Thursday, April 25, 2024
Homeবাতৰিকামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই ই–ৰিক্সা, মেজিকৰ বিক্ৰী বন্ধ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তই ই–ৰিক্সা, মেজিকৰ বিক্ৰী বন্ধ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে

প্ৰকাশিত তাৰিখঃ ২৬ ফেব্ৰুৱাৰী, ২০১৮

চি এন ডেক্স

কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত ড এম অংগমুথুই জিলাখনত ই–ৰিক্সা, মেজিক আদি বাহনসমূহৰ বিক্ৰী বন্ধ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। যিবোৰ বাহন পঞ্জীয়ন নকৰাকৈ মহানগৰীৰ ৰাজপথত চলাচল কৰি আছে সেইবোৰৰ ৩০দিনৰ ভিতৰত জৰীপ সম্পন্ন কৰিবলৈয়ো নিৰ্দেশ দিছে। 

এই সন্দৰ্ভত যোৱা ১৭ ফেব্ৰুৱাৰী শনিবাৰে উপায়ুক্তৰ কাৰ্যালয় কক্ষত এক গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। উক্ত বৈঠকে ই–ৰিক্সা আৰু মেজিক বিক্ৰী ৩০ দিনৰ ভিতৰত বন্ধ কৰিবলৈ পৰামৰ্শ কৰে। বিভিন্ন বিভাগৰ বিষয়াবৰ্গ উপস্থিত থকা বৈঠকখনত ই–ৰিক্সা চলাচলৰ ক্ষেত্ৰত সীমিত কৰিবলৈ জিলা পৰিহণ বিষয়া আৰু যান–বাহন আৰক্ষীক নিৰ্দেশ দিয়ে। লগতে যান–বাহন আইন উলংঘাকাৰীসকলৰ প্ৰতি কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰু পথৰ কাষত থকা যান–বাহনবোৰ আঁতৰ কৰিবলৈ আৰক্ষী আৰু পৰিবহণ বিভাগক তৎকালিন নিৰ্দেশ দিয়ে।

অতিৰিক্ত উপায়ুক্ত পলাশ প্ৰতিম বৰাৰ নেতৃত্বত এই সন্দৰ্ভত গঠন কৰি দিয়ে এখন তদাৰক সমিতি। মহানগৰীৰ দূৰ্ঘটনাপ্ৰৱণ অঞ্চলসমূহ চিনাক্ত কৰাই হ’ল এই সমিতিৰ মূখ্য দায়িত্ব। পথসমূহ যাতায়তৰ বাবে সূচল আৰু নিৰাপদ কৰি তুলিবলৈ সংশ্লিষ্ট বিভাগসমূহৰ সৈতে সমন্বয় গঢ়ি কাম কৰাৰ নিৰ্দেশ দিছে উক্ত সমিতিখনক। 

মহানগৰীৰ খানাপাৰা–সোণাপুৰ, যোৰাবাট–বৰ্ণিহাট, নাৰেংগী–পানীখাইতী এই পথসমূহত যান–বাহন চলাচলৰ সুবিধাৰ্থে ষ্ট্ৰীট লাইটৰ ব্যৱস্থা কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। তাৰবাবে গড়কাপ্তানী (বৈদ্যুতিক) বিভাগক প্ৰস্তাৱ দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

জিলা উপায়ুক্তগৰাকীয়ে, মহানগৰীৰ বিদ্যালয় সমূহ মণ্ডল ভিত্তিত তালিকা প্ৰস্তুত কৰি দাখিল কৰিবলৈ আৰু তেওঁলোকৰ ব্যৱসায়িক অনুজ্ঞাপত্ৰ পৰীক্ষা কৰিবলৈকো পৌৰ নিগমৰ প্ৰতি নিৰ্দেশ দিয়ে। পাৰ্কিং, গুদাম, পণ্যাগাৰ সকলোবোৰ পৰীক্ষা কৰি ৬মাহৰ ভিতৰত স্থানান্তৰ কৰিবলৈ পৌৰ নিগম আৰু গুৱাহাটী মহানগৰ উন্নয়ণ প্ৰাধিকৰণৰক পৰামৰ্শ দান কৰে।

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward