Wednesday, April 17, 2024
HomeNEWSদাসৰ দৰে নহয়

দাসৰ দৰে নহয়

প্ৰকাশিত তাৰিখঃ ১২ জুন, ২০২৩

কল্প ৰঞ্জন গগৈ –

আজিৰ সময় চমৎকাৰ। বুৰঞ্জীৰ তথ্যবোৰ পুখুৰীৰ তলৰ পৰা ওপৰলৈ উঠি আহিছে। ধূসৰ অৱস্থাৰ পৰা স্বচ্ছ হ’বলৈ ধৰিছে। মোৰ পেহীদেউ এগৰাকী মুক্তিযোদ্ধা আছিল। হাটবৰৰ জীয়ৰী সাৱিত্ৰী গগৈ। ৰূপকোঁৱৰৰ মৃত্যু বাহিনীৰ সদস্য। পেহাদেউ হ’লগৈ জখলাবন্ধাৰ শশীকান্ত বৰগোঁহাই। পেহীদেৱে কৈছিল– মহাত্মাৰ সংবিধানখন লুকুৱাই পেলালে। নতুন সংবিধান নেদেখুৱাবলৈকে এই হত্যাকাণ্ড। (দাসৰ দৰে নহয়)

মই তেতিয়া ৭ম বা ৮ম শ্ৰেণীত। ৰাজনীতিৰ বিষয়ে ধাৰণা নাই। সংবিধানৰ কথা জনাৰ প্ৰশ্নই নুঠে। বাতৰি কাকত পঢ়াৰ বদ্‌ অভ্যাস নাই। এসময়ত খেলাৰ খবৰ আৰু চিনেমা। চিনেমা চোৱাৰ সামৰ্থ নাই। সেয়ে হোলৰ বাহিৰত ফটোবোৰকে চাওঁ। অৱশ্যে তাৰ বাবে আজি গৌৰৱ অনুভৱ কৰো কাৰণ টি ভি চোৱাৰ অভ্যাস গঢ় নল’লে। কিন্তু তাৰ ঠাইত কাকত–আলোচনী–কিতাপ পঢ়াৰ বদ্‌ অভ্যাসে গঢ় ল’লে।

১৯৩৪ চনতে ভাৰতবৰ্ষৰ সাম্যবাদী আন্দোলনৰ পুৰোহিত মানৱেন্দ্ৰনাথ ৰয়ে সংবিধানৰ প্ৰস্তাৱ আগবঢ়াইছিল। ১৯৩৫ চনতে ভাৰতৰ জাতীয় কংগ্ৰেছে ইয়াক গ্ৰহণ কৰে আৰু ১৯৩৬ চনৰ এপ্ৰিল মাহত জৱাহৰলাল নেহেৰুৰ পৌৰহিত্যত কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লয়। ১৯৩৬ চনৰ পৰা ১৯৪৯ চনৰ ২৬ নৱেম্বৰৰ কথাৰ লগতে ১৯৪৮ চনৰ ৩০ জানুৱাৰীৰ জাতিৰ পিতাক হত্যা কৰাৰ কথাও সকলোৱে জানে।

মহাৰজা ৰঞ্জিত সিংহৰ ৰাজধানী আছিল লাহোৰ। ১৯১৯ চনৰ ১৩ এপ্ৰিলৰ দিনা পাঞ্জাৱৰ জালিয়ানৱালাবাগত এটা হত্যাকাণ্ড হৈছিল– Massacre not encounter। আইনী কাণ্ড– ৰাওলাট আইন– ১৯১৯ৰ আধাৰত Legalised Massacre।

তাৰপিছত দেশখন স্বাধীন হ’ল– ১৯৪৭ চনৰ ১৫ আগষ্টত এই স্বাধীনতা ঘোষণা কৰিলে লণ্ডনৰ ব্ৰিটিছ কেবিনেটে।

ঘোষণাৰ পিচত ভাৰতৰ মুখ্য প্ৰশাসক Governor General হিচাপে নিযুক্তি পালে ল’ৰ্ড মাউণ্টবেটেনে।

সৈন্য বাহিনী, আৰক্ষী, প্ৰশাসনৰ শাসনযন্ত্ৰ একেদৰে থাকি গ’ল। সেই বিষয়ে কোনো সমালোচনা হৈছিল যদিও ক’ব নোৱাৰো। কিন্তু ব্ৰিটিছৰ সময়ৰ দৰে বিভিন্ন বিদ্ৰোহ হৈছিল। ছাত্ৰৰ পৰা খেতিয়কলৈ আৰু আজিও হৈ আছে। নাৰী মুক্তিৰ বাবে সকলোৰে সংস্থাপনৰ বাবে। স্পষ্ট অৰ্থত মানৱ অধিকাৰৰ বাবে– গণতন্ত্ৰক সৱল কৰাৰ বাবে।

বিভক্ত হৈ স্বাধীনতা পোৱাৰ পিছত, ব্ৰিটিছ কমলৱেলথৰ অংশীদাৰ হৈ অৰ্দ্ধ সাম্ৰাজ্যবাদীৰ দখলৰ দেশ হৈ থাকি গ’ল ভাৰতবৰ্ষ।

সেয়ে আজি হেজাৰটা সমস্যাই দেশখনক জুৰুলা কৰি পেলাইছে। মুষ্টিমেয় কেইজনমানৰ জয়জয় ময়ময় অৱস্থাই দেশখনৰ সুখ–আনন্দ প্ৰতিনিধিত্ব নকৰে। সেয়ে আজি নতুন ধৰণে জগাই তুলিবলৈ এটা সৱল কৰ্মী বাহিনীৰ প্ৰয়োজন। বিজ্ঞান তথা যুক্তিবাদী চেতনাৰে পুষ্ট অগ্নিমন্ত্ৰেৰে দীক্ষিত বুদ্ধিমান আৰু সাহসী যুৱক–যুৱতীৰ বাহিনী। দেশখনৰ প্ৰধান দূৰ্বলতা হ’ল সংগঠনৰ প্ৰতি দূৰ্বল আস্থা। ইয়াত কেনেধৰণৰ সংগঠন সফল হ’ব, উপযোগী হ’ব সি এতিয়াও পৰীক্ষাৰ মেজত।

ভাৰতবৰ্ষক নৱনিৰ্মাণ কৰিব লাগিব জ্ঞানৰ পথেৰে প্ৰকৃত মানুহ গঢ়া শিক্ষাৰ সহায়ত। এইক্ষেত্ৰত ভাৰতৰ দিগদৰ্শক স্বামী বিবেকানন্দৰ (১৮৬৩–১৯০২) যুক্তিবাদী ধ্যান ধাৰণাৰ সহায় ল’ব লাগিব। তেঁৱেই বিচাৰিছিল শত শত মানুহৰ সংগঠন, বলিষ্ঠ যুৱক–যুৱতীৰ সংগঠন প্ৰশ্নৰ উপৰি প্ৰশ্ন কৰা মানুহৰ সংগঠন।

স্বামীজী বিবেকানন্দই কৈছিল– দাসৰ দৰে কাম কৰিলে নহ’ব– Not like slaves।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward