Saturday, April 20, 2024
Homeবাতৰিঅসমৰ পাঠ্যপুথিত জি এছ টিক অন্তৰ্ভূক্ত

অসমৰ পাঠ্যপুথিত জি এছ টিক অন্তৰ্ভূক্ত

প্ৰকাশিত তাৰিখঃ ২০ নৱেম্বৰ’ ২০১৭

চানডুবি নিউজ ডেক্স –

অসমত এতিয়া উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ–ছাত্ৰীসকলে জি এছ টি সম্বন্ধে অধ্যয়ন কৰিব লাগিব। কিয়নো অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে দ্বাদশ শ্ৰেণীত জি এছ টিক এক পাঠ্যক্ৰম হিচাপে অন্তৰ্ভূক্ত কৰিছে। জি এছ টি প্ৰৱৰ্তনৰ ছমাহ অতিক্ৰম কৰা নাই যদিও অসমত কিন্তু জি এছ টিয়ে পাঠ্যক্ৰমৰ অন্তৰ্ভূক্ত হ’ল। সেয়ে জি এছ টিক পাঠ্যক্ৰমত অন্তৰ্ভূক্ত কৰা দেশৰ ভিতৰত প্ৰথম ৰাজ্য অসম।

উল্লেখ্য যে জি এছ টি বিষয়ৰ পাঠ্যক্ৰমটো ড হিৰণ্য কুমাৰ নাথে প্ৰস্তুত কৰি দিয়া বুলি অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ সচিব কমল গগৈয়ে প্ৰকাশ কৰে। জি এছ টি সম্বন্ধে চলিত বৰ্ষৰ পৰাই ছাত্ৰ–ছাত্ৰীসকলে শ্ৰেণীত পঢ়াৰ লগতে ৫–১০ নম্বৰৰ প্ৰশ্নৰ উত্তৰ কৰিব লাগিব বুলিও সচিব গৰাকীয়ে সদৰী কৰে।        

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward