Friday, March 29, 2024
Homeবাতৰিডা০ পূৰ্ণিমা দেৱী বৰ্মন গ্ৰীণ অঁস্কাৰ বঁটাৰে সন্মানীত

ডা০ পূৰ্ণিমা দেৱী বৰ্মন গ্ৰীণ অঁস্কাৰ বঁটাৰে সন্মানীত

প্ৰকাশিত তাৰিখঃ ১৫ জুন’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

বিশ্বৰ বন্যপ্রাণী সংৰক্ষণত মুখ্য ভূমিকা লোৱা ব্যক্তিসকলৰ অৱদানক স্বীকৃতি দিবলৈ ডব্লিউ এফ এন নামৰ আন্তঃৰাষ্ট্ৰীয় সংস্থাটোই প্রতিবছৰে আগবঢ়াই আহিছে গ্ৰীণ অস্কাৰ বঁটা। বিপন্নপ্ৰায় হাড়গিলাৰ পদ্ধতিগত সংৰক্ষণৰ বাবে অসমৰ বন্যপ্ৰাণী গৱেষক তথা সংৰক্ষক ডা০ পূৰ্ণিমা দেৱী বৰ্মনলৈ আগবঢ়াইছে এইবাৰৰ গ্ৰীণ অঁস্কাৰ বঁটা।

উল্লেখযোগ্য যে– গ্ৰীণ অস্কাৰ বঁটাৰ মূল্য ৩৫,০০০ পাউণ্ড। এই বঁটা লাভৰ বাবে বিশ্বৰ ১৬৬খন দেশৰ পৰা ৬৬গৰাকী ব্যক্তি মনোনীত হৈছিল। গৌৰৱৰ বিষয় যে সেই ব্যক্তিসকলৰ ভিতৰত ডা০ পূৰ্ণিমা দেৱী বৰ্মনে এই বঁটা লাভ কৰিবলৈ সক্ষম হোৱা একমাত্ৰ অসমীয়া।

ডা০ পূৰ্ণিমা দেৱী বৰ্মনে প্ৰকৃতি সংৰক্ষণ সংস্থা আৰণ্যক’ৰ সহযোগত আজি বহুকেইবছৰ ধৰি কামৰূপ জিলাৰ দদৰা, শিঙিমাৰী আৰু পছৰীয়া নামৰ গাওঁকেইখনত বিপন্নপ্ৰায় হাড়গিলা পদ্ধতিগত সংৰক্ষণৰ হ’কে কাম কৰি আছিল। তেখেতৰ আত্মপ্ৰচেষ্টাতে গাঁৱকেইখনৰ লোকসকলে পক্ষীবিধৰ সংৰক্ষণৰ ওপৰত সজাগতা লাভ কৰিছিল। ফলত অঞ্চলটোত ‘হাড়গিলা বাইদেউ’ ৰূপে ডা০ বৰ্মনে খ্যাতি লাভ কৰিছিল। গাঁৱখনৰ মহিলাসকলক প্ৰকৃতি সংৰক্ষণতে আৱদ্ধ কৰি ৰখা নাছিল অৰ্থনৈতিকভাৱে সৱল কৰিবলৈ আত্মসহায়ক গোট পৰ্যন্ত খুলিদিছিল। য’ত মহিলাসকলে গামোচা, চাদৰ–মেখেলা আদি উৎপাদনেৰে অৰ্থ উপাৰ্জন কৰাৰ সমান্তৰালভাৱে হাড়গিলা সংৰক্ষণ আৰু প্ৰয়োজন সম্পৰ্কতো প্ৰশিক্ষণ লাভ কৰিব পাৰিছিল। অৱশ্যে মহিলাসকলে উৎপাদন কাপোৰত হাড়গিলাৰ ছবি অংকন কৰি আন্দোলনটোৰ প্ৰতি এক যোগাত্মক পদক্ষেপ হাতত লৈছে। ই নিত্যান্তই প্ৰশংসনীয়।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward