Friday, April 26, 2024
HomeUncategorizedঅসমীয়াৰ ঐতিহ্য বাহক ফুলাম গামোচা জি আই মৰ্যাদা লাভৰ পৰা বঞ্চিত

অসমীয়াৰ ঐতিহ্য বাহক ফুলাম গামোচা জি আই মৰ্যাদা লাভৰ পৰা বঞ্চিত

প্ৰকাশিত তাৰিখঃ ৩১ আগষ্ট, ২০২০

চি এন ডেস্ক

ৰাজ্য চৰকাৰৰ দুই প্ৰতিষ্ঠান অসম কৃষি বিশ্ববিদ্যালয় আৰু অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগৰ মাজত টনা–আঁজোৰা। এই টনা–আঁজোৰাৰ বাবে অসমীয়াৰ ঐতিহ্য বাহক ফুলাম গামোচাই ভৌগোলিক বৈশিষ্ট্যসূচক লেবেল (জি আই টেগ)ৰ পৰা বঞ্চিত হ’বলগীয়া হ’ল। ফুলাম গামোচাৰ জি আই টেগ বিচাৰি গোলাঘাট জিলাৰ এক বেচৰকাৰী প্ৰতিষ্ঠানে আবেদন কৰিছিল। জিলাখনৰ ইনষ্টিটিউট অব হে্ণ্ডিক্ৰাফ্ট ডেভেল’পমেণ্ট নামৰ সংস্থাটোৱে যোৱা ২০১৬ চনত চেন্নাইস্থিত কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ জিঅ’গ্রাফিকেল ইণ্ডিকেশ্যন ৰেজিষ্ট্রিত আবেদন কৰিছিল।

চেন্নাইস্থিত কাৰ্যালয়ে জি আই টেগ পঞ্জীয়ন আৰু সংৰক্ষণ নীতি–নিয়ম অনুযায়ী সকলোবোৰ কাৰ্যসমাপনৰ পাছত ২০১৯ চনৰ ২৪ অক্টোবৰত ইণ্ডিকেশ্যন জাৰ্ণেলত গামোচা সম্পৰ্কে সবিশেষ তথ্য প্ৰকাশ কৰিছিল। নিয়ম অনুসৰি তিনি মাহৰ ভিতৰত এই সম্পৰ্কত ওজৰ–আপত্তি দৰ্শাব পাৰে। ওজৰ–আপত্তি নাথাকিলে আবেদনকাৰীয়ে জি আই টেগ লাভৰ বাবে যোগ্যতা অৰ্জন কৰে। উল্লেখ্য যে, ফুলাম গামোচাৰ জি আই টেগ পঞ্জীয়নৰ ক্ষেত্ৰত বেচৰকাৰী সংস্থাটোক অসম কৃষি বিশ্ববিদ্যালয়ে সকলো প্ৰকাৰৰ সহায় সহযোগিতা আগবঢ়াইছিল।

এই সন্দৰ্ভত, অসম হস্ততাঁত আৰু বস্ত্রশিল্প বিভাগ, অসম বিজ্ঞান–প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদ, পেটেণ্ট ইনফৰ্মেশ্যন চেণ্টাৰে আপত্তি দৰ্শাই সুকীয়া সুকীয়াকৈ জি আই টেগ পঞ্জীয়ন বিভাগলৈ পত্ৰ প্ৰেৰণ কৰে। কিয়নো কৃষি বিশ্ববিদ্যালয়ে অসমীয়া গামোচা নহয় অকল ফুলাম গামোচাৰ জি আই টেগ বিচাৰিহে আবেদন কৰিছে। সেয়ে অসম কৃষি বিশ্ববিদ্যালয়ৰ আবেদনখন ত্ৰুতিপূৰ্ণ বুলি তিনিওটা প্ৰতিষ্ঠানে অভিযোগ কৰিছে।

ইপিনে, গামোচাক লৈ টনা–আঁজোৰা কৰি থকাৰ সময়তে ৰাজ্যখনলৈ দুটা ভাল খবৰ আহিছে। অসমৰ চকোৱা চাউল আৰু কাজিনেমুই জি আই মৰ্যাদা লাভ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে অসমৰ জহা চাউলে জি আই মৰ্যাদা লাভ কৰিছে। জহা চাউলৰ পিছতে চকোৱা চাউল আৰু কাজিনেমু অসমৰ স্থাণীয় সম্পদ হৈ পৰিল।

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward