Friday, March 29, 2024
HomeNEWSবৰিহাটত দ্বিতীয় বাৰ্ষিক ‘ঐছাঁ’ নাট মহোৎসৱ

বৰিহাটত দ্বিতীয় বাৰ্ষিক ‘ঐছাঁ’ নাট মহোৎসৱ

প্ৰকাশিত তাৰিখঃ ২৭ জানুৱাৰী, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

সাংস্কৃতিক সংগঠন ‘ঐক্যতান’ আৰু ‘ছাঁ’ বৰিহাটৰ যুটীয়া উদ্যোগত ‘ঐছাঁ’ নাট মহোৎসৱ। দক্ষিণ কামৰূপৰ আমৰাঙ্গা কলা মন্দিৰ প্ৰেক্ষাগৃহত ২৭ আৰু ২৮ জানুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰে আয়োজন কৰা দ্বিতীয় বাৰ্ষিক ঐছাঁ নাট মহোৎসৱৰ আজি প্ৰথমটো দিন।

আজি সন্ধিয়া ৭ বজাত প্ৰয়াত মাণিক কাকতি (ওস্তাদ) সোঁৱৰণী নাট্য সন্ধিয়াত গুৱাহাটীৰ ‘বা’ গোষ্ঠীয়ে  মঞ্চস্থ কৰিব ‘চৰণ দাস চোৰ’ নাটখন। তনবীৰ হবিবে নাট্যৰূপ দিয়া মূল হিন্দী নাটখনৰ অসমীয়া অনুবাদ অনুপ হাজিৰকা আৰু ভাগীৰথী বাই কদমৰ। পৰিচালনা অনুপ হাজৰিকাৰ।

আয়োজক সমিতিয়ে নাট মহোৎসৱৰ লগত সংগতি ৰাখি প্ৰকাশ কৰি উলিয়াইছে এখনি মুখপত্ৰ। আজি সন্ধিয়া নাট মঞ্চস্থ হোৱাৰ আগে আগে এই মুখপত্ৰ খনৰ উন্মোচন কৰিব।

আনহাতে, মহোৎসৱৰ দ্বিতীয় দিনৰ প্ৰয়াত আনন্দ ৰাম দাস সোঁৱৰণী নাট্য সন্ধিয়াত ‘ঐছাঁ’ গোষ্ঠীয়ে মঞ্চস্থ কৰিব মৃতদেহ নামৰ নাটখন। সন্ধিয়া ৭বজাত মঞ্চস্থ হ’বলগীয়া নাটখনৰ ৰচনা গৌতম কুমাৰ দাস আৰু পৰিচালনা বলেন চৌধুৰীৰ।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward