Friday, March 29, 2024
Homeপ্ৰবন্ধতৈল-খেজুৰ–ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ এলেকাৰ কৃষিখণ্ডত নতুন সংযোজন

তৈল-খেজুৰ–ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ এলেকাৰ কৃষিখণ্ডত নতুন সংযোজন

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই, ২০১৭

 

কিশোৰ তালুকদাৰ –

সিদ্ধেশ্বৰ ৰাভা গোৱালপাৰা দিলাৰ দুধনৈৰপৰা ৯ কিলোমিটাৰ দূৰত্বৰ শালপাৰাৰ শ্ৰমিকজ্যোতি আত্মসহায়ক গোটৰ সম্পাদক। এই গোটটোৱে তেঁওলোকৰ ১৫ বিঘা মাটিত তৈল-খেজুৰৰ খেতি আৰম্ভ কৰিছে। উল্লেখযোগ্য যে, তৈল-খেজুৰৰ পৰা খোৱাতেল প্ৰস্তুত কৰা হয়। ৰাজ্যত পোনপ্ৰথমবাৰৰ তৈল-খেজুৰৰ খেতি আৰম্ভ কৰা এই সাহসী খেতিয়কসকলে অহা বছৰ জুলাই মাহৰপৰা ফচল পোৱাৰ আশা পুহি ৰাখিছে।

“ভাল ফচল পাবৰ বাবে আমি বিজ্ঞানসন্মতভাৱে খেতি কৰাৰ লগতে পুলি ৰোৱাৰ পিছত ল’বলগীয়া সকলোপ্ৰকাৰৰ যতন লৈছোঁ।”– বুলি সিদ্ধেশ্বৰ ৰাভাই কয়। তেওঁলোকে তৰাগছ, মৰাপাট, ৰঙালাও, আদা, মিঠা আলু আদিৰ লগতে সমন্বিতভাৱে এই খেতি আৰম্ভ কৰিছে। “এইদৰে বিভিন্ন প্ৰকাৰ শস্য ৰোপণ কৰি ব্যৱসায়িকভাৱে সফল হোৱাই আমাৰ উদ্দেশ্য। নিজৰ পৰিয়ালৰ পুষ্টিৰ বাবে প্ৰয়োজনীয়খিনি ৰাখি থৈ ৰাহি হোৱা শস্য বিক্ৰী কৰি লাভান্বিত হোৱাই আমাৰ উদ্দেশ্য”– বুলি মানপী ৰাভা নামৰ মহিলা খেতিয়কগৰাকীয়ে কয়। সততে হাতীৰ আক্ৰমণৰ সমুখীন হোৱা এলেকাটিত মহিলাসকলে দিনৰ ভাগৰ খেতিৰ কামত নিজকে নিয়োজিত কৰাৰ বিপৰীতে পুৰুষসকলে নিশা পহৰা দিয়ে, যাতে হাতী আহি শস্য নষ্ট কৰিব নোৱাৰে। এই সমস্যা বৰ জটিল নহ’লেও সৌৰশক্তি চালিত বেৰ, কাঁটা-তাৰৰ বেৰকে ধৰি হস্তীকুল অহাটো ব্যাহত কৰিবলৈ আন উপায় অৱলম্বন কৰা বাবে তেওঁলোকে কৃষি বিভাগৰ হাতত এক প্ৰস্তাৱ দাখিল কৰিছে।

তৈল-খেজুৰ হৈছে আটাইতকৈ বেছি উৎপাদন শক্তি থকা খোৱাতেল। এক হেক্টৰ মাটিত এই খেতি কৰি তিনিৰ পৰা ছয় টন পৰ্যন্ত খোৱাতেল উৎপাদন কৰিব পাৰি। ভাৰতবৰ্ষ খোৱাতেল উৎপাদনত স্বাৱলম্বী নহয় আৰু বছৰি ১১.১৪ নিযুত তেল আমদানি কৰে। ইয়াৰ ভিতৰত যোৱা ৯ বছৰ ৮.৫ নিযুত টন তেল আমদানি কৰিছে। এনে পৰিস্থিতিত নিজৰ দেশখন স্বাৱলম্বী হোৱাকৈ খেতিয়কসকলক উৎসাহিত কৰাৰ যথেষ্ট প্ৰয়োজন আছে।

দুধনৈ এলেকাৰ এই খেতিয়কলেই ৰাজ্যৰ ভিতৰত পোনপ্ৰথমবাৰৰ বাবে ব্যৱসায়িকভাৱে তৈল–খেজুৰৰ খেতি কৰাত গুৰুত্ব আৰোপ কৰিছে। খেতিৰ পৰা অধিক লাভাম্বিত হ’বৰ বাবে খেতিয়কসকলে গোৱালপাৰা জিলাত এটা তেল উৎপাদনকাৰী গোট স্থাপনৰ লগতে বীজ-উদ্যান এখন স্থাপনৰ বাবেও দাবী জনাইছে। খেতিয়কসকলৰ এই প্ৰচেষ্টাত সঁহাৰি দিছে কৃষি বিভাগ আৰু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে। অহা জুলাই মাহত শস্য উৎপাদনৰ লক্ষ্য নিৰ্ধাৰণ কৰা এই কৃষিৰ প্ৰাথমিক উদ্দেশ্যই হৈছে তৈল-খেজুৰৰ তেল আহৰণৰ উদ্যোগিক গোট স্থাপন কৰা। ইয়াৰ বাবে প্ৰস্তাৱিত ভুমিৰ আৱণ্টন অৱশ্যে এতিয়াও হোৱা নাই।

ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ ৰাভাই কয় যে, “উৎপাদনৰ লগতে এখন সংহত বজাৰ অতিকৈ জৰুৰী। সেয়েহে অৰ্থনৈতিকভাৱে স্বাৱলম্বী হ’বলৈ আমি তেল উৎপাদন গোট এটা স্থাপনৰ বাবে অহৰহ প্ৰচেষ্টা চলাইছো।” এই সন্দৰ্ভত হায়দৰাবাদস্থিত এটি কোম্পানীৰ সৈতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক লৈ এখন বুজাবুজি চুক্তি কৰা হৈছে বুলিও তেখেতে জানিবলৈ দিয়ে। দুধনৈত এটা তেল উৎপাদিত গোট স্থাপনৰ সমান্তৰালভাৱে নামনি অসমৰ কামৰূপ, গোৱালপাৰা, বঙাইগাঁও জিলাক সাঙুৰি ইয়াৰ খেতি আৰম্ভ কৰাৰ বাবেও বুজাবুজি চুক্তিত উপনীত হোৱা গৈছে। “আমি এই উদ্যোগিক গোটটি স্থাপন কৰাৰ বাবে ৩৫ হেক্টৰ মাটিৰ এলেকা এটিৰ সন্ধানত আছোঁ” – বুলি তেখেতে নিজাইন ডট কম-ক জনায়। ২০১৬ চনৰ আগষ্ট মাহতেই প্ৰয়োজনীয় ভূমিৰ আৱণ্টন বিচাৰি উক্ত কোম্পানীটিয়ে কৃষি সঞ্চালকালয়লৈ এক পত্ৰ প্ৰৰণ কৰিছিল। কম লাভ উৎপাদনকাৰী খেতিৰ পৰিৱৰ্তে অধিক উৎপাদনকাৰী খেতি আৰম্ভ কৰাও এই আঁচনিৰ অন্যতম উদ্দেশ্য।

আনহাতে, দুধনৈৰ মহকুমা কৃষি বিষয়া মনোৰঞ্জন দাসে কয় যে– “যিহেতু আমি অহা বছৰৰ জুলাই মাহৰ পৰা উৎপাদন আশা কৰিছোঁ, সেয়েহে তেল উৎপাদনৰ বাবে গোটটো স্থাপন কৰাটো এতিশয় জৰুৰী হৈ পৰিছে।” ২০১৫ চনত খেতি আৰম্ভ কৰা পিছৰেপৰা এই গছ ৰোপণ কৰা মাটিৰ পৰিসৰ ক্ৰমাগতভাৱে বৃদ্ধি পাইছে। কৃষি বিভাগে অহা বছৰ ভিতৰতে ১০০ হেক্টৰ মাটিত এই খেতি সম্প্ৰসাৰণ কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। অৱশ্যে আশা কৰা মতে পুলিৰ যোগান ধৰিব নোৱাৰিলে এই লক্ষ্যত উপনীত নহ’বও পাৰে। ক্ৰমাগতভাৱে অধিক মাটিত এই খেতি সম্প্ৰসাৰণ কৰাৰ বিষয়ে উল্লেখ কৰি দাসে জনায় যে, এলেকাটোৰ জলবায়ু এই খেতিৰ বাবে উত্তম।

ৰাভা হাছং  স্বায়ত্বশাসিত পৰিষদে তেওঁলোকৰ এলেকাত কৃষি বিপ্লৱৰ মাজেৰে কৰ্ম–সংস্থাপন দিয়াত অধিক গুৰুত্ব দিছে। কৰ্ম-সংস্কৃতিৰ মাজেৰেই এলেকাটোৰ উন্নয়ন সাধনত তেওঁলোক আগ্ৰহী। “ ৰাভা হাছং এলেকাত থকা ভূমি সম্পদৰ পৰা টকা আহৰণ কৰি খেতিয়কসকলৰ জীৱনৰ মান উন্নত কৰাই আমাৰ উদ্দেশ্য। কৃষিৰ মাজেৰেই এই উন্নয়ন সাধিত হ’ব। মাথো স্বায়ত্বশাসনেই আমাৰ সমস্যাৰ সমাধান নহয়। কৰ্ম-সংস্কৃতিৰ মাজেৰেহে সম্প্ৰদায়টোৰ লগতে ৰাজ্য বা দেশৰ উন্নয়ন সাধিত হ’ব” – বুলি জীৱন চন্দ্ৰ ৰাভাই কয়। ২০১৪-১৫ চনত ৰাষ্ট্ৰীয় তৈলবীজ আৰু তৈল-খেজুৰ অভিযানৰ অধীনত কৃষি বিভাগৰ সাহায্যৰে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদে প্ৰথমবাৰৰ বাবে ইয়াৰ অধীনত থকা এলেকাত এই খেতি কৰিবলৈ আৰম্ভ কৰে।

কেনেধৰণৰ মাটিত এই খেতি কৰিবলৈ লোৱা হৈছে বুলি সোধা প্ৰশ্নৰ উত্তৰত ৰাভাই কয় যে, মূলত পতিত মাটি এই খেতিৰ বাবে নিৰ্বাচন কৰা হৈছে। “ইচ্ছুক আত্ম-সহায়ক গোটবোৰে বিভাগৰপৰা অনুমোদন লাভ কৰা সময়ত প্ৰয়োজনীয় ভূমিৰ তথ্যৰ লগতে বেংক একাউণ্টৰ তথ্য দাখিল কৰিব লাগে।”– বুলি জনাই তেখেতে কয় যে এনে ব্যৱস্থাত স্বচ্ছতাও ৰক্ষা হয়। এই প্ৰকল্পৰ অধীনত বৰ্তমানলৈকে গোৱালপাৰা আৰু কামৰূপ জিলাৰ ১৩০০ খেতিয়কক সাঙুৰি লোৱা হৈছে। বিশেষজ্ঞসকলৰ মতে এজোপা গছক দিনে ২০০ৰ পৰা ৩০০ লিটাৰ পানীৰ প্ৰয়োজন হয়। এই পুখুৰীৰ পৰা অধিক লাভ উপাৰ্জন কৰিবৰ বাবে খেতিয়কে সমন্বিতভাৱে মাছৰ খেতিও কৰে।

তৈল–খেজুৰৰ বিজ্ঞান সন্মত কৃষি-পদ্ধতিৰ সম্যক জ্ঞান ল’বলৈ খেতিয়সকলৰ এটি দলে অলপতে অন্ধ্ৰ্-প্ৰদেশ ভ্ৰমণ কৰিব।

শেহতীয়াকৈ এই প্ৰকল্পই দেশৰ ভিতৰতে উত্তম পদ্ধতিৰ কৃষিৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ বিশেষ উৎকৰ্ষতাৰ বঁটা লাভ কৰিছে। “এই উৎকৰ্ষতাৰ বঁটা লাভ কৰাৰ পিছত এই আঁচনিৰ সফলতাৰ বাবে আমাৰ দায়িত্ব দুগুণে বৃদ্ধি পালে” বুলি নিখিল ৰাভা ছাত্ৰ সংস্থাৰ সভাপতি ৰমেন সিং ৰাভাই জানিবলৈ দিয়ে।

 

শিৰোনামৰ ছবিঃ কিশোৰ তালুকদাৰ

উৎসঃ নিজাইন

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward