Saturday, May 18, 2024
HomeARTICLEফলাফল জনগণৰ হাতত

ফলাফল জনগণৰ হাতত

প্ৰকাশিত তাৰিখঃ ২৯ এপ্ৰিল, ২০২৪

কল্প ৰঞ্জন গগৈ –

ইতিহাসৰ প্ৰধান চালিকা শক্তি হৈছে দেশৰ জনগণ। যাৰ তেজ–ঘামৰ ধনেৰে গণসেৱক সকলৰ পৰা আৰম্ভ কৰি দেশৰ ব্যৱসায়ী, বনিয়া–ঠিকাদাৰ সকল চলি আছে। এই জনগণে ভোট দি তৈয়াৰ কৰিছে নিজৰ অভিভাৱক সকলক আৰু নিজৰ তেজ–ঘামৰ ধনেৰে দৰমহা–পাৰিশ্ৰমিক দিছে। সেইবাবে আব্ৰাহাম লিংকনে কৈছিল– জনগণৰ চৰকাৰ, জনগণৰ দ্বাৰা আৰু জনগণৰ বাবে (Govt. of the People, For the People and by the People)। দুখৰ বিষয় একৈশ শতিকাৰ চৰকাৰ হৈছে Of the Monarchies, For the Monarchs and by the Monarchs। এটা নিৰ্দিষ্ট ফৈদ বা খেলৰ ৰজা। আধুনিক নাম ৰাজনৈতিক দল, যি অৰ্থনীতিৰ পৰা সমাজলৈ, সংস্কৃতিৰ পৰা তৃণমূলৰ শোকলগা সকলো ঘটনালৈ– সকলো নিৰ্ণয় কৰে। সমগ্ৰ পৃথিৱী আজি এক বিশ্বায়নৰ দখলত, যি ঊনৈশ বা কুৰি শতিকাতকৈ পৃথক। আজি পুঁজি জমা হয় বিশ্ব বজাৰত (Capital Accumulates in the Global Market)। এই পুঁজিৱে নিয়ন্ত্ৰণ কৰে দেশ–সমাজ–সংস্কৃতি। কুৰি শতিকাৰ বিশ্বযুদ্ধ–ৰাষ্ট্ৰসংঘ সকলোৰে ঠাই লৈছে এই বজাৰৰ পুঁজি নিৰ্দেশিত নীতিয়ে। ৰাষ্ট্ৰৰ দ্বাৰা নিয়ন্ত্ৰিত নীতিৰ ঠাইত বজাৰৰ নীতিয়ে (A world ruled by Market Laws and not by the State)। 

এক জটিল সময়ত সেয়ে জনগণৰ প্ৰশ্ন– এই পকনীয়াৰ পৰা উত্তৰণৰ পথ কেনি? কৃত্ৰিম বুদ্ধিমত্তাই পথ দেখুৱাব নেকি?

১৭৫৭ চনৰ পৰা ভাৰতবৰ্ষ প্ৰৱেশ কৰিছিল এক চক্ৰবেহুত। ১৮৫৭ চনৰ পৰা ১৯৪২ হৈ ১৯৪৭ চনত এই বেহুৰ পৰা মুক্ত সংবিধানৰ যুগত ১৯৫০ চনত প্ৰৱেশ কৰিলো। বিভক্ত হৈয়ে ১৯৫২ চনত নিজৰ চৰকাৰ গঠন কৰিলো– নতুন প্ৰতিশ্ৰুতিৰে। কিন্তু পুৰণি সমাজৰ আৱৰ্জনা সেয়ে সাম্প্ৰদায়িকতাবাদ আদি অপসংস্কৃতিবোৰ– সাম্ৰাজ্যবাদৰ লগতে পুৰণি যুগৰ সামন্তবাদী চিন্তাবোৰ থাকি গ’ল। সেয়ে জনগণ সেই অন্ধকাৰতে থাকি গ’ল।

এই সমস্যাবোৰৰ পৰা মুক্ত হ’বলৈ ৰোগৰ লক্ষণ নহয় ইয়াৰ মূল কাৰণবোৰৰ (Root cause of the disease) চিকিৎসা কৰিব লাগিব। অপসংস্কৃতি–সংস্কৃতিৰ দ্বন্দ তীব্ৰ হ’ব। বৌদ্ধিক চিন্তা সংঘৰ্ষ তীব্ৰ কৰিব লাগিব। দায়িত্ব জনগণৰ– ইয়াৰ ফলও জনগণেই খাব।

লিওনাৰ্ড ডা ভিন্সিয়ে কৈছিল– পোন ৰেখাডাল আঁকোতেই সকলোতকৈ অধিক কষ্ট কৰিবলগীয়া হয়। বেমাৰৰ প্ৰধান কাৰণ চিনাক্ত কৰি জনগণৰ সমন্বয় গঢ়ি বিশ্ব বজাৰৰ ৰজাৰ পৰা ক্ষমতা কাঢ়ি অনা বৰ সহজ নহয়। জনগণৰ সমন্বয় হৈছে এই পোন ৰেখাডাল, যাৰ সহায়তহে ৰজাক উচ্ছেদ কৰিব পৰা যাব। বৰ্তমান সময়ৰ মতিভ্ৰম আৰু মহগ্ৰস্থ জনতাই শেষ কথা ক’বলৈ বাকী।

অসমলৈ জনতাৰ ব্যৱহাৰৰ বাবে চ্যুকাফাই দিছিল বুৰঞ্জী অধ্যয়ন– অন্বেষনৰ দিহা। মহাপুৰুষ শংকৰদেৱে দিলে পৰমব্ৰহ্মৰ লগত যোগাযোগৰ আৰু জনগণৰ সমন্বয়ৰ কিটিপ। কিন্তু চ্যুকাফাৰ সচেতন সতীৰ্থসকলৰ উত্তৰসুৰী চুহুংমুংৰ দিনত ১৪৯৭ চনৰ পৰা ‘ইন্দ্ৰবংশী স্বৰ্গদেউ’ হোৱাৰ ফলত চাওল্যুং চ্যুকাফাৰ আদৰ্শ ক’ৰবাত পৰি ৰ’ল। সেয়ে পিছৰ কালত ভেদনীতি (Divide to ruin and rule)। স্বাভাৱিক ফলাফল– ঘৰৰ বঙাল পৰৰ বঙালৰ দাৰা ৰিফিউজী অসমীয়া–মান বঙালৰ দিনত। অৱশেষত বগা বঙালৰ দখল– ইয়াণ্ডাবুত ইং ২৪–২–১৮২৬ চনৰ পৰা।

প্ৰথম লক্ষ্য হ’ব ২১ শতিকাত অসমীয়াৰ আৰ্থ–সামাজিক অৱস্থা কি? লগত লাগিব বিশ্বৰ পৰিস্থিতি কেনে? জাতিৰ সম্ভ্ৰম ক’ত? কাৰণ ৰুটিতকৈ ডাঙৰ বস্তু সম্ভ্ৰম–ইজ্জৎ (Honour)।

শেষ কথা জনগণেহে ক’ব পাৰিব। কিয়নো ফলাফল জনগণৰ হাতত।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ
Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward