প্ৰকাশিত তাৰিখঃ ২৮ নৱেম্বৰ, ২০১৭
ভাৰত চৰকাৰৰ সংস্থা উত্তৰ–পূব আঞ্চলিক কৃষি বিপণন নিগম (NERAMAC)ত সহকাৰী প্ৰৱন্ধক (বিপণন) আৰু কাৰ্যবাহী সচিব ( ই এছ) পদৰ বাবে যোগ্যতাসম্পন্ন ভাৰতীয় নাগৰিক প্ৰাৰ্থীৰ পৰা আবেদন পত্ৰৰ আহ্বান কৰিছে। ইচ্ছুক যোগ্যতাসম্পন্ন প্ৰাৰ্থীসকলে উক্ত পদ সমূহত নিযুক্তিৰ বাবে ৩০ নৱেম্বৰ’ ২০১৭ত আবেদন কৰিব পাৰে।
পদৰ সবিশেষ
মুঠ পদৰ সংখ্যাঃ ২ টা
পদৰ নামঃ সহকাৰী প্ৰৱন্ধক (বিপণন)
পদৰ সংখ্যাঃ ১টা
পদৰ নামঃ কাৰ্যবাহী সচিব (ই এছ)
পদৰ সংখ্যাঃ ১টা
শিক্ষাগত অৰ্হতাঃ
সহকাৰী প্ৰৱন্ধক (বিপণন)পদৰ বাবেঃ স্নাতক ডিগ্ৰীধাৰী হোৱাৰ লগতে এম বি এ ডিগ্ৰীধাৰী হোৱাটো বাঞ্ছনীয়। কৃষি/ উদ্যান শস্য/ খাদ্য সংসাধন/ কৃষি বিপণন ডিগ্ৰীধাৰী সকলে প্ৰথম অগ্ৰাধিকাৰ লাভ কৰিব।
কাৰ্যবাহী সচিব (ই এছ) পদৰ বাবেঃ যিকোনো শাখাত স্নাতক ডিগ্ৰী হোৱাৰ লগতে পৰ্যাপ্ত পৰিমাণৰ কম্পিউটাৰৰ জ্ঞান থাকিব লাগিব।
বয়সৰ উচ্চ সীমাঃ ২৫ ৰ পৰা ৪০ বছৰৰ ভিতৰত হ’ব লাগিব।
অধিক জানিবৰ বাবে চাওঁক www.neramac.com