Wednesday, April 24, 2024
HomeARTICLEআৰু মেচেজ নকৰিব

আৰু মেচেজ নকৰিব

প্ৰকাশিত তাৰিখঃ ২৭ জুলাই, ২০২০

খণ্ড বাৰ        

সীমান্ত কাকতি

অনুপমাই বিয়া হৈ এনে এটা পৰিয়াল পাব বুলি আগতে ভবাই নাছিল। সকলোফালৰ পৰাই তাই সুখী। এইধৰণৰ জীৱন পৰিক্ৰমাৰ সকলোৰে সৌভাগ্যত নঘটে। হঠাতে বিয়া নহৈ আৰু পঢ়াৰ যি বাসনা আছিল, তাক লৈ যেন তাইৰ এতিয়া অকনো আক্ষেপ নাই। ঘৰতেই জ্ঞান অৰ্জনৰ সকলো সুবিধা সত্যৰঞ্জনে কৰি দিছে। ফেচবুকত লিখা–মেলা হোৱাৰে পৰা তাইৰ সাহিত্য যাত্ৰা লেখত ল’ৱলগীয়া হৈ পৰে। তাইৰ লেখা পঢ়ি বহু পাঠক অনুপ্ৰাণিত যদিও সেই মানুহজনক তাইৰ লেখাৰে অনুপ্ৰাণিত কৰিব পৰা নাছিল। তেওঁ প্ৰথমৰ পৰাই অনুপমাৰ লেখাৰ ওপৰত সমালোচনা দাঙি ধৰিছিল, তাইৰ জীৱনবোধৰ ভুল ক্ৰটি দেখুওৱাৰ মাজেদি। প্ৰথমতে তেওঁৰ কথাবোৰ তাই সহ্য কৰিব পৰা নাছিল যদিও দিন যোৱাৰ লগে লগে তেওঁৰ অৰ্থগভীৰ কথাবোৰেই তাইৰ মন প্ৰাণ সজীৱ কৰি তুলিছিল। তেৱেঁই প্ৰশ্ন তুলিছিল সাহিত্য কি, কিয় আৰু কাৰ বাবে? মানূহজনৰ এই প্ৰশ্নই অনুপমাক পোন প্ৰথমবাৰৰ বাবে ভাবিবলৈ বাধ্য কৰিছিল তাই যি সাহিত্য কৰিছে সেয়া প্ৰকৃততে সাহিত্য নহয় নেকি? আচলতে এই মানুহজনে তাইক এখন নতুন পৃথিৱীৰ সন্ধান দিছিল। যাৰ বাবে তাই দৰ্শন বিষয়ক কথাবোৰৰ মাজত সোমাই পৰিল।

ছক্ৰেটিছ, এৰিষ্ট’টল, প্লেট’ৰ দৰে দাৰ্শনিকে এখন ৰাষ্ট্ৰ ভৱিষ্যতে কি হোৱা উচিত, জনগণৰ তাত ভূমিকা কি, এইধৰণৰ নানা কথাৰ প্ৰশ্নৰ প্ৰতি উত্তৰৰ মাজেৰে অনুপমাই নভবা পৃথিবী এখন স্পৰ্শ কৰিলে। এই দাৰ্শনিক যাত্ৰাৰেও কিন্তু মানুহে ইপ্সিত জ্ঞান আধৰুৱা হৈ পৰাৰ বাবে ন ন চিন্তাৰ আলোক যাত্ৰা আৰম্ভ হৈছিল। এই সমষ্ট ধাৰণাৰ পৰা দুটা দিশ স্পষ্ট হৈছিল যে মানুহে দুই ধৰণৰ প্ৰক্ৰিয়াৰ দ্বাৰা এই ধাৰা বহন কৰি আহিছে। এটা ভাববাদী চিন্তা আৰু এটা বস্তুবাদী চিন্তা। জ্ঞান–বিজ্ঞানৰ চৰ্চা বৃদ্ধি পাবলৈ ধৰাত বস্তুবাদী চিন্তাই মানুহৰ মনত ক্ৰিয়া কৰিবলৈ ধৰে। ঈশ্বৰ সম্বন্ধীয় কথাবোৰেৰে ভাববাদীসকলক ইতিমধ্যেই প্ৰতিষ্ঠিত কৰিছিল যদিও বস্তুবাদী ধাৰণাই পৃথিবীত বিস্তৃতি লাভ কৰাত দুয়ো চিন্তাৰ মাজত এক স্বাভাৱিক দ্বন্দই ঠাই পায় আৰু চিন্তাৰ বিকাশৰ ক্ষেত্ৰত এক নতুনত্বই মানুহক আকৰ্ষিত কৰি তোলে। কোনো এক সিন্ধান্ত গ্ৰহণৰ বেলিকা থেচিচ এণ্টিথেচিচ চিনথেচিচ পদ্ধতিৰে আগবঢ়াৰ দাৰ্শনিক হেগেলৰ যি সূত্ৰ তাক সেই সময়ৰ দাৰ্শনিকসকলে আগ্ৰহেৰে আদৰণি জনালে। কিন্তু মাৰ্ক্সে তেওঁৰ কোনো সিন্ধান্ত গ্ৰহণৰ পূৰ্ব পদ্ধতিবোৰ আকৰ্ষিত হৈও কেৱল ভাববাদী দৰ্শনৰ বাবেই প্ৰত্যখ্যান কৰি জ্ঞান বিজ্ঞানৰ আশ্ৰয়ত তেওঁ সমাজ বিজ্ঞানৰ এটাৰ পিছত আন এটা সূত্ৰ উপস্থাপন কৰিবলৈ ধৰে।

 

লেখকৰ যোগাযোগ নম্বৰঃ 9864879227

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward