Friday, April 26, 2024
HomeARTICLEচানডুবি উৎসৱঃ জনগোষ্ঠীও থলুৱা গীত–মাতত মুখৰিত উৎসৱস্থলীৰ বাকৰি

চানডুবি উৎসৱঃ জনগোষ্ঠীও থলুৱা গীত–মাতত মুখৰিত উৎসৱস্থলীৰ বাকৰি

প্ৰকাশিত তাৰিখঃ ৪ জানৱাৰী, ২০২১

চি এন ডেস্ক

চানডুবি, ১৮৯৭ চনৰ বৰ ভূমিকম্পত সৃষ্টি হোৱা বিলখনৰ সৃষ্টিত কেইবাটাও জনশ্ৰুতি জড়িত হৈ আছে। ইংৰাজৰ শাসনকালত কোনো চাহাব এজনে হেনো বেলিটো ডুব যোৱা চাবলৈ আহিছিল। বিলটোৰ পৰা বেলি ডুবিবধৰা দৃশ্য দেখি আনন্দত আত্মহাৰা হৈ পৰিছিল ইংৰাজ চাহাবজনে। ইংৰাজৰ ‘চান’ মানে বেলি আৰু য’ৰ পৰা বেলিটো ডুব যোৱা দৃশ্য চাইছিল সেইখিনিকে ডুবি বুলি অভিহিত কৰিছিল। পৰৱৰ্তীকালত ইংৰাজৰ চান আৰু অসমীয়াৰ ডুবি এই দুয়োটা শব্দ মিলি চানডুবি হ’ব পাৰে বিশ্বাস কৰে। ইপিনে, খাছিসকলে বিলখনৰ আশে–পাশে ‘চান উব্লেই’ নামেৰে পাঁচটা দেৱতাক পূজা–অৰ্চনা কৰিছিল। খাছি ভাষাত চান মানে পাঁচ আৰু উব্লেই মানে হ’ল দেৱতা। কালক্ৰমত চান উব্লেইৰ পৰা চানডুবি হোৱা বুলি বিশ্বাস কৰে। খ্ৰীষ্টীয় দশম–একাদশ শতিকাত চম্পক নগৰৰ বুৰঞ্জীখ্যাত চান্দ সদাগৰে পাহাৰীয়া জনজাতিসকলৰ লগত বেহা–বেপাৰ কৰিছিল। বণিজলৈ কুলশী নদীৰে উজাই আহি এই বিলখনতে নাও বান্ধিছিল। এদিনাখন বন্ধা ঠাইতে নাও ডুবি গৈছিল। তেতিয়াৰ পৰাই চান্দ আৰু ডুবি এই শব্দ দুটাৰ পৰা চানডুবি হোৱা বুলি বিশ্বাস কৰে। বিভিন্ন জনশ্ৰুতিৰ মাজেৰে আহি আহি এসময়ত চানডুবি ৰূপে খ্যাত হৈ পৰিল।

ঐতিহাসিক এই চানডুবি বিলৰ বাকৰিত বৰদুৱাৰ–ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থা (বাৰছু)ই আয়োজন কৰি আহিছে চানডুবি উৎসৱৰ। চানডুবি উৎসৱে এইবাৰ একাদশ বৰ্ষত ভৰি দিলে। এইবাৰৰ চানডুবি উৎসৱ ১ জানুৱাৰীৰ পৰা চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে। স্থানীয় শিল্পীসকলে উৎসৱৰ বাবে বিলখনৰ সেউজ বাকৰিত বাঁহ, বেত, খেৰ, নৰা আদিৰে জাকত জিলিকা ৰূপত মঞ্চ, অতিথি গৃহ আদি সাজি উলিয়াইছে। বিগত ২০২০ বৰ্ষত ‘কা’ আন্দোলনত সমগ্ৰ ৰাজ্যখন উত্তাল হৈ থকাৰ পৰিপ্ৰেক্ষিতত আয়োজক সমিতিয়ে উৎসৱৰ সকলোবোৰ কাৰ্যসূচী বাতিল কৰিছিল। ‘কা’ৰ পাছত চলিল ক’ৰ’ণাৰ ত্ৰাস। এইপৰ্যন্ত ক’ৰ’ণাৰ ভয়–শংকাৰ পৰা মুক্ত হ’ব নোৱাৰিলেও প্ৰশাসনৰ অনুমতি সাপেক্ষে উৎসৱ–পাৰ্বনবোৰৰ আয়োজন চলি আছে। দীৰ্ঘদিন গৃহবন্দীৰ পাছত জনসাধাৰণে মুক্ত পৰিবেশৰ বাৰুকৈয়ে অনুভৱ কৰিছে। সেয়ে চানডুবি উৎসৱলৈ জনতাৰ সোঁত বোৱা দেখা গৈছে। ৩ জানুৱাৰী ৰবিবাৰে হাজাৰ–হাজাৰ সৰু–বৰ গাড়ীৰ শাৰীয়ে ইয়াকে প্ৰমাণ কৰে।

চানডুবি উৎসৱৰ পতাকা উত্তোলন কৰে উদ্‌যাপন সমিতিৰ সভাপতি কমলেশ্বৰ ৰাভাই। ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ মুখ্যকাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই উৎসৱৰ মূলদ্বাৰ মুকলি কৰে। মূলদ্বাৰ মুকলি কৰি দিয়া চমু ভাষণত– ঐতিহাসিক বিলখনৰ সৰ্বদিশত উন্নয়ন কামনা কৰি আহি থকা দিনবোৰত চানডুবি উৎসৱৰ পৰিসৰে বৃদ্ধি লাভ কৰিব বুলি আশা প্ৰকাশ কৰে। পৰ্যটকৰ সুবিধাৰ অৰ্থে চানডুবিৰ বাকৰিত কিছু ব্যৱস্থা গ্ৰহণৰ আশ্বাস প্ৰদান কৰে। ইয়াৰ পাছত অন্যান্য কাৰ্যসূচীবোৰৰ ভিতৰত– বাকৰিৰ অতিথিগৃহ ডগৰবুৰাৰ দ্বাৰ মুকলি কৰে পৰিষদৰ কাৰ্যবাহী সদস্যা ৰশ্মি ৰাভাই। পৰিষদৰ সাধাৰণ সদস্য নৃপেন ৰাভাই প্ৰদৰ্শনস্থলী লাঙাবুৰাৰ দ্বাৰ আৰু থলুৱা খেল–ধেমালি উদ্বোধন কৰে পৰিষদৰ সাধাৰণ সদস্য দিলীপ কুমাৰ ৰাভাই।

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য সুমিত ৰাভাই চান্দ সদাগৰ সোৱৰণী মঞ্চ উদ্বোধন কৰে। এই মঞ্চতে সত্য ৰাভাৰ দ্বাৰা সম্পাদিত উৎসৱৰ স্মৃতিগ্ৰন্থ ‘লকেয়া’ উন্মোচন কৰে ধূপধৰাৰ বিকালি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষা ড মলিনা দেৱী ৰাভাই। স্মৃতিগ্ৰন্থ উন্মোচনী ভাষণত তেখেতে উল্লেখ কৰে যে, একো একোটা ইতিহাস দাঙি ধৰে গ্ৰন্থই। উন্মোচিত গ্ৰন্থখনত ৰাভাসকলৰ জাতীয় ব্যৱস্থাই নহয়, এটি যুগৰ, এটি জাতিৰ ইতিহাস পাব। পৰৱৰ্তীকালত এই গ্ৰন্থখনৰ কলেৱৰ বৃদ্ধিপোৱাৰ আশাও প্ৰকাশ কৰে। কিন্তু বিলখনক লৈ গৱেষণা চলোৱা ছাত্ৰ–ছাত্ৰীৰ সংখ্যা যোৱা দহটা বছৰত হ্ৰাস পোৱা বুলিও এই ভাষণ প্ৰসংগতে উল্লেখ কৰে।

উল্লেখ্য যে, অপ্ৰিকা ৰাভা, অমিয়া ৰাভা, অপিলা ৰাভা, নিশাচৰী ৰাভা, লেডী ৰাভা, বীণাপানি ৰাভা, ৰিজু বালা ৰাভা এই সাতগৰাকী শিপিনীয়ে পৰম্পৰাগত ৰাভাৰ সাজ–পাৰ উৎপাদনৰ জৰিয়তে ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হৈছে। একাদশ বাৰ্ষিক চানডুবি উৎসৱৰ দ্বিতীয় দিনৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত এই ৰাভা শিপিনীসকললৈ সম্বৰ্ধনা আগবঢ়ায় আয়োজক সমিতিয়ে। অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে হিমাংশু শেখৰ বৈশ্যই। কাৰ্যসূচীত উপস্থিত থাকে নিখিল ৰাভা ছাত্ৰ সন্থা (আৰছু)ৰ সভাপতি নৃপেন খান্দা, নিখিল ৰাভা মহিলা পৰিষদৰ সভানেত্ৰী হিমা ৰাভা, ষষ্ঠ অনুসূচী দাবী সমিতিৰ সভাপতি মহিধৰ ৰাভা। ছাত্ৰ সংগঠনটোৰ সভাপতি খান্দাই নিজৰ ভাষণ প্ৰসংগত উল্লেখ কৰে যে– বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়াত ৰাভা জাতিৰ অৱদান উল্লেখনীয়। কৰ্মইহে এটা জাতি জীয়াই ৰাখে। ৰাভাৰ পৰম্পৰাগত সাজ–পাৰ উৎপাদন কৰি আজি ৰাষ্ট্ৰীয় পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হৈছে ৰাভা শিপিনীসকলে। নিজৰ লগতে জাতিটোক স্বাৱলম্বী কৰি তুলিবলৈ কৰ্ম কৰিবই লাগিব। অনাগত দিনবোৰত চানডুবি বিলৰ জৈৱ–বৈচিত্ৰ্যতা ৰক্ষাৰ হকে ৰাভাৰ দল–সংগঠনসমূহেই আগভাগ ল’ব লাগিব। ৰাভাসকলে আজি দীৰ্ঘদিনৰ ষষ্ঠ অনুসূচী দাবীৰ আন্দোলন চলাই আহিছে। য’ত থাকিব সম অধিকাৰ আৰু সম মৰ্যাদা। ৰাভা, বড়ো, গাৰো আদি বিভিন্ন জনগোষ্ঠীও নৃত্য–গীত–মাতে উৎসৱস্থলীৰ সাংস্কৃতিক কাৰ্যসূচীক মুখৰিত কৰি তোলে।                         

চলিত চানডুবি উৎসৱ অন্য বছৰৰ দৰে বাৰেৰহনীয়া সাংস্কৃতিক কাৰ্যসূচী অন্তৰ্ভূক্ত কৰা হৈছে। থলুৱা খাদ্য সম্ভাৰেৰে উৎসৱস্থলী উপচি পৰিছে। উৎসৱত আয়োজন কৰা থলুৱা খেল–ধেমালিয়ে মানুহক সৌ তাহানিৰ দিনবোৰলৈ উভতাই নিছে। কোনোজনে এই খেল খেলি আনন্দ উপভোগ কৰিছে আৰু কোনো এই খেল চাই আনন্দ লভিছে। চানডুবি উৎসৱৰ বিশ্বমুখী যাত্ৰাৰ গতি খৰতকীয়া হওক, সকলোক্ষেত্ৰতে ৰাইজৰ সহায়–সহযোগিতা কামনা কৰিছে আয়োজক সমিতিয়ে।

 

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward