Tuesday, April 23, 2024
Homeবাতৰিউত্তৰ–পূবত সুকীয়া সময় মণ্ডলৰ পৰিৱৰ্তে সময়–সূচী আগুৱাই অনাৰ নিৰ্দেশ

উত্তৰ–পূবত সুকীয়া সময় মণ্ডলৰ পৰিৱৰ্তে সময়–সূচী আগুৱাই অনাৰ নিৰ্দেশ

প্ৰকাশিত তাৰিখঃ ২৬ মাৰ্চ, ২০১৮

চি এন ডেক্স

উত্তৰ–পূবত সুকীয়া সময় মণ্ডল গঠনৰ দাবী দীৰ্ঘদিনীয়া। দীৰ্ঘদিনৰ পৰা এই দাবী কৰি অহা সত্বেও গঠন নহয় সুকীয়া সময় মণ্ডল, তাৰ পৰিৱৰ্তে কৰ্মৰ সময়–সূচীহে আগুৱাই অনাৰ নিৰ্দেশ দিছে কেন্দ্ৰীয় চৰকাৰে।

উল্লেখ্য যে, উত্তৰ–পুৰ্বাঞ্চলীয় ৰাজ্যকেইখনে দাবী কৰি অহা সুকীয়া সময় মণ্ডল সম্পৰ্কত বিষয়টো পৰ্যালোচনাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰি দিয়া উচ্চস্তৰীয় কমিটীয়ে দেশত দুটা পৃথক সময় মণ্ডলৰ বাবে মতপোষণ কৰা নাছিল। দেশত দুটা সময় মণ্ডল থাকিলে জটিলতাৰ সৃষ্টি হ’ব, সেয়ে এই বিষয়ত তেওঁলোকে বিৰোধিতা কৰিছিল। লোকসভাৰ অধিবেশনত এই কথা প্ৰকাশ কৰে কেন্দ্ৰীয় ভূ–বিজ্ঞান তথা বিজ্ঞান আৰু প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী হৰ্ষ বৰ্ধনে। উত্তৰ–পূব বাসীয়ে উত্থাপন কৰি অহা দীৰ্ঘদিনীয়া দাবী এটা এনেদৰেই প্ৰত্যাখ্যান কৰে কেন্দ্ৰীয় চৰকাৰে।

শেহতীয়াভাৱে সুকীয়া সয়ম মণ্ডল গঠনৰ বাবে বেংগালুৰুস্থিত ইণ্ডিয়ান ইন্‌ষ্টিটিউট অব্‌ এডভান্সড্‌ ষ্টাডিজ’ৰ বিজ্ঞানীসকলেও চৰকাৰক প্ৰস্তাৱ আগবঢ়াইছে। উত্তৰ–পূবৰ দাবীক প্ৰত্যাখ্যান কৰি বেংগালুৰুৰ প্ৰস্তাৱৰ প্ৰতি চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া অনাগত সময়ত পৰিষ্কাৰভাৱে দেখা যাব।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward