Thursday, April 25, 2024
Homeবাতৰিউত্তৰ–পূৱত সুকীয়া ৰাজ্যৰ দাবীত আন্দোলন তীব্ৰতৰ

উত্তৰ–পূৱত সুকীয়া ৰাজ্যৰ দাবীত আন্দোলন তীব্ৰতৰ

প্ৰকাশিত তাৰিখঃ ২৭ নৱেম্বৰ’ ২০১৭

 চানডুবি নিউজ ডেক্স –

মেঘালয়ৰ সন্মুখত নিৰ্বাচন। কেইটামান মাহ অতিক্ৰম কৰাৰ পিচত ৰাজ্যখনত অনুষ্ঠিত হ’ব বিধান সভাৰ নিৰ্বাচন। সম্প্ৰতি এই নিৰ্বাচনৰ প্ৰাক্‌ক্ষণত পশ্চিম প্ৰান্তত অৱস্থিত গাৰো পাহাৰক লৈ সুকীয়া ‘গাৰো লেণ্ড’ গঠনৰ দাবীত কৰা আন্দোলনে তীব্ৰ ৰূপ লোৱা দেখা গৈছে। গাৰোসকলৰ ৰাজনৈতিক সংগঠন গাৰো নেচনেল কাউঞ্চিল (জি এন চি)য়ে এই আন্দোলনৰ নেতৃত্ব বহন কৰিছে।  

উল্লেখযোগ্য যে জি এন চিয়ে যোৱা ১৫ নৱেম্বৰত সুকীয়া ৰাজ্যৰ দাবীত তুৰাৰ চান্দমাৰী খেলপথাৰত আয়োজন কৰে এক বিশাল প্ৰতিবাদী সমদলৰ। গাৰো পাহাৰৰ বিভিন্ন অঞ্চলৰ পৰা অহা হাজাৰ– হাজাৰ প্ৰতিবাদকাৰীয়ে এই সমদলত যোগ দিয়ে। তুৰা বজাৰ হৈ নিউ তুৰা আইন মহাবিদ্যালয়লৈ উলিওৱা সমদলত ‘উই ৱাণ্ট গাৰোলেণ্ড’ ‘ন’ ষ্টেট ন ৰেষ্ট’ আদি ধ্বনিৰে প্ৰতিবাদকাৰীসকলে গাৰো পাহাৰৰ আকাশ–বতাহ কঁপাই তোলে। এইদৰে গাৰো পাহাৰক সুকীয়া ৰাজ্য গঠনৰ বাবে কেন্দ্ৰীয় চৰকাৰলৈ বাৰ্তা প্ৰেৰণ কৰে।   

গাৰো পাহাৰ ৰাজ্য দাবী সমিতিৰ সভাপতি নিকমন মাৰাকে কয়– সুকীয়া গাৰোলেণ্ডৰ দাবী আজিৰ নহয়। ষাঠি দশকতে জি এন চিয়ে সুকীয়া গাৰোলেণ্ড দাবী উত্থাপন কৰিছিল। সুকীয়া গাৰোলেণ্ডৰ দাবী সন্দৰ্ভত ইতিমধ্যে ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ, প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰি স্বাৰক পত্ৰ প্ৰদান কৰা বুলি মাৰাকে উল্লেখ কৰে। তেখেতে পুনৰ উল্লেখ কৰে যে, সুকীয়া ৰাজ্যৰ বাবে প্ৰথমে বিধান সভাইহে অনুমোদন দিব লাগে। বিধানসভাৰ অনুমোদনৰ পিচতহে সংসদত উত্থাপন কৰিব পাৰে। সেয়ে সুকীয়া ৰাজ্য সন্দৰ্ভত চৰকাৰক অহৰহ হেঁচা প্ৰদান কৰি থকা হৈছে। যোৱা ২০১২ চনৰ পৰা এতিয়ালৈ ৩২টা সমদলৰ আয়োজন কৰা হৈছে। প্ৰয়োজনত গাৰোপাহাৰ অন্যান্য অঞ্চলৰ পৰা অধিক সমদল উলিওৱা হ’ব বুলি তেখেতে দোহাৰে।

আনহাতে ইণ্ডিজেনাচ পিপলছ ফ্ৰণ্ট অব ত্ৰিপুৰা (আই পি এফ টি) নামৰ সংগঠনটোৱে ত্ৰিপুৰাৰ খিলঞ্জীয়া ত্ৰিপুৰীসকলৰ বাবে সুকীয়া তিপ্ৰালেণ্ডৰ দাবীত আন্দোলনৰ কাৰ্যসুচী বঢ়াই তুলিছে বুলি জনা গৈছে। সুকীয়া তিপ্ৰালেণ্ডৰ দাবী সন্দৰ্ভত ইতিমধ্যে ন–জনীয়া প্ৰতিনিধিৰ দলে কেন্দ্ৰীয় গৃহমন্ত্ৰী ৰাজনাথ সিঙক সাক্ষাৎ কৰা বুলি সংগঠনটোৰ সভাপতি এন চি দেৱবাৰ্মাই মন্তব্য কৰে।

গৃহমন্ত্ৰীৰ সৈতে হোৱা সাক্ষাৎ কালত কমিউনিষ্ট চৰকাৰৰ কাৰ্যকাল চোৱাত সৰ্বদিশতে খিলঞ্জীয়া ত্ৰিপুৰীসকল অৱহেলিত, শোষিত, নিষ্পেষিত হোৱা বুলি দোহাৰে আই পি এফ টিয়ে। এই চৰকাৰখনৰ শাসনকালত ভূগি অহা সমস্ত দুখ–দূৰ্দশাৰ কথা উল্লেখ কৰি সুকীয়া ৰাজ্যৰ দাবী তোলে। বৰ্তমান ত্ৰিপুৰাৰ জনজাতি সকলৰ স্বায়ত্ত শাসিত পৰিষদ এলেকাৰ অধীনত থকা পৰিসীমাকে পূৰ্ণ পৰ্যায়ৰ ৰাজ্য ‘তিপ্ৰালেণ্ড’ স্বীকৃতি দিয়াৰ বাবে দাবী উত্থাপন কৰে।

 

শিৰোনামৰ ছবিঃ গুগল ইমেজ  

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward