29 C
Guwahati
Tuesday, August 3, 2021
Home ARTICLE গৰাখহনীয়া সমস্যা সমাধান নহ’লে কৃষি অৰ্থনীতিৰ উন্নতি অসম্ভৱ

গৰাখহনীয়া সমস্যা সমাধান নহ’লে কৃষি অৰ্থনীতিৰ উন্নতি অসম্ভৱ

প্ৰকাশিত তাৰিখঃ ১৪ ছেপ্টেম্বৰ, ২০২০

হাফিজ আহমেদ

অসমৰ কৃষিভিত্তিক অৰ্থনীতিৰ কঁকাল ভাঙি দিয়া দুটা পুৰণি, জটিল সমস্যা হ’ল– বানপানী আৰু গৰাখহনীয়া। ১৯৫০ চনৰ পিচৰে পৰা গৰাখহনীয়া সমস্যাই অসমত তীব্ৰ ৰূপ ধাৰণ কৰিলেও ১৯৩০ চন মানৰ পৰাই অসমত গৰাখহনীয়া চলি থকাৰ প্ৰমাণ চৰকাৰী নথি–পত্ৰত পোৱা যায়। অবিভক্ত কামৰূপ জিলাৰ বৰপেটা মহকুমাৰ গৰাখহনীয়াপীড়িত কৃষকে বিগত শতিকাৰ ৪০ৰ দশকতে একে মহকুমাৰে কৈমাৰী অঞ্চলত বসতি স্থাপন কৰিছিল। বৰপেটা মহকুমাৰ মহকুমাধিপতিয়ে ১৯৩৮ চনৰ লাইন প্ৰথা অধ্যয়নৰ বাবে অহা কমিটীৰ আগত গৰাখহনীয়াগ্ৰস্ত এই ভূমিহীন খেতিয়কসকলক উচ্ছেদ কৰাৰ কথা কৈছিল। ১৯৪১ চনৰ ১৮ জুলাইত অসমৰ তদানীন্তন ৰাজহ মন্ত্ৰী ৰোহিণী কুমাৰ চৌধুৰীয়ে ‘Land Development Scheme’ মতে বানপানী আৰু গৰাখহনীয়াত মাটি–ভেটি হেৰুওৱা লোককো সংস্থাপিত কৰাৰ কথা ঘোষণা কৰিছিল।

সাম্প্ৰতিক কালত বিস্তৃত অধ্যয়ন আৰু বৈজ্ঞানিক বিশ্লেষণৰ জৰিয়তে অসমত হোৱা বানপানী আৰু গৰাখহনীয়াৰ মূল কাৰণ– (১) নদীৰ ঢাল বা প্ৰকৃতি (২) মূল নৈ আৰু উপনৈবোৰে কঢ়িয়াই অনা গেদ (৩) ভূমিকম্প (৪) উচ্চ হাৰত হোৱা বৃষ্টিপাত (৫) তাপমাত্ৰাৰ বৃদ্ধি (৬) বনাঞ্চল তথা সেউজ আৱৰণ ধ্বংসকৰণ আৰু (৭) অপৰিকল্পিত মথাউৰি নিৰ্মাণ বুলি চিহ্নিত কৰা হৈছে। ১৯৩০ চনমানৰ পৰাই আৰম্ভ হোৱা গৰাখহনীয়াৰ তাণ্ডৱ আমাৰ ৰাজ্যখনত এতিয়াও অব্যাহত আছে। ১৯৫১ চনৰ পৰা ২০০০ চনলৈকে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰে অসমৰ ৪,২৯,৬৯৭ হেক্টৰ কৃষিভূমি খহাই নিছে। ২০১৮ চনত তদানীন্তন জলসম্পদ মন্ত্ৰীয়ে অসম বিধানসভাত দাঙি ধৰা তথ্যমতে ১৯৫৪ চনৰ পৰা সেই বছৰলৈকে ৪.২৭ লাখ হেক্টৰ ভূমি গৰাখহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰৰ বুকুত জাহ যায়। ইয়াৰ ফলত ৯ লাখ লোক ক্ষতিগ্ৰস্ত হৈছিল, ১.২৫ লাখ পৰিয়ালক স্থানান্তৰ কৰিবলগীয়া হৈছিল। তদুপৰি ১ লাখ ৩০ হেজাৰ লোক গৃহহীন হৈ মথাউৰি বা চৰকাৰী ভূমিত বাস কৰিবলগীয়া হৈছিল।

কিন্তু মন্ত্ৰীগৰাকীৰ এই তথ্য সম্পূৰ্ণ শুদ্ধ আছিল বুলি ক’ব নোৱাৰি। বিভিন্ন অনুষ্ঠান–প্ৰতিষ্ঠানে হাতত লোৱা অধ্যয়ন–গৱেষণাৰ প্ৰাপ্ত তথ্যমতে অসমত গৰাখহনীয়াৰ ফলত অতি কমেও কুৰি লাখ লোক প্ৰভাৱান্বিত হৈছে।

ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ গৰাখহনীয়াই শদিয়াৰ পৰা ধুবুৰীলৈকে এক বিভীষিকাৰ সৃষ্টি কৰিছে। কিন্তু গৰাখহনীয়াই ক্ষতিগ্ৰস্ত কৰা গাঁওসমূহৰ জিলা নতুবা ৰাজ্যভিত্তিক সু–নিৰ্দিষ্ট তথ্য পাবলৈ নাই। ব্ৰহ্মপুত্ৰ বান নিয়ন্ত্ৰণ ব’ৰ্ডে ১৯৫৪ চনৰ পৰা ১৯৬৯ চনলৈ সংগ্ৰহ কৰা তথ্যৰ ভিত্তিত জনা যায় যে এই কালছোৱাত প্ৰতিবছৰে গড়ে ২৫৩খন আৰু ৮,০৯১ হেক্টৰ ভূমি গৰাখহনীয়াৰ কবলত পৰে। এই তথ্যৰ পৰাই ৰাজ্যখনত গৰাখহনীয়াৰ ভয়াৱহতাৰ উমান পাব পাৰি।

গৰাখহনীয়াৰ কবলত পৰি ১৯৫০ চনৰ পিচত ডিব্ৰুগড়ৰ একাংশ ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যায়। একালৰ বাণিজ্যিক ঠাই আৰু নদীবন্দৰ পলাশবাৰী ১৯৫৪ চনতেই জাহ গৈছে। ১৯৫০ চনৰ পৰা ১৯৬৪ চনৰ ভিতৰত গোৱালপাৰা চহৰৰ পুৰণি কাছাৰীৰ পৰা গান্ধী ময়দানসহ ভাটিফালৰ সমৃদ্ধ বাণিজ্যিক এলেকা ব্ৰহ্মপুত্ৰৰ বুকুত লীন হৈ গৈছে। ধুবুৰী চহৰৰ একাংশও ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ কবলত পৰি বিলুপ্ত হৈছে। দক্ষিণ শালমাৰা নগৰখনো কিছু বছৰ পূৰ্বে ব্ৰহ্মপুত্ৰৰ বুকুত জাহ গৈছে।

ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াই নগৰ–চহৰত কৰা ক্ষয়–ক্ষতিৰ তুলনাত গাঁও অঞ্চলত কৰা ক্ষয়–ক্ষতিৰ পৰিমাণ বহু গুণে বেছি। ১৯৫৫–৫৬ চনৰ কালছোৱাত মাজুলীৰ পূব অংশত আৰম্ভ হোৱা গৰাখহনীয়াই ১৯৬৪ চনৰ ভিতৰত ১৬ কিলোমিটাৰ মথাউৰি আৰু ২৩৫ বৰ্গ কিলোমিটাৰ অঞ্চল গ্ৰাস কৰে। ভাৰতীয় মহাকাশ সংস্থা আৰু ব্ৰহ্মপুত্ৰ ব’ৰ্ডে যুটীয়াভাৱে চলোৱা এক অধ্যয়ন মতে ১৯৬৯–৭৪ চনৰ কালছোৱাত মাজুলীত ৫০.০৭ বৰ্গ কিলোমিটাৰ ভূমি খহনীয়াত জাহ গৈছিল। মাজুলীৰ ২৪৪খন গাঁৱৰ ৬৪খন সম্পূৰ্ণৰূপে আৰু ৩০খন গাঁও আংশিকভাৱে আক্ৰান্ত হৈছিল। ২০০৩ চনৰ ৩১ ডিচেম্বৰত তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অসম বিধানসভাত ঘোষণা কৰা মতে উজনিৰ ডিব্ৰুগড়ৰ ২৯৮ হেক্টৰ, মাজুলীৰ ৪২ হেজাৰ হেক্টৰ আৰু মাতমৰা বালিঘাটৰ ১০ হেজাৰ হেক্টৰ ভূমি খহনীয়াৰ ফলত ধ্বংসপ্ৰাপ্ত হৈছিল। সেইদৰে মৈৰাবাৰী, ভূৰাগাঁও আৰু লাহৰীঘাটত ১৫ হেজাৰ হেক্টৰ, চুণাৰী–হাজীৰহাটত ৪০ হেজাৰ হেক্টৰ আৰু পাটামাৰীত ২,৫০০ হেক্টৰ ভূমি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰে খহাই নিছে। বৰপেটা জিলাত ১৯৫০ চনৰ পৰা ১৯৮৮ চনলৈকে ১৫০খন গাঁও ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰে খহাই নিছে। খহনীয়াৰ ফলত গোৱালপাৰা জিলাৰ পাগলাটেকৰ পৰা জলেশ্বৰলৈকে এক বৃহৎ অঞ্চল নৈৰ গৰ্ভত লীন গৈছে। দক্ষিণ শালমাৰা ৰাজহচক্ৰৰ ২০১খন গাঁৱৰ ১৩৫খন গৰাখহনীয়াই ধ্বংস কৰি পেলাইছে। দক্ষিণ শালমাৰা আৰু মানকাচৰ অঞ্চলৰ ৬১৪খন গাঁও গৰাখহনীয়াৰ কবলত পৰি বিলুপ্ত হৈছে। আই আই টি ৰুৰকীৰ এক বিশেষজ্ঞৰ দলে ২০১২ চনত National Disaster Management Authority of Indiaৰ হকে হাতত লোৱা এক অধ্যয়ন মতে ১৯৯৭–২০০৭ চনৰ কালছোৱাত ব্ৰহ্মপুত্ৰই ১০৯৪ বৰ্গ কিলোমিটাৰ ভূমি খহাই নিছে। এই কালছোৱাত প্ৰতিবছৰে ৬২ বৰ্গ কিলোমিটাৰকৈ ভূমি ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰে ধ্বংস কৰিছে। এই অধ্যয়ন মতে ১৯৯৭–২০০৭–০৮ চনলৈকে প্ৰতিবছৰে গৰাখহনীয়াৰ ফলত আমাৰ ৰাজ্যখনত ৭২.৫ বৰ্গ কিলোমিটাৰ ভূমি নৈবোৰৰ বুকুত বিলীন হৈ গৈছে। বৰ্তমানেও ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈবোৰে প্ৰতিবছৰে ৮০ বৰ্গ কিলোমিটাৰ ভূমি খহাই নি আছে। এইদৰে ব্ৰহ্মপুত্ৰ উপত্যকাৰ আঠ শতাংশতকৈ অধিক কৃষিভূমি গৰাখহনীয়াৰ কবলত পৰি ধ্বংস হৈ গৈছে।

ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহৰ গৰাখহনীয়াই অসমৰ সমাজ জীৱনত গভীৰ প্ৰভাৱ পেলাইছে। গৰাখহনীয়াগ্ৰস্ত কুৰি লক্ষাধিক লোকৰ এক ক্ষুদ্ৰ অংশকহে চৰকাৰে ভূমি প্ৰদান কৰি পুনৰ্বাসিত কৰা হৈছে। গৰাখহনীয়াগ্ৰস্ত পুনৰ্বাসিত নোহোৱা লোকসকলে মথাউৰি, নতুন চৰ–চাপৰি আৰু ট্ৰাইবেল বেল্ট–ব্লকত আশ্ৰয় লৈছে। এইদৰে আশ্ৰয় লোৱা লোকসকলৰ একাংশ হিংস্ৰতাৰ বলিও হ’বলগীয়া হৈছে। গৰাখহনীয়াৰ ফলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভৌগোলিক গাঁথনি থৰক–বৰক হৈ পৰিছে। বিস্তীৰ্ণ অঞ্চলৰ কৃষিভূমি ধ্বংস হোৱাৰ ফলত গৰাখহনীয়াপীড়িত খেতিয়কসকল দিনমজুৰত পৰিণত হৈছে। অসমৰ কেইবালাখ যুৱকে বহিঃৰাজ্যত নামমাত্ৰ মজুৰিত কাম কৰিবলগীয়া হৈছে। মধ্য আৰু নামনি অসমৰ শ শ গাঁও গৰাখহনীয়াত জাহ যোৱাৰ কথা উজনি অসমৰ অধিকাংশ লোকৰে দৃষ্টিৰ অগোচৰে ৰৈ গৈছে। ফলত নামনি বা মধ্য অসমৰ গৰাখহনীয়াপীড়িত মানুহবোৰে যেতিয়া অসমৰ নগৰে–চহৰে কাম বিচাৰি যায়, ভাষা আৰু বেশ–ভূষাৰ পাৰ্থক্যৰ বাবে এনে লোকসকলৰ নাগৰিকত্ব সন্দৰ্ভত অধিকাংশ লোকৰ মনত সন্দেৰ উদ্ৰেক হয়। এনে গৰাখহনীয়াপীড়িত লোকসকলে যেতিয়া ভূমি ক্ৰয় কৰি কোনো অঞ্চলত বাস কৰিবলৈ লয়, তেতিয়াও সেইবোৰ অঞ্চলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়। বিভেদকামী, সাম্প্ৰাদায়িক একাংশ ৰাজনৈতিক নেতাই এনে কথাবোৰক সাম্প্ৰদায়িক ৰূপ দি ৰাজনৈতিক লাভৰ অংক কৰে। আনহাতে, ৰাজহ প্ৰদানকাৰী শ শ গাঁও ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যোৱাৰ ফলস্বৰূপে লাখ লাখ খেতিয়কৰ ভূমিৰ পট্টা বাতিল হয়, যাৰ ফলস্বৰূপে ভূমি স্বত্বৰ প্ৰমাণ হেৰুৱাই অনেক চৰকাৰী সা–সুবিধাৰ পৰা এনে লোকসকল বঞ্চিত হ’বলগীয়া হয়। এনে গাঁও বিলুপ্তিৰ ফলস্বৰূপে চৰকাৰেও প্ৰতিবছৰে বুজন পৰিমাণৰ ৰাজহৰ পৰা বঞ্চিত হ’বলগীয়া হয়। তদুপৰি গৰাখহনীয়াই অসমৰ অনেক ঐতিহাসিক মঠ–মন্দিৰ, সত্ৰ আদি নিশ্চিহ্ন কৰি পেলাইছে। উদাহৰণস্বৰূপে, আমি পূৰ্বৰ কমলাবাৰী সত্ৰ, বৰদোৱা সত্ৰ, সত্ৰকনৰা সত্ৰ, মইনবড়ি সত্ৰ আদি পবিত্ৰ স্থানসমূহৰ কথা ক’ব পাৰো। এসময়ৰ প্ৰখ্যাত ‘ডাকৰ গাঁও’ হেলী–দত্তৰাও আজি ব্ৰহ্মপুত্ৰৰ বুকুত। সেইদৰে খোলাবান্দা, তাৰাবাৰী, দক্ষিণ শালমাৰা, মুখচৰ, পলাশবাৰীৰ দৰে বহু পুৰণি বাণিজ্য কেন্দ্ৰ, নদী বন্দৰ গৰাখহনীয়াই গ্ৰাস কৰিছে। কিন্তু আটাইতকৈ গুৰুত্বপূৰ্ণ ক্ষতি হৈছে– অসমৰ অৰ্থনীতিৰ। হেজাৰ হেজাৰ হেক্টৰ কৃষিভূমি ধ্বংস হোৱাৰ ফলত কৃষিপ্ৰধান অসমৰ কৃষিৰ পৰা হোৱা আয় যথেষ্ট পৰিমাণে কমি আহিছে।

স্বাধীনতাৰ সত্তৰ বছৰ পিচতো অসমৰ বান–গৰাখহনীয়াৰ দৰে জীৱন্ত সমস্যা এটাক কোনো এখন চৰকাৰেই যথোপযুক্ত গুৰুত্ব প্ৰদান কৰি সমাধানৰ ব্যৱস্থা নকৰিলে। আনকি গৰাখহনীয়া সন্দৰ্ভত সঠিক তথ্য–পাতিও চৰকাৰৰ হাতত নাই। বান–গৰাখহনীয়া সন্দৰ্ভত ব্যাপক জৰীপ চলাই তথ্য কোষ (Data Bank) প্ৰণয়নৰ ব্যৱস্থা কোনো চৰকাৰেই নকৰিলে। বছৰৰ পিচত বছৰ ধৰি গৰাখহনীয়া সমস্যা সমাধানৰ বাবে যিবোৰ আঁচনি হাতত লোৱা হৈছিল, সেইবোৰৰ পৰা গৰাখহনীয়া নিয়ন্ত্ৰণ নহ’লেও দুৰ্নীতিগ্ৰস্ত বিষয়া, অভিযন্তা, ঠিকাদাৰ আদিৰ কিন্তু যথেষ্ট আৰ্থিক লাভ হ’ল। জনগণে বাৰে বাৰে দাবী উত্থাপন কৰাৰ পিচতো বান–গৰাখহনীয়াক আজিও ৰাষ্ট্ৰীয় সমস্যাৰূপে ঘোষণা কৰা নহ’ল।

বৰ্তমান ৰাজ্য চৰকাৰখনে শাসনভাৰ গ্ৰহণ কৰাৰ পিচত বান–গৰাখহনীয়া সমস্যাৰ সমাধানৰ বাবে জলসম্পদ ব্যৱস্থাপনা নীতিৰ পোষকতা কৰিছিল। আধুনিক প্ৰযুক্তি কৌশল প্ৰয়োগ কৰি বান–গৰাখহনীয়া সমস্যা সমাধান কৰাৰ কথা কৈছিল। চৰকাৰৰ ফালৰ পৰা ব্ৰহ্মপুত্ৰৰ তলি খন্দা হ’ব বুলিও ঘোষণা কৰিছিল। কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কৰি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ কৰাৰো আশ্বাস দিছিল। চৰকাৰৰ কাৰ্যকাল শেষ হ’বৰ হ’ল। এনে আশ্বাসবোৰ কিন্তু বাস্তৱায়িত নহ’ল।

অতি সম্প্ৰতি গৰাখহনীয়া সমস্যাটোক প্ৰাকৃতিক দুৰ্যোগৰূপে গণ্য কৰি ক্ষতিগ্ৰস্তৰ পুনৰ সংস্থাপন তথা সাহায্যৰ ব্যৱস্থা কৰিব লাগে বুলি ৰাজ্য চৰকাৰে পঞ্চদশ বিত্তীয় আয়োগৰ ওপৰত দাখিল কৰা প্ৰতিবেদনে কেন্দ্ৰীয় চৰকাৰৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰা বুলি জানিব পৰা গৈছে। আয়োগে নদীৰ খহনীয়া সমস্যাক এক দুৰ্যোগ হিচাপে চিহ্নিত কৰি চি ডি আৰ এফ আৰু এন ডি আৰ এফৰ অধীনত সাহায্য আৰু সংস্থাপনৰ ব্যৱস্থা কৰাৰ বাবে ৰাজ্য চৰকাৰক দৰকাৰী পৰামৰ্শাৱলী দাখিল কৰিবলৈ নিৰ্দেশ দিছিল। ৰাজ্য চৰকাৰে এক পত্ৰযোগে কিছুমান পৰামৰ্শ আয়োগক ইতিমধ্যে দাখিলো কৰিছে। ৰাজ্য চৰকাৰৰ পৰা বিত্ত আয়োগে গৰাখহনীয়াপীড়িত ৰাইজৰ ক্ষতিপূৰণ সন্দৰ্ভত পুনৰায় বিতং তথ্য বিচাৰিছে।

এনে ব্যৱস্থাই গৰাখহনীয়া সমস্যা সম্পূৰ্ণ সমাধান কৰিব নোৱাৰিব। তদুপৰি সাহায্য আৰু পুনৰ্বাসন কাৰ্য কিদৰে চৰকাৰে ৰূপায়িত কৰে তাৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰিব।

অসমৰ ৰাইজে এনে আঁচনিৰ কথা পূৰ্বেও অনেকবাৰ শুনিলে। গৰাখহনীয়া নিয়ন্ত্ৰণৰ বাবে এই সমস্যাক পোনতে ৰাষ্ট্ৰীয় সমস্যা বুলি ঘোষণা কৰি কেন্দ্ৰীয় চৰকাৰে এই সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ কৰিব লাগিব। অসমৰ জনগণে এই কাম কৰাবলৈ কেন্দ্ৰীয় চৰকাৰক বাধ্য কৰাব লাগিব। ইয়াৰ বাবে দল, মত, জাতি–ধৰ্ম নিৰ্বিশেষে জনগণৰ মাজত এক ঐক্যবদ্ধ আন্দোলন গঢ়ি তুলিব লাগিব। গৰাখহণীয়া সমস্যাৰ স্থায়ী সমাধানৰ বাবে ইয়াৰ কোনো বিকল্প নাই।

স্থায়ী সমাধানৰ বাবে যথেষ্ট সময় ল’ব নিশ্চয়, তাৰ পুৰ্বে অসম চৰকাৰৰ প্ৰাক্তন অতিৰিক্ত মুখ্য সচিব চন্দ্ৰকান্ত দাসে ‘অসমীয়া প্ৰতিদিন’ৰ পাতত গৰাখহনীয়াপীড়িত ৰাইজক সকাহ দিবলৈ কেইটামান পৰামৰ্শ আগবঢ়াইছে। এই পৰামৰ্শাৱলীৰ মাজত আছিলঃ (১) কেন্দ্ৰীয় চৰকাৰে গৰাখহনীয়াক প্ৰাকৃতিক দুৰ্যোগ বুলি ঘোষণা নকৰিলেও গৰাখহনীয়াত মাটি ধ্বংস হোৱা লোকসকলক ৰাজ্য চৰকাৰে নিজৰ তৰফৰ পৰা ক্ষতিপুৰণ দিয়া, (২) গৰাখহনীয়াত মাটি জাহ যোৱা লোকসকলক ১–১–৮১, ১–১–২০০১ তাৰিখৰ পৰা ক্ষতিপূৰণ দিয়া আৰু (৩) গৰাখহনীয়াত মাটি জাহ যোৱা লোকসকলক অন্ততঃ সৰু ঘৰ এটা বনাবলৈ আধা বা এবিঘা মাটি দিবনে?

এই পৰামৰ্শাৱলী কাৰ্যকৰী কৰিলেও অসমৰ গৰাখহনীয়াৰ ফলত বিগত সত্তৰ বছৰে অসমত ষাঠি লাখ বিঘা ভূমি হেৰুৱাই জনতাই কিছু হ’লেও সকাহ পালেহেঁতেন।

 

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

লেখকৰ ম’বাইল নম্বৰঃ ৭৬৩৬০–৬১২৩৬

LEAVE A REPLY

Please enter your comment!
Please enter your name here

Most Popular

বন বিভাগৰ আঁচনি

প্ৰকাশিত তাৰিখঃ ২ আগষ্ট, ২০২১ বন বিভাগৰ এই আঁচনিখন ৰূপায়ণৰ নামত নিশ্চয় বহু লাখ টকা খৰচ কৰিব। কিন্তু বাস্তৱক্ষেত্ৰত আঁচনিখনৰ সফল ৰূপ পাবনে? যি হাৰত...

অসম–মিজোৰাম আন্তঃৰাজ্যিক সীমা সংঘাতৰ ঐতিহাসিক কাৰণ

প্ৰকাশিত তাৰিখঃ ২ আগষ্ট, ২০২১ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা – ভাৰতবৰ্ষ স্বাধীনতা লাভৰ পাছত উত্তৰ–পূৰ্বাঞ্চলত অসম, মণিপুৰ আৰু ত্ৰিপুৰা এই তিনিখন ৰাজ্য গঠন হৈছিল। আজিৰ মিজোৰাম, নগালেণ্ড,...

খেতিপথাৰত মহিলা

প্ৰকাশিত তাৰিখঃ ২৬ জুলাই, ২০২১ শাওণৰ পথাৰ। কৃষি কৰ্মত ব্যস্ত মহিলাসকল। গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণীৰ খেতিপথাৰত। ফটোঃ প্ৰভাত ৰাভা Pix: Prabhat Rabha

লক্ষ্মী ফেঁচা

প্ৰকাশিত তাৰিখঃ ২৬ জুলাই, ২০২১ এহাল লক্ষ্মী ফেঁচা। ক্ৰমান্বয়ে বিলুপ্তিৰ পিনে গতিকৰা ফেঁচা হালক মহানগৰীৰ পামহীত দেখা গৈছে। ফটোঃ মৰ্মেশ্বৰ বড়ো Pix: Marmeswar Boro

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward