Thursday, April 25, 2024
Homeবাতৰিডিস্ক’ভাৰী–নেচনেল জিঅ’গ্ৰাফিৰ তথ্যচিত্ৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান অধিকাৰ অসমীয়া ছাত্ৰৰ

ডিস্ক’ভাৰী–নেচনেল জিঅ’গ্ৰাফিৰ তথ্যচিত্ৰ প্ৰতিযোগিতাত দ্বিতীয় স্থান অধিকাৰ অসমীয়া ছাত্ৰৰ

প্ৰকাশিত তাৰিখঃ ১৫ জুন’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

বিশ্বৰ আগশাৰীৰ ‘ডিস্ক’ভাৰী চেনেল’ আৰু ‘দি নেচনেল জিঅ’গ্ৰাফী চেনেলে’ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এক তথ্যচিত্ৰ প্ৰতিযোগিতাত আয়োজন কৰিছিল। বিশ্বৰ ৫৫খন দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত অসমৰ যুগব্ৰত দাস নামৰ ছাত্ৰ এজনে দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়।

যুগব্ৰত দাস ধুবুৰী জিলাৰ চাপৰত ঘৰ। স্বপন দাস আৰু লিলি দাসৰ একমাত্ৰ পুত্ৰ যুগব্ৰত। উল্লেখ্য যে তেওঁৰ ঘৰুৱা জিলাখনৰ অন্তৰ্গত চাপৰৰ আশে–পাশে থকা চাহ বাগিচা অঞ্চলত বসবাস কৰা আদিবাসী তথা চাহ শ্ৰমিকসকলৰ জীৱন গাথাক বিষয়বস্তু হিচাপে লৈ এক প্ৰবন্ধ লিখি ই–মেইলযোগে প্ৰতিযোগিতালৈ প্ৰেৰণ কৰে। ছাত্ৰগৰাকীৰ পৰা তথ্যসমৃদ্ধ প্ৰবন্ধ লাভ কৰাৰ লগে লগে ‘ডিস্ক’ভাৰী চেনেল’ কৰ্তৃপক্ষই এই বিষয়বস্তুৰ ওপৰত তথ্যচিত্ৰ এখন নিৰ্মাণ কৰি আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণেৰে ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ অনুৰোধ জনায়। সেই অনুৰোধমৰ্মে যুগব্ৰতে তথ্যচিত্ৰখন নিৰ্মাণ কৰি প্ৰতিযোগিতালৈ পঠিয়াইছিল। বিশ্বৰ ৫৫খন দেশে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাখনত অসমৰ যুগব্ৰতে দ্বিতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হয় বুলি ১৫ মে’ত ই–মেইলযোগে এই বাৰ্তা লাভ কৰে।

উল্লেখযোগ্য যে ভাৰতে দ্বিতীয় স্থান অধিকাৰ কৰা আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনিত অষ্ট্ৰেলিয়াই প্ৰথম আৰু নিউজিলেণ্ডে তৃতীয় স্থান অধিকাৰ কৰে। আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি কঢ়িয়াই অনা ছাত্ৰগৰাকীক আছু, চাপৰ প্ৰেছ ক্লাৱ, চাপৰ সাহিত্য সভা, অসম সাহিত্য সন্মিলন আদি বিভিন্ন দল–সংগঠনে অভিনন্দন জ্ঞাপন কৰে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward