Wednesday, April 17, 2024
HomeARTICLEকুৰংগনয়নীৰ দেশত

কুৰংগনয়নীৰ দেশত

প্ৰকাশিত তাৰিখঃ ৩১ জুলাই, ২০২৩

কল্প ৰঞ্জন গগৈ –

চিত্ৰাংগদাৰ দেশত কি ভয়ানক ঘটনা? চিত্ৰাংগদা মহাভাৰতৰ অধ্যায়। কিন্তু কুৰংগনয়নী অসম বৰঞ্জীৰ এক জীৱন্ত ঘটনা। ৰাজেশ্বৰ সিংহ– লক্ষী সিংহৰ জীৱনসংগী। একেসময়তে প্ৰজাৰ নায়ক বীৰ ৰাঘৱ মৰাণৰ হত্যাকাৰীনী। সেয়া যেনিবা প্ৰাক্‌ ঔপনিৱেশিক অসমৰ চ্যাওল্যুং চ্যুকাফাৰ ম্যুংড্যুনচ্যুনখামৰ বুৰঞ্জী। (কুৰংগনয়নীৰ দেশত)।

কিন্তু আজিৰ স্বাধীন ভাৰতবৰ্ষৰ মণিপুৰৰ কাহিনী? হৃদয় বিদাৰক, দুঃখজনক নে সাধাৰণ ঘটনা? স্বাধীন ভাৰতৰ কাৰিকৰ মহাত্মা, নেহেৰু, আম্বেদকাৰ– আজাদৰ স্বাধীনতাৰ দস্তাৱেজ ইমান দূৰ্বল হৈ থাকিল কেনেকৈ? নে? দখলদাৰ ব্ৰিটিছৰ বিৰুদ্ধে ১৯১৭–১৯১৯ চনলৈ থিয় দিয়া কুকি–চীনসকলৰ বিৰুদ্ধে। নে? দখলদাৰ সকলৰ বিৰুদ্ধে থিয় দিয়াৰ বাবে দেশত এৰি থৈ যোৱা ঘৃণা আৰু আতংকৰ ফচল? আজি স্বাধীনতাৰ অমৃতকালত সৃষ্টি হোৱা হলাহলৰ পৰা ই অতি স্পষ্ট যে ঔপনিৱেশিক বিষ আজিও ভাৰতীয় সমাজত সূলভ।

আজি স্বাধীনতাৰ চাৰে সাতটা দশকৰ পিছত সেয়ে স্বাধীনতাৰ কাৰিকৰ সকলৰ বাণী পুনৰ অধ্যয়নৰ প্ৰয়োজন। গণতন্ত্ৰ–গণৰাজ্য হোৱাৰ ৭৩তম বছৰত তেওঁলোকে এৰি থৈ যোৱা কথাবোৰ পুনৰ পাঠ কৰিব লাগিব। কাৰণ ৭০ দশকৰ পিচত ভাৰতৰ জাতীয় সংগ্ৰামৰ জুইৰ মাজেদি যোৱা কোনো নেতা নাই। তাৰ পিছৰখিন উত্তৰসুৰীহে।

১৭৫৭ চনৰ পলাশীৰ পিছত ১৮৫৮ চনৰ মহাজাগৰণলৈকে ব্ৰিটিছে ‘বেপাৰী–শাসন’ চলালে। যদিও ১৮৫৮ চনৰ পিছৰপৰা ব্ৰিটিছ চৰকাৰে ১৯৪৭ চনৰ ১৫ আগষ্টলৈকে কঠোৰ আইনী হাতেৰে শাসন কৰি প্ৰৱল অনিচ্ছা স্বত্বেও লণ্ডনৰ সংসদত ‘স্বাধীনতা দিলে’। তাৰপৰা ২৬ নৱেম্বৰ ১৯৪৯ চনলৈ সংবিধান ৰচনালৈকে আমাৰ দৰে সন্দেহবাদী চকুচৰহা সকলে এই স্বাধীনতাৰ বিষয়ে সংশয় পোষণ কৰিলে।

স্বাধীনতাৰ প্ৰধান কাৰিকৰ জাতিৰ পিতা মহাত্মাৰ হত্যাত সন্দেহ থাকি গ’ল। প্ৰকৃততে হত্যাকাৰী কোন আছিল?

মহাত্মাৰ গণৰাজ্যৰ বৰ্ণনা অনুসৰি– স্বাধীনতা আহিব লাগিব তৃণমূলৰ পৰা– Independence must begin at the bottom। প্ৰতিখন গাঁৱেই হ’ব লাগিব একোখন গণৰাজ্য বা পঞ্চায়ত– Thus every village will be a Republic or Panchayat having full powers।

বৰ্তমানৰ সংবিধানখনৰ মতে পঞ্চায়ত এখন পূৰ্ণশক্তি থকা গণৰাজ্য হ’বলৈ এতিয়াও বাকী। এই কাম নতুন প্ৰজন্মই আগবঢ়াই নিব লাগিব। যেহেতু বৰ্তমানৰ দূৰ্বলতা সম্পৰ্কে তেওঁলোক অৱগত। ই আমাৰ বাবেও এক প্ৰত্যাহ্বান।

মানৱতাৰ গল্প যথেষ্ট দীঘলীয়া– এফালে সফলতা, উন্নতি আৰু আনফালে বিফলতা–শোকগাঁথাৰে ভৰা। The long story of humanity is a story of advance and growth of man– it is also a story full of agony and tragedy (Jawaharlal Nehru)।

মানৱতাৰ এই যাত্ৰাত মহাত্মাই এক বিশেষ স্থান লাভ কৰিব। ভগৱান বুদ্ধৰ দূত হিচাপে তেওঁ সভ্যতাৰ মধ্যমণি। আজিৰ ভাৰতবাসীৰ বাবে দিগদৰ্শক– Guide to Action।

মহামতী আইনষ্টানৰ মতে– জনগণে চৰকাৰৰ নিৰ্দেশক হ’ব লাগিব– The people should act as masters of the Govt and not as slaves। জনগণ হৈছে কৰদাতা (Taxpayer) আৰু চৰকাৰ চলে কৰদাতা সকলৰ ধনেৰে।

ভাৰতবৰ্ষ বিশ্বগুৰু হ’বলৈ এই মহৎ বাণীৰ সম্প্ৰসাৰণ ঘটাব লাগিব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward