Wednesday, April 24, 2024
HomeARTICLEআৰু মেচেজ নকৰিব

আৰু মেচেজ নকৰিব

প্ৰকাশিত তাৰিখঃ ৩ আগষ্ট, ২০২০

খণ্ড তেৰ         

সীমান্ত কাকতি

আধুনিক জ্ঞান–বিজ্ঞানৰ কৱলত গজি উঠা মুক্ত চিন্তাই মাৰ্ক্সৰ বস্তুবাদী চিন্তা চৰ্চ্চা গ্ৰহণযোগ্যতা প্ৰতীয়মান কৰে। বিশেষকৈ ডাৰউইনৰ ঐতিহাসিক মানুহৰ ক্ৰমবিকাশৰ সূত্ৰই আধুনিক ধ্যান ধাৰণাত যথেষ্ট অৰিহণা যোগায়। তেওঁ যেন স্পস্ত হৈ পৰিল মানুহৰ জম্ম বা ঐতিহাসিক ক্ৰমবিকাশৰ লগত ঈশ্বৰৰ কোনো সম্বন্ধ নাই। মানুহে নিজৰ ইতিহাস নিজে ৰচি আহিছে। মাৰ্ক্সৰ ঐতিহাসিক ক্ৰমঃবিকাশৰ সূত্ৰৰে তাকেই প্ৰমাণ কৰিলে। মানুহৰ ইতিহাস দ্বন্দ সংঘৰ্ষৰ দ্বাৰাই নিৰূপিত। প্ৰথমে প্ৰকৃতিৰ সৈতে হোৱা সংগ্ৰামৰ মাজেৰে মানুহে পৰৱৰ্তী যুগত খোজ পেলাই, প্ৰতিষ্ঠিত নতুন নতুন সমাজ ব্যৱস্থাৰ সৈতে যি অন্তদ্বন্দ দ্বন্দৰ মাজেৰে মানুহৰ যি যাত্ৰা সেয়াই মাৰ্ক্সৰ ঐতিহাসিক বস্তুবাদ। মাৰ্ক্সে বুজাই দিলে কেনেকৈ ইতিহাসৰ আদিম স্তৰত সাম্যবাদী সমাজৰ দ্বাৰা পৰিচালিত আছিল। মানুহ তেতিয়া সমুহৰ স্বাৰ্থত সামূহিক হৈ জীৱন যাপন কৰিছিল। কিন্তু পৰৱৰ্তী যুগত আৰু নতুন সমস্যাৰ উদ্ভৱৰ ফলতেই মানুহ কৃষিজীৱি হ’বলৈ বাধ্য হৈ পৰিল আৰু থিক তেতিয়াৰে পৰা ক্ৰমশঃ বৃদ্ধি মানুহৰ খেতি মাটি দখলৰ প্ৰৱণতাৰ মাজেৰে ব্যক্তিগত আশা আকাংক্ষা গজি উঠিল। এইদৰেই এদিন মানুহৰ ব্যক্তিগত আশা আকাংক্ষা লহপহকৈ বাঢ়ি অহাৰ ফলস্বৰূপে সম্পত্তি দখলৰ প্ৰৱণতাই মানুহক ক্ষমতা প্ৰতিপত্তিয়ে মুৰত ধৰিলে। যিয়ে এই মানসিকতাৰ দ্বাৰা পৰিচালিত হ’ল তেৱেঁই ক্ষমতা বাহুবল প্ৰতিপত্তিৰে সমাজ পৰিচালনা কৰিবলৈ আগবাঢ়ি আহে। থিক এনেদৰেই এদিন সমাজখন বিভক্ত হৈ পৰে। শাসক আৰু শোষিত দুই শ্ৰেণীত বিভক্ত হৈ মানুহে ঐতিহাসিক যাত্ৰা আৰম্ভ কৰিলে। শাসক আৰু শোষিতৰ মাজৰ দ্বন্দ অন্তদ্বন্দৰ মাজেৰে এই সমাজ ব্যৱস্থা কিন্তু ঐতিহাসিক স্তৰত কোনোকালে স্থায়ী ৰূপ পোৱা নাছিল। তাৰ স্পষ্ট উদাহৰণ দাস ব্যৱস্থা। এদিন দাসসকলেও মালিকৰ বিৰুদ্ধে গৰজি উঠিছিল নতুন ব্যৱস্থাক আমন্ত্ৰণ কৰে। থিক একেদৰে ৰাজতন্ত্ৰ, সামন্ততন্ত্ৰ উৎখাত কৰি এই মানুহেই এদিন গণতন্ত্ৰক আঁকোৱালি লয়। সেয়ে মাৰ্ক্সে মানুহৰ ইতিহাস দ্বন্দ সংঘৰ্ষৰ বুলি উল্লেখ কৰি কৈছিল যে প্ৰতিটো সমাজ ব্যৱস্থাতে শ্ৰমজীৱি মানুহেই পৰিৱৰ্তনৰ আৱাজ তুলি নতুন ব্যৱস্থা এটাৰ জম্ম দিছে। অৰ্থনীতিয়ে এখন সমাজৰ চালিকা শক্তি। সেয়ে সকলো সামাজিক সমস্যাৰ গুৰিতে অৰ্থনীতিয়ে হ’ল মূল কাৰক। প্ৰতিটো ঐতিহাসিক ব্যৱস্থাই শ্ৰমৰ লগত জড়িত যদিও অৰ্থ ৰাজনৈতিক কৰ্মকাণ্ডৰ সৈতে কেৱল মুষ্টিমেয় একাংশ মানুহ সংলগ্ন। যিসকল সদায় বিশেষ ক্ষমতাৰ দ্বাৰা বলিয়ান। সেয়াই ৰাষ্ট্ৰ, যাক ব্যৱহাৰ কৰি আহিছে শাসক শ্ৰেণীয়ে শোষক শ্ৰেণীৰ লগ হৈ। অনুপমাই এইবোৰ কথাৰ মাজেৰেই বুজি পালে শোষক–শাসিতৰ এখন সমাজ, ইমান দিনে নুবুজা ইতিহাস।

 

লেখকৰ যোগাযোগ নম্বৰঃ 9864879227

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward