Friday, April 26, 2024
Homeবাতৰিনাম সলনিৰ ৰাজনীতিঃ চীনৰ বিৰুদ্ধে জ্বলিছে অৰুণাচল প্ৰদেশ

নাম সলনিৰ ৰাজনীতিঃ চীনৰ বিৰুদ্ধে জ্বলিছে অৰুণাচল প্ৰদেশ

প্ৰকাশিত তাৰিখঃ ১৫ মে’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

নাম সলনিৰ ৰাজনীতি আৰম্ভ কৰিছে চীনে। সম্প্ৰতি অৰুণাচল প্ৰদেশৰ কেইবাখনো গুৰুত্বপূৰ্ণ চহৰৰ নাম নতুনকৈ নামকৰণ কৰিছে। চীনৰ এই কাৰ্যৰ প্ৰতিবাদত জ্বলিছে অৰুণাচল প্ৰদেশ। চীনৰ এই নীতিৰ বিৰুদ্ধে যোৱা ২৪ এপ্ৰিলত অৰুণাচল প্ৰদেশ ষ্টুডেণ্টছ্ ইউনিয়ন (আপছু)ই এক বিশাল প্ৰতিবাদ সাব্যস্ত কৰে। চীনৰ ৰাষ্ট্ৰপতিৰ প্ৰতিকৃতিও দাহ কৰে প্ৰতিবাদকাৰীসকলে।

উল্লেখযোগ্য যে তীব্বতৰ বৌদ্ধ ধৰ্মগুৰু দালাই লামা অৰুণাচল প্ৰদেশ ভ্ৰমণ কৰাৰ পিছতে ৰাজ্যখনৰ ছয়খনকৈ চহৰৰ নাম সলনি কৰিছিল চীনে। চীনৰ এই কাৰ্যৰ বিৰুদ্ধে অৰুণাচলত তীব্ৰতৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। ৰাজধানী চহৰ ইটানগৰত প্ৰতিবাদকাৰীসকলে এক বিশাল প্ৰতিবাদীসমদল বাহিৰ কৰে।

ইপিনে প্ৰদেশখনৰ টাৱাং চহৰতো আপছু’ৰ উদ্যোগত টাৱাং ষ্টুডেণ্টছ ইউনিয়নে চীনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। চহৰখনৰ বিভিন্ন প্ৰান্তৰ পৰা জনতা ওলাই আহি ছাত্ৰ সংগঠনটোৰ এই প্ৰতিবাদী কাৰ্যসূচীত যোগদান কৰে। প্ৰতিবাদকাৰীসকলে সমস্বৰে দাবী যে কৰে অৰুণাচল ভাৰতৰ এক অবিচ্ছেদ্য অংগ। ই কেতিয়াও ভাৰতৰ পৰা বিচ্ছিন্ন হৈ চীনৰ লগত নাথাকে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward