Friday, April 26, 2024
HomeNEWSঝুম খেতিত ব্যস্ত কাৰ্বি জনগোষ্ঠীয় মহিলা

ঝুম খেতিত ব্যস্ত কাৰ্বি জনগোষ্ঠীয় মহিলা

প্ৰকাশিত তাৰিখঃ ১০ অক্টোবৰ, ২০২২

চানডুবি নিউজ ৰিপ’ৰ্ট –

ভৈয়ামৰ খেতিপথাৰ আৰু পাহাৰীয়া অঞ্চলৰ ঝুমখেতিপথাৰ য’ত– জনজাতীয় পুৰুষ–নাৰীৰ মাজত কৰ্মৰ পাৰ্থক্য দেখা যায়। সাধাৰণতে ভৈয়ামৰ খেতিপথাৰত পুৰুষসকলে হাল বাই, আলি দিয়ে, কঠিয়া তোলে বিপৰীতে মহিলাসকলে ভূই ৰোৱে। অৱশ্যে, পুৰুষৰ দৰে সকলো কাম কৰিব পৰা মহিলা নথকাও নহয়। কিন্তু ঝুম তলিত পুৰুষ–মহিলা সকলোৱে সমানে কাম কৰে। ঝুমখেতি পথাৰ প্ৰস্তুতিৰ সময়ত হাবি–জংঘল চাফা কৰা, কোৰ মৰা কামবোৰ পুৰুষ–মহিলা উভয়ে কৰে। তাৰ পিচৰ পৰ্যায়ৰ ঝুম খেতিপথাৰৰ ঘাঁহ–বন চাফা কৰা কামবোৰৰ বেছিভাগ কিন্তু পুৰুষতকৈ মহিলাইহে কৰে। ভৈয়ামত কঠিয়া ৰোপণৰ পিচত পুৰুষসকলে দুই–এবাৰ খেতিপথাৰত ভূমুকি মৰাৰ বাদে কোনো কাম নাথাকে আৰু ৰোৱণিৰো কৰিবলগীয়া একোৱেই নাথাকে। সেয়ে ক’ব পাৰি ভৈয়ামৰ খেতিতকৈও কষ্টকৰ ঝুমখেতি। ভৈয়ামৰ ৰোৱণিতকৈ বেছি কষ্ট কৰিবলগীয়া হয় ঝুম খেতিত কৰ্মৰত মহিলাসকল। তেনে কষ্টকৰ ছবি দেখা গৈছে পশ্চিম গুৱাহাটী সমষ্টিৰ জালুকপাহাম গাঁৱত।

ফটোঃ নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

Pix: Nirendra Prasad Rabha

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward