Friday, March 29, 2024
HomeUncategorizedচানডুবি পাৰৰ জুপাংবাৰী বন–ধন কেন্দ্ৰত বাঁহ–বেতৰ কৰ্মশালা

চানডুবি পাৰৰ জুপাংবাৰী বন–ধন কেন্দ্ৰত বাঁহ–বেতৰ কৰ্মশালা

প্ৰকাশিত তাৰিখঃ ২৯ জুন, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

গুৱাহাটীৰ ভাৰতীয় উদ্যমিতা প্ৰতিষ্ঠানে (আই আই ই) পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত জুপাংবাৰী বন–ধন কেন্দ্ৰৰ সহযোগত অনুষ্ঠিত কৰা বাঁহ–বেতৰ কৰ্মশালাখনি ২৮ জুনত সামৰণি পৰে। কৰ্মশালা খনিত অঞ্চলটোৰ বিভিন্ন গাঁৱৰ অৰ্ধশতাধিক মহিলাই অংশ গ্ৰহণ কৰে।

লোহাৰঘাট বনাঞ্চলিক কাৰ্যালয়ৰ বনবিষয়া চেমিম আখটাৰে পৌৰোহিত্য কৰা সামৰণি অনুষ্ঠানটোত অজয় চিনালে আঁতধৰে।

সদৌ নলবাৰী জিলা বাঁহ–বেত সমবায় সমিতিৰ সভাপতি দিলীপ কুমাৰ দাসে কৰ্মশালাখনিত মুখ্য প্ৰশিক্ষকৰূপে দায়িত্ব পালন কৰে।

সফলতাৰ বাবে ধৈৰ্য আৰু একাগ্ৰতাহে মূল সম্পদ। বাঁহ–বেতৰ প্ৰশিক্ষণ লাভ কৰাসকলৰ দক্ষতা সমূহ উপযুক্ত কামত ব্যৱহাৰ হ’লে সেয়া সফল অৱধাৰিত।

আগ্ৰহী মহিলাসকলক বিভিন্ন ক্ষেত্ৰ পৰিদৰ্শন কৰাব বুলি ব্যক্ত কৰে বনাঞ্চলিক বিষয়া আখটাৰে। সেয়ে নহয় বাঁহ–বেতৰ উৎপাদিত সামগ্ৰী সমূহ বিভিন্ন ক্ষেত্ৰত বিক্ৰীৰ ব্যৱস্থাও কৰিব। ইপিনে মুখ্য প্ৰশিক্ষক দিলীপ কুমাৰ দাসেও– প্ৰতিমাহে বিশ হেজাৰ টকাৰ বিভিন্ন ডিজাইনৰ সামগ্ৰী ক্ৰয় কৰিব বুলি ব্যক্ত কৰে।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward