Friday, March 29, 2024
Homeবাতৰিঅসমত বিনিয়োগকাৰীক আকৰ্ষণৰ লক্ষ্যঃ ৰাষ্ট্ৰীয় ঘাইপথৰ ৮০ কিঃ মিঃ অঞ্চলত নিৰ্মাণ হ’ব...

অসমত বিনিয়োগকাৰীক আকৰ্ষণৰ লক্ষ্যঃ ৰাষ্ট্ৰীয় ঘাইপথৰ ৮০ কিঃ মিঃ অঞ্চলত নিৰ্মাণ হ’ব বিশেষ ঔদ্যোগিক ক্ষেত্ৰ

প্ৰকাশিত তাৰিখঃ ১৮ ডিচেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

গুৱাহাটীক আছিয়ান আৰু চুবুৰীয়া ৰাষ্ট্ৰসমূহৰ প্ৰৱেশপথ লগতে বিনিয়োগ কেন্দ্ৰৰূপে গঢ়ি তুলিবলৈ ৰাজ্য চৰকাৰে এক বিশেষ পৰিকল্পনা যুগুত কৰি উলিয়াইছে। ঔদ্যোগিক ক্ষেত্ৰত বিনিয়োগকাৰীসকলক উৎসাহিত কৰি তোলাৰ বাবে ৰাজ্যখনত ঔদ্যোগিক নীতি প্ৰস্তুত কৰি আছে। তাৰেই ফলস্বৰূপে গুৱাহাটী মহানগৰীৰ পৰা টিহুলৈকে ৮০ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে এক বিশেষ ঔদ্যোগিক এলেকাৰূপে গঢ়ি তুলিব।

উল্লেখযোগ্য যে যোৱা ১৫ ডিচেম্বৰত অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নতুন দিল্লীৰ পঞ্চতাৰকা হোটেল ক্লেৰিজেছত আছিয়ান ৰাষ্ট্ৰগোটৰ বাদেও বাংলাদেশ, আফগানিস্তান, কাজাখাস্তান, জাৰ্মানী, নৰৱে’, ছুইডেন, ৰোমানিয়া,  ইজৰাইল, তুৰ্কি, ছিৰিয়া, শ্লোভানিয়া আদিকৰি কেইবাখনো দেশৰ ৰাষ্ট্ৰদূতসকলৰ লগত এক বিশেষ বৈঠকত মিলিত হয়। উক্ত শীৰ্ষ বৈঠকৰ অন্তত বিমান পৰিবহন প্ৰতিষ্ঠানৰ প্ৰতিনিধিবৰ্গৰ সৈতে পুনৰ এক বৈঠকত মিলিত হয়। এই বৈঠকৰ শেষত মুখ্যমন্ত্ৰীগৰাকীয়ে এখন সংবাদমেল সম্বোধন কৰি কয়– অহা ফেব্ৰুৱাৰী মাহত দিল্লীত অনুষ্ঠিত হ’ব ‘এডভাণ্টেজ আছাম’ শীৰ্ষক বিশ্ব বিনিয়োগকাৰী শীৰ্ষ সন্মিলন। এই শীৰ্ষ সন্মিলনৰ পিছতেই অসমৰ ৰূপ সলনি হৈ যাব। বিনিয়োগৰ প্ৰচুৰ সম্ভাৱনা থকা অসমত উদ্যোগ স্থাপন কৰিবলৈ উদ্যোগপতিসকলক সকলো প্ৰকাৰৰ সুবিধা প্ৰদান কৰা হ’ব। বিশ্ব বিনিয়োগকাৰী সন্মিলন সন্দৰ্ভত ৰাজ্য চৰকাৰে দেশ–বিদেশজুৰি প্ৰচাৰ চলাইছে।

বিগত বৰ্ষত ৰাজ্যখনত ৬,৫০০ কোটি টকা বিনিয়োগ হৈছে। গুৱাহাটীক কেন্দ্ৰ কৰি ৰাজ্যৰ চৌপাশত বিনিয়োগৰ সম্ভাৱনা আছে। বিশ্ব বিনিয়োগকাৰী সন্মিলনে দেশৰ লগতে বিশ্বৰ মানচিত্ৰত গুৱাহাটীক এক সুকীয়া স্থান প্ৰদান কৰিব। কেন্দ্ৰীয় বৈদেশিক প্ৰৰিক্ৰমা দপ্তৰৰ বিবেচনাধীন হৈ থকা দক্ষিণ–পূব এছিয়া সংযোগী ষ্টীলৱেল পথটো পুনৰ মুকলিৰ বাবে ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

উল্লখনীয় যে কেন্দ্ৰৰ উত্তৰ–পূব বিনিয়োগ নীতিৰ অভাৱ পূৰাবলৈ সমৰ্থ হ’ব ৰাজ্যিক ঔদ্যোগিক নীতিয়ে। সেয়ে কেন্দ্ৰীয় চৰকাৰৰ উত্তৰ–পূব ঔদ্যোগিক আৰু বিনিয়োজন নীতিৰ খচৰা অধ্যয়ন কৰিহে ৰাজ্যিক ঔদ্যোগিক বিনিয়োজন নীতি প্ৰস্তুত কৰা হ’ব। সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেখেতে কয়– সম্প্ৰতি বৰাক নদীত খননকাৰ্যৰ কাম আৰম্ভ হৈছে অতি সোণকালে ব্ৰহ্মপুত্ৰৰ খননকাৰ্যৰ কাম আৰম্ভ কৰি অহা বছৰত সমাপ্ত কৰা হ’ব।

অসম চৰকাৰে আৰম্ভ কৰা ‘এডভাণ্টেজ আছাম’ শীৰ্ষক বৈঠকত উপস্থিত থকা বিদেশী ৰাষ্ট্ৰদূত সকলক অসমত বিনিয়োগ কৰাৰ লগতে অহা ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’বলগীয়া বিশ্ব বিনিয়োজন সন্মিলনত অংশ গ্ৰহণ কৰিবলৈ নিমন্ত্ৰণ জনায়। উক্ত বৈঠকত ৰাজ্যৰ বাণিজ্য আৰু উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্য সচিব ভি কে পিপাৰচেনিয়া, বাণিজ্য আৰু উদ্যোগ বিভাগৰ সচিব ৰবি কাপুৰ উপস্থিত থাকে। বৈঠকত উদ্যোগমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে ৰাজ্যত এটা ভূমি বেংক আৰম্ভ কৰা বুলি প্ৰকাশ কৰে। সম্প্ৰতি এই বেংকৰ অধীনত ৮০ কিলোমিটাৰ এলেকাত ঔদ্যোগিক ক্ষেত্ৰৰূপে গঢ়ি তোলাৰ প্ৰস্তুতি চলোৱা বুলি উল্লেখ কৰে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward