Friday, March 29, 2024
HomeNEWSনিখিল ৰাভা জাতীয় পৰিষদৰ কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৈঠক

নিখিল ৰাভা জাতীয় পৰিষদৰ কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৈঠক

প্ৰকাশিত তাৰিখঃ ২ মে’, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

নিখিল ৰাভা জাতীয় পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ কাৰ্যনিৰ্বাহকৰ প্ৰথমখন বৈঠক ১মে’ত গোলাঘাট জিলাৰ ধোপগুৰিত অনুষ্ঠিত হৈ যায়। পৰিষদৰ গোলাঘাট জিলা সমিতিৰ আহ্বানমৰ্মে এই বৈঠক অনুষ্ঠিত হোৱা বুলি জাতীয় সংগঠনটোৰ সভাপতি বাবুল চন্দ্ৰ ৰাভা আৰু সাধাৰণ সম্পাদক গোবিন্দ ৰাভাই এক প্ৰেছ বিজ্ঞপ্তিত প্ৰকাশ কৰিছে।

পৰৱৰ্তী সময়ত নিখিল ৰাভা জাতীয় পৰিষদে নতুন উৎসাহ–উদ্দীপনাৰে নিজ জনগোষ্ঠীটোক নেতৃত্ব প্ৰদান কৰাৰ লগতে এক শক্তিশালী ভূমিকাৰে মেঘালয় আৰু পশ্চিমবংগ ৰাজ্যিক সমিতিসমূহৰ লগত সৌৰ্হাদ্যপূৰ্ণ সম্পৰ্কৰে কাম কৰি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰে। বিশেষকৈ পৰিষদে জনগোষ্ঠীটোৰ গঠন প্ৰক্ৰিয়াৰ কলা–কৃষ্টি–সংস্কৃতি, ভাষা–ধৰ্ম আদিৰ উত্তৰণৰ বাবে সৰ্বতোপ্ৰকাৰে কাম কৰি যাব।

বিবৃতিটোত উল্লেখ কৰা অনুসৰি– অসম বিধান সভাত জনজাতি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডা ৰণোজ পেগুদেৱে ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদক ৬ষ্ঠ অনুসূচীত অন্তৰ্ভূক্তি খচৰা অহা দুমাহৰ ভিতৰত দাখিল কৰিবলগীয়া কাৰ্যকো পৰ্যালোচনা কৰে। মন্ত্ৰীগৰাকীৰ ঘোষণা অনুসৰি নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত কাৰ্যব্যৱস্থা গ্ৰহণ নকৰিলে নিখিল ৰাভা জাতীয় পৰিষদে পৰৱৰ্তী সময়ত আন্দোলন পন্থা গ্ৰহণ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিবলৈ বাধ্য হ’ব বুলিও প্ৰকাশ কৰে। লগতে ইয়াকো প্ৰকাশ কৰে যে– ৰাভা হাছংৰ বাহিৰত বসবাস কৰা ৰাভাসকলৰ বাবে উন্নয়ন পৰিষদ গঠনৰ দাবীটোৰ সম্পৰ্কত বিধান সভাত কোনোধৰণৰ মন্তব্য নৰখা কাৰ্যক দূৰ্ভাগ্যজনক বুলি মন্তব্য কৰে।

উল্লেখনীয় যে– ৰাভা উন্নয়ন পৰিষদ গঠনৰ ক্ষেত্ৰত প্ৰয়োজনীয় বিভাগীয় কাম–কাজ সমূহ চৰকাৰে ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছে। কিন্তু পৰিষদখন গঠনৰ ক্ষেত্ৰত আন্তৰিকতা প্ৰকাশ নকৰাত জাতীয় সংগঠনটোৰ নেতাদ্বয়ে ক্ষোভ প্ৰকাশ কৰে। পৰৱৰ্তী সময়ত যদিহে ৰাভাসকলৰ আবেগ অনুভূতিবোৰ শ্ৰদ্ধাৰ পৰা বঞ্চিত হয় তেনেহ’লে চৰকাৰৰ বিৰুদ্ধে আন্দোলনৰ কাৰ্যসূচী গঢ়ি তুলিব আৰু তাৰ বাবে ৰাভা সমাজ দায়ী নহ’ব বুলিও প্ৰকাশ কৰে।

ফটোঃ চানডুবি নিউজ

Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward