প্ৰকাশিত তাৰিখঃ ১৫ আগষ্ট, ২০২২
কল্প ৰঞ্জন গগৈ –
ইতিমধ্যে ঘৰে ঘৰে ৰাষ্ট্ৰীয় পতাকাখন উৰুৱাবলৈ নতুন প্ৰস্তুতি চলোৱা হৈছে। স্বাধীনতাৰ ৭৫ বছৰত আৰু ই অহা ২৫ বছৰ অৰ্থাৎ ভাৰতবৰ্ষৰ স্বাধীনতাৰ শতবৰ্ষ স্থানলৈকে এক নতুন বৈপ্লৱীক কাৰ্য্যসূচীৰে সমৃদ্ধ কৰি আগবঢ়াই নিয়াৰ দায়িত্ব সকলো ভাৰতীয়ৰ। বিশেষকৈ ৪০ বছৰৰ তলৰ ডেকা ভাৰতবাসীৰ। পৃথিৱীৰ ২/৩ অংশ মানুহ ৪০ বছৰৰ তলৰ সেইদৰে ২/৩ অংশ ভাৰতীয় দেশৰ নতুন সুৰ্য্য যি গঢ়ি তুলিব জনতাৰ–হালোৱা–বনুৱাৰ বিশ্বায়ন। আজি বিভিন্ন ৰূপত এই পুঁজিবাদ–সাম্ৰাজ্যবাদ বিৰোধী জাতীয় মুক্তিযুদ্ধ আগবাঢি গৈ আছে ইতিহাসৰ এঁকা–বেঁকা পথেৰে। পৰিৱৰ্তনৰ চালিকা শক্তি জনগণ কিন্তু এই পৰিৱৰ্তন মানুহৰ ইচ্ছা অনুসৰি নঘটে– Change takes place independent of the will of the people। কিন্তু পৰিৱৰ্তনৰ দিশ সদায়েই সৎ প্ৰচেষ্টাৰ ওপৰতহে নিৰ্ভৰশীল। ইতিহাস ইয়াৰ সাক্ষী আৰু একেসময়তে ইতিহাস বৰ নিৰ্মম।
দেশৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সদিচ্ছাৰ Economic and Political will– প্ৰতিফলন ঘটে সংস্কৃতিৰ মাধ্যমেৰে। সেয়ে জনসংস্কৃতিয়ে প্ৰতিনিধিত্ব কৰে জনতাৰ অৰ্থনৈতিক আৰু ৰাজনৈতিক সদিচ্ছা। বৰ্তমানে এই দ্বন্দ যে এক তীব্ৰ ৰূপ ধাৰন কৰিছে তাৰেই প্ৰমাণ গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভই প্ৰকাশ কৰি আছে। একেটা সময়তে গণ মাধ্যমে প্ৰতি মুহুৰ্ততে দেখুৱাই আছে আমাৰ চিন্তা–ভাৱনা কেনে হোৱা উচিত।
দেশৰ ৭৫ বছৰীয়া স্বাধীনতা জয়ন্তী আমি কেনেদৰে পালন কৰিম তাৰ মাজেদি প্ৰকাশিত হ’ব দেশৰ জনগণৰ মাজত সুপ্ত হৈ থকা আশা–আকাংক্ষা। দেশৰ কৰ্তৃত্বশীল শ্ৰেণীটোৰ দৰ্শনৰ প্ৰকাশ ঘটিব চৰকাৰী কাৰ্যসুচীৰ মাজেদি। উদাহৰন স্বৰূপে শংকদেৱ–মাধৱদেৱ–জ্যোতি–বিষ্ঞু–ভূপেনলৈ প্ৰকাশ হৈছিল সাধাৰণ মানুহৰ কথা। আজি স্বাধীনতা দিৱস উদযাপনৰ বাবে জনগণে প্ৰস্তুত কৰিব লাগিব এক দীৰ্ঘম্যাদী আৰু দীৰ্ঘস্থায়ী সাংস্কৃতিক কাৰ্যসূচী। প্ৰকৃত শিল্পীৰ দ্বাৰাহে এই কাৰ্য সম্ভৱ। কেৱল গান গালেই বাজনা বজালেই শিল্পী নহয়– শিল্পীৰ প্ৰকৃত ব্যাখ্যাৰ বাবে জ্যোতি প্ৰসাদৰ কথা– ৰচনাৱলী মেলি ল’ব লাগিব।
গানে দিব লাগিব হাত আগবঢ়াই মানুহক আগবঢ়াৰ– মানুহক একত্ৰীত কৰা– সমন্বয় গঢ়াৰ পথ যাতে আমি গাব পাৰো– আমিয়েই পৃথিৱী– আমিয়েই ইয়াৰ ল’ৰা–ছোৱালী– We are the world, we are its children।
ইতিহাস বৰ নিৰ্মম। সেয়ে আমি জাতি গঠনৰ বাবে যি কাৰ্যসূচী ল’ব লাগিব সি হ’ব লাগিব নিৰ্মম আত্মসমালোচনা–পৰ্যালোচনা–নিজকে সংশোধন কৰিবলৈ। তাৰ লগে লগে জাতিটোৰ ভিতৰত থাকিব লাগিব এক গণতান্ত্ৰীক সমালোচনাৰ পৰম্পৰা।
দেশৰ সাধাৰণ জনগণে আগবঢ়াই নিয়া এই সাংস্কৃতিক কাৰ্যসূচীৰ লক্ষ্য হ’ব ব্যক্তি আৰু সমাজৰ পূৰ্ণবিকাশ য’ত শাসক–প্ৰশাসক সকল হ’ল facilitators– সহায়ক হে। সমাজত স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) কৈ যোৱা প্ৰথমে ধৰ্মীয় বিপ্লৱ তাৰ পিছত শৈক্ষিক বিপ্লৱ আৰু অৱশেষত ৰাজনৈতিক বিপ্লৱ। ধৰ্ম হ’ব দেৱত্ব বিকাশৰ অস্ত্ৰ, শিক্ষা হ’ব নিজৰ পূৰ্ণতা প্ৰকাশৰ অস্ত্ৰ– Manifestation of the perfection in man আৰু ৰাজনৈতিক বিপ্লৱৰ লক্ষ্য হ’ব সকলোধৰণৰ সংঘাতৰ সমাধান– Resolution of all canflicts and contradictions।
ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰাৰ লগে লগে দেশপ্ৰেম জাগি নুঠে। অনুশীলনৰ জৰিয়তে ইয়াক বিকশাই তুলিব লাগিব। জনগণৰ পৰিচালনাত আৰম্ভ কৰা এই স্বাধীনতা দিৱসৰ কাৰ্যসূচী মূলতে হ’ব সাহিত্য–সংস্কৃতিমূলক যাৰ মধ্যমণি হ’ব কবিসকল আৰু লক্ষ্য হ’ব জাতিৰ ভিতৰৰ দূৰ্বল সংঘৱদ্ধ হোৱা শক্তিক শক্তিশালী কৰা। এই শক্তিৰ ওপৰত যোৱা সাতটা দশকত কোনেও লক্ষ্য নকৰিলে। অথচ সংযত শৰণ ল’বলৈ বুদ্ধদেৱে কৈ গৈছিল। দেশৰ মানুহৰ ‘হৃদয়ৰ শূস্কতা’ হ’ল ইয়াৰ ফচল– End result। আজিৰ স্বাধীনতা দিৱসে সকলো ভাৰতবাসীক এক সংঘৱদ্ধ জীৱনলৈ লৈ যাব লাগিব একে সময়তে বিশ্বৰ সামৰিকীকৰণৰ ৰাজনীতিৰ বিৰুদ্ধে সকলো দেশপ্ৰেমীক থিয় দিব লাগিব।
শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News