Saturday, June 3, 2023
HomeARTICLEনতুন সাহিত্যৰ বলতহে

নতুন সাহিত্যৰ বলতহে

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০২৩

কল্প ৰঞ্জন গগৈ –

সত্যতে আছিল হৰি, ত্ৰেতা যুগত ৰাম। ৰামক পঠোৱা হৈছিল বনলৈ। সীতাই ক’লে– মোক সোণৰ হৰিণ লাগে, ফল সকলোৱে জানে। তাৰ পিছত দ্বাপৰ মহাযুদ্ধৰ আঁচনি ৰচক শ্ৰীকৃষ্ঞৰ মুখৰ পৰা গীতা। যুদ্ধ যে প্ৰয়োজনীয় তাৰে যুক্তি হৈছে গীতা। ফলাফলৰ প্ৰতি লক্ষ্য নাৰাখি যুদ্ধৰ বাবে উচতনি হৈছে মহান গীতা। প্ৰজাৰ স্বাৰ্থ– দুৰাৱস্থাৰ কথা নাভাবি, জনগণৰ বাবে যুদ্ধৰ শেষ পৰিণতি কি হ’ব তাক নুশুনি কৰা যুদ্ধৰ বাহিনী হৈছে মহাভাৰত। বেদ ব্যাসৰ কি সুন্দৰ উপস্থাপন? আমি কিমানে যুক্তি–যুদ্ধৰ সহায়ত বুজিছো? ভক্তিত মতিছন্ন ভাৰতবাসীয়ে সেয়ে নিজৰ ভিতৰত কু–যুক্তি– অযুক্তিৰ বিভৎস কাণ্ডত মগন। তেনেদৰে দুঃসময়ৰ অৱসানৰ বাবে কোনেও যুক্তিৰে আগবাঢ়িব নোৱাৰে আৰু নিবিচাৰে।

মহাকাব্যৰ এই সত্যখিনি আজি ২১শতিকাত আৰু প্ৰকট। সেয়ে এই দেশৰ ভালত্বখিনিক ধ্বাংস কৰি বগা বঙালে ১৯৪৭ চনৰ ১৫ আগষ্টলৈকে পেৰা ভৰাই হীৰা–মণি–কেৰু লণ্ডন পোৱালেগৈ। মহাকাব্যত মজি থাকোতে বিভক্ত কৰি দেশ স্বাধীন বুলি লণ্ডনৰ সংসদত ঘোষণা কৰিলে। ১৯৩৪ চনতে এম এন ৰয়ে সংবিধানৰ কথা কৈছিল। পৰাধীন অৱস্থাতে সংবিধানৰ খচৰা প্ৰস্তুত কৰোঁতে নিশ্চয় জাতিৰ পিতাৰ সহযোগ আছিল। কিন্তু স্বাধীন ভাৰতৰ সংবিধানখনৰ বিসংগতি দেখা পাব বুলি তেওঁক তাৰ আগতে বীভৎসভাৱে বিদায় দিয়া হ’ল। সেয়ে আমাৰ স্বাধীনতাক প্ৰশ্ন কৰিলে বহুতে কাৰণ দেশৰ সম্পদ কোহিনুৰ হীৰা ইংলণ্ডৰ মহাৰাণীৰ মুকুটত।

আজিও ভাৰতৰ পৰা বীভৎসতাক বিদায় দিব পৰা নাই। এই বীভৎসতা ইৰাজে এৰি থৈ যোৱা। ইয়াক আঁতৰাবলৈ আমাৰ শিক্ষিত মধ্যশ্ৰেণী অপাৰগ। ঐক্যৱদ্ধ জনতাইহে এই বীভৎসতা নাশিব পাৰিব।

ব্ৰিটিছৰ দিনৰ অন্ধকাৰ আজিও বিৰাজমান। বেমাৰ ভাল কৰিবলৈ তাৰ কাৰণবোৰ নাশ কৰিব লাগিব আৰু তাৰ বাবে অধ্যয়ন লাগিব– সঠিক অনুশীলন লাগিব।

সময় আগবাঢ়ি গৈ আছে লগে লগে সমাজো– আমাক ইতিকিং কৰি। সেয়ে অলেখ কামৰ হাতবাউলি। দহ হেজাৰ বছৰৰ পিছত সময়ে হয়তো নিজেই পৃথিৱীখন সজাব। কিন্তু ইমান দীঘলীয়া সময়লৈ ৰ’ব পাৰিম জানো? সেয়ে আজি প্ৰয়োজন এক কষ্টকৰ সাধনা– নতুন সমাজ– নতুন সাহিত্য– নতুন মানুহ– নতুন ৰাজনীতি গঢ়িবলৈ। পুৰণি দিনৰ– বৰ্বৰ যুগৰ আৱৰ্জ্জনা খেদিবলৈ– নাশিবলৈ– এক মানৱীয় প্ৰচেষ্টা।

সংস্কৃতি হৈছে জীৱন–জীৱিকাৰ প্ৰয়াস। যৌৱন মানে শিকলি চিঙাৰ বাবে এক অদমীয় সংকল্প। প্ৰকৃত শিল্পী মানে জ্যোতি–বিষ্ঞু–ভূপেনৰ অনুগামী। আৰু ইতিহাস মানে জনগণৰ তেজ–চকুলো ঘামেৰে লিখা অৰ্থনীতিক সৱল কৰাৰ প্ৰয়াস।

সেয়ে ভৱিষ্যতৰ ইতিহাস হ’ব শ্ৰমজীৱিৰ যাৰ তেজ ঘামৰ বিনিময়। যাৰ বিনিময়ত মহল–মিনাৰ গঢ়া হৈছিল। সেই হিন্দু শ্ৰমিক–জনতাই মোগলৰ যুগ সমৃদ্ধ কৰিছিল। আৰু সেই মোগল–পাঠান–শিখ–শক–হুন প্ৰজাৰ উত্তৰসূৰী সকলে দেশ স্বাধীন কৰিছিল।

দেশৰ ৮০% প্ৰজা গাঁৱত বাস কৰে। সেয়ে গাঁৱৰ জীয়াই থকাৰ সংগ্ৰামেই হৈছে আমাৰ জাতীয় সাহিত্য–সংস্কৃতিৰ উপাদান। সেয়ে সাধাৰণ ৰাইজৰ সদিচ্ছা, আশা–আকাংক্ষাক ই সঠিকভাৱে প্ৰতিনিধিত্ব কৰিব লাগিব, জীৱন জীৱিকাৰ প্ৰশ্নবোৰৰ প্ৰতিফলন ঘটাব লাগিব। এই নতুন সাহিত্যৰ বলতহে সমাজৰ লগতে দেশ আগবাঢ়িব।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward