Friday, April 19, 2024
Homeবাতৰিনাককাটি–প্ৰকৃতিৰ অন্য এক অৱদান

নাককাটি–প্ৰকৃতিৰ অন্য এক অৱদান

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

‘নাককাটি’ নামটো বেসুৰা যেন লাগিলেও বৰ্তমান জনপ্ৰিয়তাৰ শীৰ্ষত। বঙাইগাঁও জিলা সদৰৰ পৰা ১২ কিলোমিটাৰ মান নিলগত অৱস্থিত নাককাটি পাহাৰ। এই পাহাৰৰ টিঙত আছে এচটা ডাঙৰ শিল আৰু গছৰ দৰে এডাল প্ৰকাণ্ড লতা। এই চটা শিলে এতিয়া পৰ্যটকৰ আকৰ্যণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

ইয়াৰ বাসিন্দাসকলে নাককাটিৰ শিলৰ লগত লোক–কাহিনী জড়িত হৈ আছে বুলি বিশ্বাস কৰে। প্ৰায় ১৮০০ শতিকাৰ পৰা এই পাহাৰত পূজা–অৰ্চনা কৰি আহিছে বুলি অনুমান কৰা হয়। প্ৰচলিত নীতি–নিয়ম অনুসৰি পূজা–অৰ্চনা কৰিলে মনৰ কামনা লাভ কৰে বুলি পৰ্যটকসকলে আজিও বিশ্বাস কৰে।

পিচে নাককাটি শিল চাবলৈ যোৱা পথটোহে যাতায়তৰ বাবে সুগম নহয়। ঠাইখন পাবলৈ সৰু–বৰ নদী–নিজৰা, পাহাৰ অতিক্ৰম কৰিব লাগিব। অধিক মনোবলৰ পৰ্যটকসকলে এইখন ঠাই চাবলৈ যাওঁতে বৰ বেছি কষ্ট অনুভৱ নকৰিব বুলি আমাৰ বিশ্বাস

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward