Tuesday, April 23, 2024
Homeবাতৰিউত্তৰ–পূৰ্বাঞ্চল একত্ৰিত হৈছেঃ প্ৰদীপ ফঞ্জ’বাম

উত্তৰ–পূৰ্বাঞ্চল একত্ৰিত হৈছেঃ প্ৰদীপ ফঞ্জ’বাম

প্ৰকাশিত তাৰিখঃ ২১ জানুৱাৰী, ২০১৯

 

চি এন ডেক্স

যি সময়ত জাতিধ্বংসী নাগৰিকত্ব বিধেয়কখনে দুৰ্যোগ নমাই আনিছে সেই সময়ত একত্ৰিত হৈছে সমগ্ৰ উত্তৰ–পূৰ্বাঞ্চল। এয়া অতিকৈ সুখৰ বতৰা বুলি মন্তব্য কৰে মণিপুৰৰ বিশিষ্ট সাংবাদিক ‘ইম্ফল ফ্ৰী প্ৰেছ’ৰ সম্পাদক প্ৰদীপ ফঞ্জ’বামে।  

গুৱাহাটীৰ মাছখোৱা প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পত যোৱা ১৯ জানুৱাৰীত অসমৰ সংবাদ জগতৰ ভোটাতৰা ৰাধিকামোহন ভাগৱতীৰ ৮৬ সংখ্যক জন্ম দিৱস উদ্‌যাপন কৰে। ৰাধিকামোহন ভাগৱতী আৰু ৰীতা দেৱী ভাগৱতী স্মৃতিৰক্ষা সমিতিয়ে আয়োজন কৰা স্মাৰক বক্তৃতানুষ্ঠানত মুখ্য বক্তাৰূপে উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক প্ৰদীপ ফঞ্জ’বামে। অনুষ্ঠানত বক্তাগৰাকীয়ে উল্লেখ কৰে যে, উত্তৰ–পূৰ্বাঞ্চল ভৌগোলিকভাৱে দেশৰ ভিতৰতে গুৰুত্বপূৰ্ণ। ৰাজ্যকেইখনত বিভিন্ন জাতি–জনগোষ্ঠীৰ লোকে বসবাস কৰে, ই বিশ্বৰ ভিতৰতে বিৰল আৰু ইয়াক কোনেও উলাই কৰিব নোৱাৰে। উত্তৰ–পূৰ্বাঞ্চলৰ অকথিত, অপ্ৰকাশিত সমস্যাসমূহৰ ওপৰতো বিশেষভাৱে আলোকপাত কৰে। অঞ্চলটোৰ অৰ্থনৈতিক সমস্যাসমূহ জানিবলৈ হ’লে অপ্ৰকাশিত সমস্যাসমূহ ভালদৰে জানিব লাগিব। সেয়ে উত্তৰ–পূৰ্বাঞ্চলৰ ৰাজ্য সমূহৰ মাজত ৰাজনৈতিক বুজাবুজি আৰু একতাৰ প্ৰয়োজন। এই অনুষ্ঠানতে উত্তৰ–পূৰ্বাঞ্চলৰ আঠ ৰাজ্যৰ পৰা নিৰ্বাচিত ২৫গৰাকী সাংসদক স্থানীয় সমস্যাসমূহ ৰাষ্ট্ৰৰ আগত দাঙি ধৰাৰ বাবে আহ্বান জনায়।

আকাশী তৰাই আঁতধৰা অনুষ্ঠানটো সঞ্চালনা কৰে স্মৃতিৰক্ষা সমিতিৰ সভাপতি ধীৰেশ নাৰায়ণ চৌধুৰী আৰু শলাগৰ শৰাই আগবঢ়ায় কাৰ্যকৰী সভাপতি হেমন্ত বৰ্মনে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড অখিল ৰঞ্জন দত্তদেৱে জ্যেষ্ঠ সাংবাদিক প্ৰদীপ ফঞ্জ’বাম সন্দৰ্ভত বিশেষভাৱে আলোকপাত কৰে। ড হীৰেন গোহাঁই, ধীৰেন্দ্ৰ নাথ বেজবৰুৱা, ড সুলেখা চক্ৰৱৰ্তী, সমুদ্ৰগুপ্ত কাশ্যপ, ৰাজীৱ প্ৰকাশ বৰুৱা, দিলীপ চন্দন, কীৰ্তিকমল ভূঞা, দিৱস ফুকন, সমীন্দ্ৰ হুজুৰী আদি বিশিষ্ট ব্যক্তিসকল এই মনোজ্ঞ বক্তৃতানুষ্ঠানটোত উপস্থিত আছিল।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

Photo Courtesy: Google Images

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward