Saturday, April 20, 2024
Homeবাতৰিতাৰালাংচ’ৰ ৪৪তম কাৰ্বি যুৱ মহোৎসৱ

তাৰালাংচ’ৰ ৪৪তম কাৰ্বি যুৱ মহোৎসৱ

প্ৰকাশিত তাৰিখঃ ১২ ফেব্ৰুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স

ডিফুৰ কালচাৰেল ছ’চাইটিৰ উদ্যোগত অহা ১৫–১৯ ফেব্ৰুৱাৰীলৈ তাৰালাংচ’ত অনুষ্ঠিত হ’ব ৪৪তম কাৰ্বি যুৱ মহোৎসৱ। বিশ্ববাসীৰ সন্মুখত নিজৰ চহকী লোককৃষ্টি সমূহ দাঙি ধৰাই হ’ল কাৰ্বি মহোৎসৱৰ মূল উদ্দেশ্য।

১৯৭৪ চনত কেইজনমান উৎসাহী কাৰ্বি যুৱকৰ প্ৰচেষ্টাত পোন প্ৰথমবাৰ অনুষ্ঠিত কৰে কাৰ্বি যুৱ মহোৎসৱ। পিচৰ পৰ্যায়ত ১৯৭৭ চনৰ ৩০ জানুৱাৰীত গঠন হয় কাৰ্বি কালচাৰেল ছ’চাইটী। আজিলৈকে সেই ছ’চাইটীখনে প্ৰতিবছৰ আয়োজন কৰি আহিছে কাৰ্বি যুৱমহোৎসৱ।

মহোৎসৱখনি পৰিচালনা কৰিবলৈ মূল সমিতিৰ চন্দ্ৰসিং ক্ৰ’ক সভাপতি আৰু বিদ্যাসিং ৰংপিক সম্পাদকৰ দায়িত্ব অৰ্পণ কৰাৰ লগতে কেইবাখনো উপ–সমিতি গঠন কৰিছে। 

মহোৎসৱলৈ অহা পৰ্যটকসকলে যাতে কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন নহয় তাৰবাবে সকলোধৰণৰ যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে জিলা প্ৰশাসন আৰু কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে। এইবাৰ প্ৰায় ১ নিযুত দেশী–বিদেশী পৰ্যটকে অংশগ্ৰহণ কৰিব বুলি আশা ৰাখিছে আয়োজক সমিতিয়ে।

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward