Friday, March 29, 2024
Homeকবিতানতুন দিনৰ নতুন মানুহ

নতুন দিনৰ নতুন মানুহ

প্ৰকাশিত তাৰিখঃ ১৫ জানুৱাৰী, ২০১৭

আনন্দ দাস–

আমি নতুন দিনৰ নতুন মানুহ
নতুন আমাৰ প্ৰাণ
নিতৌ নতুন ভাবেৰে আমি
গাম নতুনৰ গান।

পুৰণিকলীয়া পুৰণি কথাত
নিদিওঁ আমি কাণ
উন্নতি পথত আগুৱাই ৰাখিম
জন্মভূমিৰ স্থান
প্ৰাণ গ’লেও ৰাখিম আমি
দেশমাতৃৰ মান।

দেশে–বিদেশে জন্মভূমিৰ
গৌৰৱ বিলাই যাম
ন–পথেৰে ন–গতিৰে
আমি আগুৱাই যাম
জন্মভূমিৰ বাবে দিম
আমি বলিদান।

শিৰোনামৰ ছবিঃ পৱন মহন্ত

Photo Courtesy: Paban Mahanta

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward