Friday, March 29, 2024
HomeUncategorizedইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অৰ্জন কৰা অঞ্জলি দাসক সম্বৰ্দ্ধনা

ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অৰ্জন কৰা অঞ্জলি দাসক সম্বৰ্দ্ধনা

প্ৰকাশিত তাৰিখঃ ৩০ জুন, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত বৰিহাট–হাটখোৱাপাৰাৰ অঞ্জলি দাসে নিজ বাসগৃহৰ পৰা সুদূৰ লাডাখলৈ খোজকাঢ়ি এক ৰেকৰ্ড স্থাপন কৰিছিল। এইবাৰ ১৮ ঘণ্টাৰ ভিতৰত ১০০ কিলোমিটাৰ খোজ কাঢ়ি ইণ্ডিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্তি কৰিবলৈ সক্ষম হয়। যোৱা ৯ এপ্ৰিলত আমৰাঙ্গা–বৰিহাট মিনি ষ্টেডিয়ামৰ পৰা বকোৰ শিংৰালৈ আৰু শিংৰাৰ পৰা পুনৰ উক্ত ষ্টেডিয়ামলৈ ঘুৰি আহে।

সম্প্ৰতি অঞ্জলি দাস চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ মিৰ্জা শাখাত কৰ্মৰত। আজি অসম প্ৰাদেশিক বেংক কৰ্মচাৰী সংস্থাৰ (APBEA, Women council) মহিলা পৰিষদে দৌৰবিদ গৰাকীক সম্বৰ্দ্ধনা জনায়। পৰিষদৰ সভানেত্ৰী  চিন্ময়ী শৰ্মা আৰু সম্পাদিকা নীলাক্ষী শৰ্মা সহ কেইবাগৰাকী সদস্যাই বেংকটোত উপস্থিত হৈ শৰাই, গামোচা আদিৰে সম্বৰ্দ্ধনা জনাই উৰ্ধমুখী ভৱিষ্যত কামনা কৰে।

আজিৰ সম্বৰ্দ্ধনা সভাতে সাংবাদিক, কবি মিলন মহন্তই নিজে দৌৰবিদ গৰাকীৰ নামত উৎসৰ্গিত ‘বৰফৰ দেশত খোজ’ শীৰ্ষক কবিতাটো ফটো আকাৰে সম্বৰ্দ্ধনা জনায়। ইপিনে, সম্বৰ্দ্ধনা গ্ৰহণ কৰি দৌৰবিদ গৰাকীয়ে ভৱিষ্যতে আন ৰেকৰ্ড স্থাপনৰ বাবেও আশা ৰাখিছে বুলি কয়। আজিৰ সম্বৰ্দ্ধনা কালত বেংক শাখাটোৰ সমূহ বিষয়া–কৰ্মচাৰীও উপস্থিত থাকে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward