Friday, March 29, 2024
Homeবাতৰিঐতিহাসিক ৰংপুৰ চহৰত চলিব পুষ্পক ৰথ

ঐতিহাসিক ৰংপুৰ চহৰত চলিব পুষ্পক ৰথ

প্ৰকাশিত তাৰিখঃ ১২ ফেব্ৰুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স

আহোম যুগৰ ঐতিহাসিক ৰাজধানী ৰংপুৰৰ পথত এইবাৰ চলিব পুষ্পক ৰথ। অতি গৌৰৱেৰে ক’ব পাৰি এই শিৱসাগৰ জিলাতে অৱস্থিত দেশৰ ভিতৰত সবাতোকৈ ওখ শিৱদৌল। শিৱৰাত্ৰী উপলক্ষে এই দৌল প্ৰাঙ্গনতে আয়োজন কৰিছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ ‘শিৱ উৎসৱ’। নিশ্চিতভাৱে এয়া দেশী–বিদেশী পৰ্যটকসকলৰ বাবে এটি আনন্দৰ খবৰ।

এই উৎসৱত নতুনকৈ সংযোজন কৰিছে পুষ্পক ৰথ। দুটা ঘোঁৰাৰ দ্বাৰা চালিত হ’ব এই ৰথ। ঐতিহাসিক ৰাজধানী চহৰ ৰংপুৰৰ পথত এই ৰথ চলোৱাৰ বাবে এক ব্যতিক্ৰমী উদ্যোগ গ্ৰহণ কৰিছে ছেভেন ছিষ্টাৰ্ছ ট্যুৰ্ছ এণ্ড ট্ৰেভেলছ নামৰ এটি ব্যক্তিগত ট্ৰেভেল এজেঞ্চিয়ে। এই ৰথেৰে জিলাখনৰ সমীপৰ ৰংঘৰ চহৰ, তলাতল ঘৰ, জয়দৌল, শিৱদৌল, বিষ্ঞু দৌল, দেৱীদৌল, শিৱসাগৰ পুখুৰী আদি ঐতিহাসিক ক্ষেত্ৰসমূহ ভ্ৰমণ কৰিব পাৰিব বুলি ট্যুৰ এজেঞ্চীটোৰ কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। ছয়খন আসন সন্নিবিষ্ট কৰা এই পুষ্পক ৰথত পৰ্যটকসকলে মাত্ৰ তিনিশ টকাতে ভ্ৰমণ কৰাৰ সুযোগ লাভ কৰিব। পৰ্যটকক সকলো সময়তে হাতবাউলি মাতি থকা শিৱসাগৰত এই সংযোজনে পৰ্যটন ক্ষেত্ৰত অন্য এক মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰিব পাৰি।

উল্লেখনীয় যে, শিৱসাগৰ জিলাত প্ৰায় পাঁচশ সৰু–বৰ ঐতিহাসিক কীৰ্তিচিহ্ন আছে। দূৰ্ভাগ্যজকভাৱে শিৱসাগৰে এতিয়াও পৰ্যটন নগৰীৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হোৱা নাই। জিলাখনৰ বহুবোৰ সংগঠনে পৰ্যটন নগৰীৰ স্বীকৃতি দিবলৈ দীৰ্ঘদিনৰ পৰাই বিভাগীয় কৰ্তৃপক্ষৰ ওচৰত দাবী জনাই আহিছে। তাৰপিচতো এই দাবী পুৰণ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই ৰাজ্য প্ৰশাসনে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward