Friday, April 19, 2024
Homeবাতৰিনাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে ছাত্ৰ সন্থাৰ গণ সত্যাগ্ৰহ

নাগৰিকত্ব বিধেয়কৰ বিৰোধিতাৰে ছাত্ৰ সন্থাৰ গণ সত্যাগ্ৰহ

প্ৰকাশিত তাৰিখঃ ২৫ জুন’ ২০১৮  

চি এন ডেক্স

হাজাৰ–বিজাৰ লোকৰ উপস্থিতিত কৰা উত্তাল প্ৰতিবাদে কঁপাই তুলিছে ধেমাজিৰ আকাশ–বতাহ। যোৱা ২৩ জুন শনিবাৰে কছাৰী ময়দানত ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত নাগৰিকত্ব সংশোধনী বিধেয়ক– ২০১৬ বাতিলৰ দাবীত ৰূপায়ণ কৰে এক গণ সত্যাগ্ৰহ কাৰ্যসূচী।

সদৌ অসম ছাত্ৰ সন্থা আৰু ২৮টা জনগোষ্ঠীয় সংগঠনৰ প্ৰতিনিধি, ধেমাজি জিলাবাসী ৰাইজে অংশগ্ৰহণ কৰা প্ৰতিবাদী কাৰ্যসূচীত দবা–শংখ, খোল–তাল বাদনত উত্তাল হৈ পৰে সভাৰ পৰিবেশ। এয়া ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি প্ৰদান কৰা একপ্ৰকাৰ সকিয়নি।

জিলাৰখনৰ বিভিন্ন প্ৰান্তৰ পৰা ৰাইজৰ লানি নিছিগা সোঁত বয় সভাখনত অংশগ্ৰহণ কৰিবলৈ। আটাছুৱে হেংদাং লৈ, আদিবাসী–চাওঁতালসকলে ধনু–কাঁড় লৈ এই সভাত অংশগ্ৰহণ কৰে।

সদৌ অসম ছাত্র সন্থাৰ উপ–সভাপতি চিত্রৰঞ্জন বসুমতাৰীয়ে আঁতধৰা প্রতিবাদী সভাখনত অংশগ্ৰহণ কৰি আছুৰ সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈয়ে কয়– খিলঞ্জীয়াৰ জাতিসত্তাক ধ্বংস কৰিবলৈ ৰাজ্য আৰু কেন্দ্রীয় চৰকাৰে গভীয ষড়যন্ত্ৰ ৰচনা কৰিছে। চৰকাৰৰ এই ষড়যন্ত্ৰক কেতিয়াও সফল হ’বলৈ দিয়া নহ’ব। অসমৰ খিলঞ্জীয়া ৰাইজ কোনো কাৰণতে বিদেশী শক্তিৰ ওচৰত আঁঠু লৈ দ্বিতীয় শ্রেণীৰ নাগৰিক হিচাপে জীয়াই নাথাকে। ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিচত অসমলৈ অহা হিন্দু–মুছলমান উভয়ে অবৈধ বিদেশী। এইসকল বিদেশীলোকৰ বোজা অসমে কোনো কাৰণতে বহন নকৰে এয়া আমাৰ স্পষ্ট কথা। জাতিধ্বংসী বিধেয়কখনৰ বিৰুদ্ধে অসমে শৰাইঘাটৰ দ্বিতীয়খন ৰণলৈ সাজু হোৱাৰ সময় সমাগত। সেয়ে এই ৰণৰ বাবে ৰাইজে মাৰ বান্ধি থিয় হ’বলৈ আহ্বান জনায়।  

‘তৰিলে দেশ, মৰিলে স্বৰ্গ’ বুলি আহ্বান জনায় সদৌ টাই আহোম ছাত্র সন্থাৰ ভাৰপ্রাপ্ত উপ–সভাপতি মনোজ গগৈয়ে। জাতীয় সংকটৰ সময়ত নীৰৱে থাকি খলনায়ক নহ’বলৈ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱালৰ প্ৰতি আহ্বান জনায়।

টি এম পি কেৰ নেতা টুনিৰাম পাংগিঙে অসমীয়া জাতিৰ স্বাভিমানত আঘাত হানিবলৈ আন্তঃৰাষ্ট্রীয় শক্তিৰ   হাতোৰাই ৰাজ্যখনত পিয়াপি দি ফুৰা বুলি মন্তব্য কৰে। সেয়ে জাতিটোৰ সংকট কালত ৰাইজ প্রতিবাদমুখৰ হোৱাৰ বাবে আহ্বান জনায়।

শিল্পী মহেন্দ্র হাজৰিকাই ‘শাসন কৰাৰ ছলেৰে শোষণ কৰিছনো কিয় তহঁতে’ শীৰ্ষক নিজৰ উদাত্ত বিপ্লৱী গীতেৰে দেশ আৰু স্বজাতিৰ ৰক্ষাৰ বাবে একত্ৰিত হ’ব লৈ আহ্বান জনায়।                   

গণ সত্যাগ্ৰহ কাৰ্যসূচীত প্ৰায় বিশ সহস্ৰাধিক লোকে অংশগ্ৰহণ কৰে। অংশগ্ৰহণকাৰী সকলে কছাৰী ময়দানৰ পৰা ধেমাজি মহাবিদ্যালয় খেলপথাৰলৈ এক শোভাযাত্ৰা বাহিৰ কৰে। উক্ত প্রতিবাদী সভাৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়ক– ২০১৬ বাতিলৰ দাবীত দেশৰ প্রধানমন্ত্রীলৈ অৰ্ধলক্ষাধিক লোকে ব্যক্তিগত স্মাৰক–পত্র প্রেৰণ কৰে।   

 

শিৰোনামৰ ফটোঃ গুগল ইমেজেজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward