Saturday, April 20, 2024
HomeARTICLEবিশাল স্বৰ্গীয়াৰী, যিগৰাকী ছাত্ৰই ম’বাইল ফোনেৰে ছবি নিৰ্মাণ কৰি আন্তৰ্জাতিক বঁটা বুটলিবলৈ...

বিশাল স্বৰ্গীয়াৰী, যিগৰাকী ছাত্ৰই ম’বাইল ফোনেৰে ছবি নিৰ্মাণ কৰি আন্তৰ্জাতিক বঁটা বুটলিবলৈ সক্ষম হৈছে  

প্ৰকাশিত তাৰিখঃ ২২ ফেব্ৰুৱাৰী, ২০২১

চি এন ডেস্ক

এজন কৃষক, ৰাতিপুৱা সোনকালে উঠে আৰু খোৱাবোৱা কৰি খেতিপথাৰত কাম কৰিবলৈ যায়। সময়ৰ কোনো হেৰফেৰ নোহোৱাকৈ কৃষকজনে এই দায়িত্ব দৈনিকে পালন কৰে। খেতিপথাৰত শ্ৰম কৰি তেখেতে যি ধন লাভ কৰে সেয়া পৰিয়াল পৰিচালনাত খৰচ কৰে। এই কৃষকজনৰ দৈনন্দিন কৰ্ম–জীৱনকে মূল বিষয়বস্তু হিচাপে লৈ এখন ছুটি ছবি নিৰ্মাণ কৰিছে।

‘ৱৰ্কিং মেন’– এই ছবিখনৰ নাম। ৰেডমি ন’ট ৭ প্ৰ’ ম’বাইল ফোন কেমেৰাৰে নিৰ্মিত এই ছবিখন কাইন মাষ্টাৰ ম’বাইল এপৰ দ্বাৰা সম্পাদনা কৰিছিল। এইদৰে নিৰ্মাণ কৰা ছবিখনকে আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰেৰণ কৰিছিল।

ছবিখনে এই মুহুৰ্তত তিনিটা আন্তৰ্জাতিক পুৰস্কাৰ আজুৰি আনিবলৈ সক্ষম হৈছে। ইউৰোপ ফিল্ম ফেষ্টিভেল (ইউ কে)ত ছৰ্ট বেষ্ট ম’বাইল ফিল্ম বঁটা আৰু প’ৰ্ট ব্লেয়াৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত ম’বাইল ছুটি ছবি নিৰ্মাণৰ বাবে শ্ৰেষ্ঠ পৰিচালকৰ বঁটা লাভ কৰিছে। উক্ত ছবিখন কলকাতা আন্তৰ্জাতিক মাইক্ৰ’ ফিল্ম ফেষ্টিভেলতো বঁটা লাভ কৰিছে।

তদুপৰি, ছবিখন গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া খামবাৰু আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত প্ৰথম ছবি নিৰ্মাণ শিতানত আনুষ্ঠানিক বাছনি তালিকাত অন্তৰ্ভূক্তি হৈছে।

ছবিখনৰ নিৰ্মাতা আৰু পৰিচালক বিশাল স্বৰ্গীয়াৰী নামৰ এজন ছাত্ৰ। বিশাল পাঠশালাস্থিত ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰ্যটন বিভাগৰ স্নাতক শ্ৰেণীৰ ছাত্ৰ। ছাত্ৰজনৰ ঘৰ বি টি এ ডিৰ বাক্সা জিলাৰ বাঘমাৰাৰ পশ্চিম ৰিহাবাৰী গাঁৱত। ছবিখনৰ অন্যান্য কলা–কুশলীসকল হ’ল– পিংকু স্বৰ্গীয়াৰী, প্ৰীতম ঠাকুৰীয়া আৰু ব্ৰজেন বড়ো। 

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward