Friday, March 29, 2024
Homeবাতৰিঅসম–অৰুণাচল সীমান্তৰ ডেংকাবস্তিত আধাৰশিলা স্থাপনঃ প্ৰতিবাদত সেও মানিলে অৰুণাচল

অসম–অৰুণাচল সীমান্তৰ ডেংকাবস্তিত আধাৰশিলা স্থাপনঃ প্ৰতিবাদত সেও মানিলে অৰুণাচল

প্ৰকাশিত তাৰিখঃ ২৩ জুলাই’ ২০১৮  

চি এন ডেক্স

অসম–অৰুণাচল সীমান্তৰ ডেংকাবস্তিত যোৱা ১৬ জুলাইত অসমৰ চৰকাৰৰ বাধা সত্বেও অৰুণাচল প্ৰদেশ চৰকাৰে মুখ্যমন্ত্ৰী গ্ৰাম যোজনা আঁচনিৰ অধীনত মডেল ভিলেজৰ আধাৰশিলা স্থাপন কৰে। অৰুণাচলে জোৰজোৱস্তি আধাৰশিলা স্থাপন কৰা ঘটনাই অঞ্চলটোত এক তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। এই বিষয়টোৱে অসম চৰকাৰৰ মাজতো প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

ডেংকাবস্তি হ’ল লক্ষীমপুৰ জিলাৰ হাৰমতী বনাঞ্চলিক কাৰ্যালয়ৰ অধীনৰ ৰঙা সংৰক্ষিত বনাঞ্চল কাছজুলি খণ্ড বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত। ডেংকাবস্তিত অৰুণাচলীয়ে চলাই থকা বেদখল অনুসন্ধানৰ বাবে যোৱা ১৬ জুলাইত হাৰমতী আঞ্চলিক বন বিষয়া প্ৰাঞ্জল কাকতী আৰু কাছজুলি খণ্ড বন বিষয়া ৰাতুল মহন্তৰ নেতৃত্বত বন বিভাগৰ এটা বৃহৎ দলে যাত্ৰা কৰে। কিন্তু অসমৰ অনুসন্ধানকাৰী দলটোক অস্ত্ৰ–শস্ত্ৰৰে সজ্জিত অৰুণাচলীলোকে আগুৰি ধৰি অপদস্থ কৰাৰ লগতে ঘটনাসন্দৰ্ভত বন বিষয়াজনে ম’বাইলত আবদ্ধ কৰা গুৰুত্বপূৰ্ণ ফটোসমূহ ডিলিট কৰিবলৈও বাধ্য কৰোৱায়। অসম চৰকাৰৰ শীৰ্ষ বিষয়াৰ নিৰ্দেশমৰ্মে কোনো ধৰণৰ আৰ্মড ফ’ৰ্চ নোলোৱাকৈ যোৱা অসমৰ দলটো অৰুণাচলীৰ ভাবুকিত সেই স্থান পৰিত্যাগ কৰিবলৈ বাধ্য হয়।

ইপিনে ঘটনা সন্দৰ্ভত জ্ঞাত হোৱাৰ পিচত লক্ষীমপুৰ জিলাৰ উপায়ুক্ত, জিলা বন প্রাধিকাৰী আৰু লালুক থানাৰ আৰক্ষী বিষয়া, বিহপুৰীয়া খণ্ড বন বিষয়া গোপী চেত্রী, বগলী খণ্ড বন বিষয়া যুগল শৰ্মা, ৰামপুৰ খণ্ড বন বিষয়া বনমালী নৰহ সহ এটা বৃহৎ দল ডেংকাবস্তিলৈ যাত্ৰা কৰে। কিন্তু অৰুণাচলীৰ বেদখলৰ বিৰুদ্ধে কোনো পদক্ষেপ ল’বলৈ সক্ষম নহ’ল অসমৰ দলটো।

আনহাতে, আধাৰশিলা কাৰ্যসূচীত ভাগ ল’বলৈ অহা অৰুণাচল প্ৰদেশৰ পৰিবেশ, বন আৰু ভূমি ব্যৱস্থাপনা বিভাগৰ মন্ত্ৰী নবাম ৰেবিয়া আৰু পাপুমপাৰে জিলাৰ উপায়ুক্ত জৰাম বিডক যাত্ৰাপথত লালুক থানাৰ আৰক্ষীয়ে এঘণ্টাৰো অধিক সময় আবদ্ধ কৰি ৰাখে। লক্ষীমপুৰ জিলাৰ উপায়ুক্ত, অতিৰিক্ত আৰক্ষী অধীক্ষক উপস্থিতিত অৰুণাচলৰ মন্ত্ৰী আৰু পাপুমপাৰে জিলাৰ উপায়ুক্তৰ সৈতে এক আলোচনাত মিলিত হৈ আধাৰশিলা স্থাপন ক্ষেত্ৰলৈ যোৱাৰ অনুমতি দিয়ে। শেষত মন্ত্ৰীগৰাকীয়ে অসমৰ ডেংকাবস্তিত আধাৰশিলা স্থাপন কৰিবলৈ সক্ষম হয়। অৰুণাচলে স্থাপন কৰা আধাৰশিলা লক্ষীমপুৰ জিলা প্ৰশাসনে ততালিকে ভাঙি পেলাবলৈ তৎপৰ হয় যদিও অঞ্চলটোৰ পৰিবেশ–পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেই কাম স্থগিত ৰাখে।

অৰুণাচল চৰকাৰৰ প্ৰত্যক্ষ সহযোগত দীৰ্ঘদিনৰ পৰাই অসমৰ ডেংকাবস্তিত বেদখল চলাই আহিছে। অঞ্চলটোত বিদ্যালয়, গীৰ্জা সাজি নিগাজী হোৱাৰ লগতে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা আহি সেই অঞ্চলত স্থায়ী বাসগৃহ সাজি থকাৰ সুবিধা প্ৰদান কৰিছে।

ইপিনে অসমৰ ডেংকাবস্তিত অৰুণাচলে আধাৰশিলা স্থাপনৰ সংবাদ বিয়পি পৰাৰ লগে লগে স্থানীয় সংগঠনসমূহে প্ৰতিবাদমুখৰ হৈ পৰে। অসমৰ প্ৰতিবাদত নতশিৰ হৈ অৰুণাচলে নিজে স্থাপন কৰা আধাৰশিলা নিজে ভাঙি পেলাবলৈ বাধ্য হয়। আধাৰশিলা ভাঙি পেলালেও অৰুণাচলীয়ে দখল কৰি থকা বৃহৎ পৰিমাণৰ খেতি মাটি কোনো কাৰণতে তেওঁলোকে এৰি নিদিয়াৰ সংকল্প লোৱা বুলি জানিব পৰা গৈছে।   

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward