Saturday, April 20, 2024
HomeNEWSভাৰতীয় ইতিহাস সংকলন সমিতিৰ দক্ষিণ কামৰূপ জিলা সমিতি গঠন

ভাৰতীয় ইতিহাস সংকলন সমিতিৰ দক্ষিণ কামৰূপ জিলা সমিতি গঠন

প্ৰকাশিত তাৰিখঃ ১৮ ফেব্ৰুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

ভাৰতীয় ইতিহাস সংকলন সমিতি এক সৰ্বভাৰতীয় অৰাজনৈতিক সংস্থা। সমগ্ৰ ভাৰতবৰ্ষত সংস্থাটিৰ বিভিন্ন সমিতি আছে। আজি সংস্থাটোৰ দক্ষিণ কামৰূপ জিলা সমিতি গঠনৰ বাবে প্ৰাৰম্ভিক সভাখন মিৰ্জাৰ জাহ্নবী ভৱনত অনুষ্ঠিত হৈ যায়। উক্ত সভাখনত সভাপতিত্ব কৰে ভাৰতীয় ইতিহাস সংকলন সমিতিৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক ড গজেন্দ্ৰ অধিকাৰীয়ে। এটি মাধৱদেৱ বিৰচিত বৰগীতেৰে সভাৰ শুভাৰম্ভণ কৰে শিল্পী বিপুল দাস আৰু কাজল দাসে। ইয়াৰ পিছত উদ্দেশ্য ব্যাখ্যা কৰে গুৱাহাটী সমিতিৰ সাংগঠনিক সম্পাদক কিশোৰ ঠাকুৰীয়াই। ভাৰতীয় ইতিহাস সংকলন সমিতিৰ নীতি আদৰ্শ ব্যাখ্যা কৰে ৰাজ্যিক প্ৰমুখ তথা আই আই টি গুৱাহাটীৰ উপ–পঞ্জীয়ক ডশুভজিৎ চৌধুৰীয়ে। আজি ৩১ জনীয়া দক্ষিণ কামৰূপ জিলা সমিতিখন গঠন কৰা হয়। সমিতি গঠন অনুষ্ঠানটোত হেকৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড গণেশ্বৰ চহৰীয়া, দুধনৈ মহাবিদ্যালয়ৰ অধ্যাপক ড তপন কলিতা, সমাজকৰ্মী অনুপ কুমাৰ মেধীকে আদিকৰি চল্লিশৰো অধিক লোক উপস্থিত আছিল।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward