক্ষতহে যেন প্ৰকৃতি সংৰক্ষণৰ প্ৰতি সাৰ পাই উঠে। চৰকাৰে প্ৰতিটো বছৰতে এই দিৱসবোৰ ধুমধামেৰে আয়োজন কৰি আহিছে যদিও প্ৰকৃতি সংৰক্ষণৰ প্ৰতি আগ্ৰহী মানুহৰ সংখ্যা বঢ়া দেখা নাই। আচলতে মানুহবোৰৰ আগ্ৰহ বঢ়া নাই নে মানুহবোৰক আগ্ৰহী কৰি তুলিব পৰা নাই? সেইটোহে আজিৰ তাৰিখত এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। বিপদাপন্ন শগুণ সংৰক্ষণ আৰু আৱদ্ধ প্ৰজননৰ বাবে ২০০৭ চনতেই স্থাপন কৰা ৰাণীৰ বেলগুৰিত থকা কেন্দ্ৰটোক ৰাইজে যিধৰণে জানি–বুজি উঠিব লাগিছিল সেই ধৰণে উঠিবপৰা নাই। গতিকে ৰাইজ, শিক্ষানুষ্ঠান, চৰকাৰী, বেচৰকাৰী অনুষ্ঠান–প্ৰতিষ্ঠানকো প্ৰকৃতি সংৰক্ষণ আন্দোলনৰ সৈতে জড়িত কৰি ল’ব লাগিব। এয়াও চৰকাৰৰে দায়িত্ব। এইক্ষেত্ৰত চৰকাৰে নিজে আগবাঢ়িব লাগিব নহ’লে কোনো আগ্ৰহী ব্যক্তি, সংস্থাক পূৰ্ণ সহযোগ আগবঢ়াব লাগিব। চৰকাৰৰ গুৰুত্ব অবিহনে এই আন্দোলনবোৰৰ পৰিসৰ পোষ্টাৰ, বেনাৰতে সীমাবদ্ধ থাকিব। সমাজত সচেতন মানুহৰ সংখ্যা বৃদ্ধি নহ’লে কোটি কোটি টকা খৰচ কৰি শগুণৰ আৱদ্ধ প্ৰজননৰ অৰ্থ নাথাকিব। যেতিয়ালৈকে সাধাৰণ জনতাক সজাগ–সচেতন কৰি তুলিব পৰা নাযায় তেতিয়ালৈকে মৰাশত কীটনাশক মিহলোৱা কাৰবাৰবোৰ চলিয়েই থাকিব। আৰু সেই মৰাশবোৰ ভক্ষণ কৰি কোটি কোটি টকা ব্যয়েৰে প্ৰজনন বৃদ্ধি কৰা আপুৰুগীয়া শগুণবোৰৰ মৃত্যু ঘটিব। সেয়ে কৃত্ৰিমভাৱে প্ৰজনন কৰি শগুণৰ সংখ্যা বৃদ্ধি কৰিলেই নহ’ব, শগুণবোৰে নিৰাপদে চলাচল কৰিবপৰাকৈ প্ৰাকৃতিকভাৱে বাসস্থানৰ ব্যৱস্থাও গঢ়ি তুলিব লাগিব। প্ৰাকৃতিক সম্পদবোৰ নিজৰ বুলি যেতিয়ালৈকে মানুহৰ মনত চিন্তা এটা সোমাই দিব পৰা নাযায় তেতিয়ালৈকে ৰাইজৰ সমৰ্থন লাভ কৰিব পৰা নাযাব। অপ্ৰিয় হ’লেও স্বীকাৰ কৰিবই লাগিব মানুহৰ চিন্তা–চেতনাবোৰ যদি উন্নত নহয়, তেনেহ’লে কটকটীয়া আইন ৰূপায়ণ কৰিলেও ইয়াৰ পৰা সুফল আশা কৰিব নোৱাৰি। যোৱা ১৭ মাৰ্চত ছয়গাঁৱৰ মিলনপুৰত মৃত ছাগলী ভক্ষণ কৰি অসুস্থ হৈ পৰা শগুণবোৰক উদ্ধাৰ কৰি ৰাণীৰ বেলগুৰিৰ শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ আৰোগ্য কক্ষত আনি চিকিৎসা কৰিছিল। আৰোগ্য লাভকৰা ১৪টা হিমালয়ান গ্ৰিফ’ন আৰু ১টা ষ্টেপ ঈগল যোৱা ৩১ মাৰ্চত মুকলি আকাশত এৰি দিয়া হয়। এই উপলক্ষে কেন্দ্ৰটোৰ মুখ্য বিজ্ঞানী শচীন ৰাণাডেৰ তত্বাৱধানত ৰাণী আৰু কুলশীৰ বনাঞ্চলিক বিষয়াদ্বয়ৰ উপস্থিতিত এক অনুস্তুপীয়া কাৰ্যসূচী আয়োজন কৰা হৈছিল। বন বিভাগে এই অনুস্তুপীয়া কাৰ্যসূচীটোক শগুণ সংৰক্ষণ আৰু  উপকাৰীতা সম্পৰ্কে এক সজাগতামূলক সভা ৰাজহুৱাকৈ আয়োজনৰ সুবিধাকণ ল’ব পাৰিলেহেতেন। যিয়েই নহওক চৰকাৰ তথা বন বিভাগে সজাগতা অভিযানবোৰ অধিক জনমুখী কৰি তুলিবই লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward