Sunday, February 25, 2024
HomeARTICLEচলকা দাৰে বাঢ়ৈগাঁওবাসীয়ে প্ৰাণৱন্ত কৰি তোলা এটি জলপ্ৰপাত

চলকা দাৰে বাঢ়ৈগাঁওবাসীয়ে প্ৰাণৱন্ত কৰি তোলা এটি জলপ্ৰপাত

প্ৰকাশিত তাৰিখঃ ১১ডিচেম্বৰ, ২০২৩

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা –

সম্প্ৰতি মানুহবোৰে কৃত্ৰিমতাৰ পৰা আঁতৰি প্ৰাকৃতিক পৰিৱেশত মিলিবলৈ আগ্ৰহী হৈ পৰিছে। ফলস্বৰূপে কৃত্ৰিমভাৱে সৃষ্ট পুখুৰী, জলপ্ৰপাত আদিৰ পৰিৱৰ্তে প্ৰাকৃতিকভাৱে সৃষ্ট নিজৰা, জলপ্ৰপাতবোৰ ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰা দেখা গৈছে। বৰ্তমান বন–বননিৰ মাজত অৱস্থিত নিজৰা, জলপ্ৰপাতবোৰত মানুহৰ সমাগম আৰম্ভ হৈছে। গুৱাহাটী মহানগৰীৰ নিচেই কাষৰীয়া ছাটাৰগাঁৱৰ ‘থিয়পানী’ চানডুবিৰ আশে–পাশে লোহাৰঘাটৰ ওচৰৰ ‘দেওপানী’ বাখালাপাৰাৰ ‘ৰামটেং’ বাঢ়ৈগাঁৱৰ ‘চ’লকা’ ৰাণীখামাৰৰ ‘কাফানদঙা’ আদিকৰি প্ৰাকৃতিকভাৱে সৃষ্ট কেইবাটাও জলপ্ৰপাত আছে। এতিয়া সেই জলপ্ৰপাতবোৰত মানুহৰ সমাগম বাঢ়িবলৈ লৈছে। উল্লেখযোগ্য যে, ১৯৬২ চনত অসমৰ মুখ্যমন্ত্ৰী বিমলা প্ৰসাদ চলিহাৰ কাৰ্যকালত কৃষি উৎপাদনৰ ওপৰত অধিক গুৰুত্ব দিয়া হৈছিল। বিশেষকৈ চীড ফাৰ্ম, কৃষি ফাৰ্ম স্থাপনৰ লগতে জলসিঞ্চনৰ বাবে বিভিন্ন ঠাইত মথাউৰী নিৰ্মাণৰ ওপৰতো গুৰুত্ব আৰোপ কৰিছিল। দক্ষিণ কামৰূপৰ অসম–মেঘালয় সীমাঞ্চলৰ বাঢ়ৈগাঁৱতো তেনে এটি কৃষি বান্ধ নিৰ্মাণ কৰিছিল। মায়াং সংৰক্ষিত পাহাৰৰ পৰা বৈ অহা এটি নিজৰা এটিক বান্ধ দি কেনেলেৰে খেতিপথাৰলৈ পানী বোৱাই নি অঞ্চলটো কৃষি উপযোগী কৰি তুলিছিল। লগতে পানী নিয়ন্ত্ৰণৰ বাবে পাহাৰৰ নামনিৰ পৰা প্ৰায় এশ মিটাৰ দূৰত্বত এটি শ্লু’ইচ গে’ট নিৰ্মাণ কৰিছিল। ১৯৯৫ চনত সংহত জনজাতি উন্নয়ন প্ৰকল্পৰ অৰ্থসাহাৰ্যত সেই নিজৰাটোৰ ওপৰত পুনৰ ভেটা এটি দিয়া হয়। ইয়াৰ লগে লগে নিজৰাটোৰ জলধাৰাৰ গতি বাঢ়িছিল। (চলকা দাৰে বাঢ়ৈগাঁওবাসীয়ে প্ৰাণৱন্ত কৰি তোলা এটি জলপ্ৰপাত)

উল্লেখযোগ্য যে, বাঢ়ৈগাঁও ঐতিহাসিক চানডুবি বিলৰ পৰা প্ৰায় তিনিকিলোমিটাৰ দূৰত্ব। এই গাঁওখনৰ চ’লকা জলপ্ৰপাত প্ৰকৃতিৰ এক অনবদ্য অৱদান। মূল উপাসনাস্থলী গীৰ্জা ঘৰৰ পৰা প্ৰায় দুশ মিটাৰ দূৰত চ’লকা জলপ্ৰপাত। এসময়ত কৃষি উন্নয়নৰ কাৰণে নিৰ্মাণ কৰা বান্ধটো আজি গাঁওবাসীৰ যোগাত্মক চিন্তা, আন্তৰিকতাৰ ফলত সুন্দৰ ৰূপত গঢ় লৈ উঠা এটা জনপ্ৰিয় জলপ্ৰপাত হৈ পৰিল। স্থানীয় গাৰোভাষাত উক্ত জলপ্ৰপাতটোক ‘চ’লকাদাৰে’ বুলি কোৱা হয়। ‘চ’লকাদাৰে’ মানে– পানীৰ উঁহ। জলপ্ৰপাতটোত দৈনিক দৰ্শনাৰ্থীৰ ভিৰ লাগে। বিশেষকৈ শনিবাৰ, দেওবাৰ দিনটোত হাজাৰৰ ওপৰত দৰ্শনাৰ্থী আহে। ইপিনে– গ্ৰীষ্ম বন্ধৰ এমাহকাল জলপ্ৰপাতটোত দৈনিক মানুহেৰে ভৰি থাকে। তদুপৰি ১৫ আগষ্টৰ স্বাধীনতাৰ দিনটোত মানুহৰ ভীৰ অধিক বঢ়াৰ বাবে নিয়ন্ত্ৰণৰ বাহিৰ হও হও অৱস্থা এটা হয় বুলি গাঁওবাসীয়ে ব্যক্ত কৰে। মাইলছ ব্ৰনছন য়ুথ ক্লাৱ হ’ল– গাঁওখনৰ ডেকা–ডেকেৰী সদস্যভূক্ত এটি যুৱ সংগঠন। এই যুৱ সংগঠনটোৰ প্ৰচেষ্টাত এসময়ৰ হাবি–জংঘলেৰে পৰিপূৰ্ণ জলপ্ৰপাতটো আজি নতুন মাত্ৰা লাভৰ লগতে ঠাইখন আকৰ্ষণীয় পৰ্যটনস্থলী ৰূপে গঢ় লৈ উঠিল। কৃষি বান্ধৰ শ্লু’ইচ গেটৰ কাষত সংগঠনটোৰ এটি প্ৰৱেশ গে’ট আছে। এই গে’টত প্ৰতিজন দৰ্শনাৰ্থীৰ পৰা দহ টকা প্ৰৱেশ মাচুল সংগ্ৰহ কৰে। এই মাচুল জলপ্ৰপাতৰ উন্নয়নৰ কামত ব্যৱহাৰ কৰে। জলপ্ৰপাতস্থলীত দৰ্শনাৰ্থীৰ আগমণৰ লগে লগে স্থানীয়লোকৰ বহুকেইখন সৰু সৰু দোকান গঢ়ি উঠিছে। য’ত চাহ, পোনা, পিঠা আদি বিভিন্ন ধৰণৰ খাদ্যবস্তু পোৱা যায়। বিশেষকৈ মনোহৰ আৰু পূৰা কলৰ ঘৰুৱাভাৱে তৈয়াৰী চিপচ বিধে গ্ৰাহকৰ অধিক সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে। দৈনিক বিভিন্ন প্ৰজাতিৰ পকা–কেঁচা কল, টেঙা, আলু, কচু, ঢেকীয়া, জলকীয়া, বেঙেনা, কলডিল, নানা ধৰণৰ বনৰীয়া শাক–পাচলিৰে এই দোকান সমূহ ভৰি পৰে। তদুপৰি বতৰত সোঁৱাদ যুক্ত খাছি মাণ্ডাৰিন কমলাও পোৱা যায়। দোকানবোৰৰ সকলো সামগ্ৰীয়েই বিক্ৰী হয়। যদিও তেওঁলোকে লাভ–লোকচানৰ হিচাপ কৰি নচ’লে। তেওঁলোকৰ মতে– উৎপাদিত ফচল ঠাইতে বিক্ৰী কৰিব পৰা অৱস্থা এটা হৈছে সেইটোৱেই লাভ। এই ব্যৱস্থা গঢ়ি নুঠিলে ফচলবোৰ ঘৰতে নষ্ট হৈ গ’লহেতেন সেয়া লোকচান। সহজ–সৰল মানুহখিনিৰ এইটোৱেই লাভ–লোকচানৰ ফৰ্মূলা। কিয়নো তেওঁলোকৰ সামগ্ৰীবোৰ হয়তো নিজৰ উৎপাদন অথবা বনাঞ্চলৰ পৰা সংগ্ৰহ কৰা। বৰ্তমান নিজ গাঁওখনতে বিক্ৰী কৰি দুপইচা অৰ্জন কৰিবলৈ সক্ষম হৈছে। নহ’লে এইবোৰ বিক্ৰীৰ বাবে উকিয়াম, মুদুকী, বাগান আদি সাপ্তাহিক বজাৰলৈ যাব লগা হ’লহেতেন। ইপিনে– সাপ্তাহিক বজাৰৰ দিনটোলৈ অপেক্ষা কৰোতে বহু উৎপাদন ঘৰতে নষ্ট হ’লহেতেন। এতিয়া ঘৰতে সামগ্ৰী নষ্ট হৈ লোকচান ভৰিবলগা হোৱা নাই। প্ৰতিটো দিনত সামগ্ৰী বিক্ৰী কৰি ৩০০–৬০০ টকা অৰ্জন কৰিছো আমাৰ বাবে এয়াই লাভ। এইদৰে কৈছিল আদহীয়া লোক এজনে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward