Friday, March 29, 2024
Homeবাতৰিনীৰৱে গুছি গ’ল প্ৰকৃতিপ্ৰেমী কনক মৰাং

নীৰৱে গুছি গ’ল প্ৰকৃতিপ্ৰেমী কনক মৰাং

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই’ ২০১৭

চানডুবি নিউজ ব্যুৰ’–

নীৰৱে গুছি গ’ল প্ৰকৃতিপ্ৰেমী তথা অন্য এজন ফৰেষ্ট মেন কনক মৰাং। এসময়ৰ বন বিভাগৰ কৰ্মচাৰী পিতৃ উমাকান্ত মৰাং আৰু মাতৃ চম্পাৱতী মৰাঙৰ পঞ্চম পু্ত্ৰ আছিল কনক মৰাং। সেই সূত্ৰেই কনক মৰাঙৰ শৈশৱৰ পৰাই সেইজীয়া অৰণ্যৰ সৈতে নিবিড়ৰ সম্পৰ্ক। চাকৰিয়াল দেউতাকৰ বদলি সূত্ৰে বিভিন্ন ঠাইত ঘূৰি ফুৰিবলগীয়া হৈছিল। কিছু ঠাইত বন ধ্বংসৰ ৰূপ দেখি বৰ আঘাত পাইছিল কনক মৰাঙে। তেতিয়াই এক সিদ্ধান্ত লৈছিল ভৱিষ্যতে নিজা উদ্যোগত এখনি সেউজীয়া বননি গঢ়ি তুলিব। সিদ্ধান্তবোৰ হাতে–কামে লাগি বাস্তৱ ৰূপ দি থকাৰ সময়তে যোৱা ১১জুনত মাত্ৰ ৪৩ বছৰ বয়সতে ইহলীলা সম্বৰণ কৰে।

কনক মৰাঙে কলেজীয়া শিক্ষা সমাপ্ত কৰি চৰকাৰী–বেচৰকাৰী কোনো কৰ্ম সংস্থাপন বিচৰা নাছিল। বিপৰীতে ধেমাজী জিলাৰ ৰেখাচাপৰি গাঁৱত ৫০ বিঘা মাটিত এখন অৰণ্য গঢ়ি তুলিলে সম্পূৰ্ণ ব্যক্তিগত প্ৰচেষ্টাত। প্ৰায় দুটা দশকত উক্ত অৰণ্যভূমিত চেগুন, গমাৰি, চিচু, আজাৰ, আম, কঁঠাল, নিম, শিলিখা, শিমলু, বৰগছ, পিপল, ভোমোৰা, অৰ্জুন, আঁহত, জামু, উৰিয়াম, ঔটেঙা, আমলখি, তামোল, নাৰিকল, কুঁহিয়াৰ, নেমু, বিভিন্ন প্ৰজাতিৰ বাঁহ, শতমূল, ভেদাইলতা আদি ঔষধি উদ্ভিদেৰে ভৰাই তুলিছিল। জীৱ–জন্তু, চৰাই–চিৰিকটিৰে ভৰি থকা হাবিখনৰ পৰা অঞ্চলটোৰ ৰাইজে বন দৰবো সংগ্ৰহ কৰে।

বিগত ২০১৪ বৰ্ষৰ ১৩ আগষ্টত ৰেখাচাপৰিৰ দিজমুৰ–সোণাৰি মথাউৰিটোৰ একাংশ ব্ৰহ্মপু্ত্ৰৰ কোবাল সোঁতে উটুৱাই নিয়াৰ ফলত নিমিষতে সৃষ্টি হৈছিল প্ৰলয়ংকাৰী বানপানীৰ। চাপৰিটোৰ ঘৰ–বাৰী, খেতিপথাৰ, সা–সম্পত্তি সকলো পানীত বুৰ গৈছিল। ইয়াৰ ব্যতিক্ৰম নাছিল কনক মৰাঙৰ পৰিয়ালটোও। সৰ্বস্বান্ত হোৱা শতাধিক পৰিয়ালে খাদ্য আৰু নিৰপাদ আশ্ৰয়ৰ সন্ধানত আছিল। তেওঁলোকৰ সৈতে খাদ্য–সাহাৰ্য, পুনৰ সংস্থাপনক লৈ ব্যস্ত থকাৰ সময়তে উক্ত অৰণ্যৰ কথা সংবাদকৰ্মীয়ে প্ৰচাৰ মাধ্যমযোগে পোহৰলৈ আনে। ইয়াৰ ফলত কনক মৰাঙৰ অৰণ্য আৰু তেওঁৰ প্ৰকৃতিপ্ৰেমৰ কথাই অন্য এক মাত্ৰা লাভ কৰে।

প্ৰকৃতিপ্ৰেমীজনৰ কথা প্ৰচাৰ মাধ্যমযোগে জানিব পাৰি তদানীন্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে কনক মৰাঙৰলৈ এখন উৎসাহমূলক চিঠি দিছিল। বিধ্বংসী বানত ডুব যোৱাৰ ফলত অৰণ্যখনৰ এটা বিশাল অংশ বালিৰে ভৰি পৰি বহু সংখ্যক জীৱ–জন্তুৰ মৃত্যু হয়। এই ঘটনাই তেখেতৰ মনক বৰ কষ্ট দিছিল। দুখৰ মাজতে ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ পৰা লাভ কৰা উৎসাহমূলক চিঠিয়ে তেখেতৰ মনক দুগুণ উৎসাহিত কৰি তুলিছিল। সেয়ে অৰণ্যখনৰ পৰিসৰ এশ বিঘালৈ সম্প্ৰসাৰণৰ বাবে কঠোৰ পৰিশ্ৰমী হৈ পৰিছিল।

তেওঁৰ কৃতকৰ্মৰ বতৰা প্ৰকাশ হোৱা বাতৰি কাকত, মুখ্যমন্ত্ৰীৰ উৎসাহমূলক চিঠি লৈ জিলা উপায়ুক্ত, বন বিভাগ, ডি আৰ ডি এ, স্থানীয় বিধায়ক, মিচিং স্বায়ত্তশাসিত পৰিষদ আদি সকলোতে সহায় খুজি ঘুৰিলে অৰণ্যখনৰ সম্প্ৰসাৰণৰ বাবে। সহায় খুজি–খুজি এসময়ত নিজে ভাগৰি পৰিল। বহু কষ্টৰ মাজত ডি আৰ ডি এ ৰ পৰা এটি অনুদান লাভ কৰিছিল যদিও খকুৱা বিষয়া–কৰ্মচাৰীসকলে কামৰ সলনি টকা ভৰালে নিজ নিজ পকেটত। প্ৰকৃত পৰিৱেশ কৰ্মীজনক বন বিভাগ, জৈৱ–বৈচিত্ৰ্য সমিতি আদি কোনেও গুৰুত্ব নিদিলে। সহায়ৰ বাবে বিভাগৰ দুৱাৰে দুৱাৰে ঘুৰি ফুৰোতে মানসিকভাৱে ভাগৰি পৰা কনক মৰাঙৰ স্বাস্থ্যৰ অৱস্থা বেয়াৰ ফালে গতি কৰিলে।

কনক মৰাঙৰ খুবেই চিকিৎসাৰ প্ৰয়োজন আছিল। কিন্তু পৰিয়ালত থকা তিনিটা ল’ৰা–ছোৱালীৰ বাবে পঢ়াশুনাৰ খৰচ, পৰিয়াল ভৰণ পোষণৰ খৰচ কোনোমতে যোগাৰ কৰা মৰাঙে নিজে চিকিৎসা কৰে কেনেকৈ? ফলত বিনা চিকিৎসাই মৃত্যুবৰণ কৰিব লগা হ’ল এই পৰিৱেশ কৰ্মীজনে। বহু আশা থাকি গ’ল ‘মৰাঙৰ হাবি’ স্ৰষ্টা প্ৰকৃতিপ্ৰেমী কনক মৰাঙৰ।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward