Wednesday, April 24, 2024
HomeARTICLEবিৱৰ্তনৰ পৃথিৱী

বিৱৰ্তনৰ পৃথিৱী

প্ৰকাশিত তাৰিখঃ ১৩ জুন, ২০২২

কল্প ৰঞ্জন গগৈ –

মানুহ বিৱৰ্তনৰ– evolution ফলত আজিৰ পৰ্যায় পাইছেহি। এই বিৱৰ্তনৰ ফলস্বৰূপে বহু পৰিৱৰ্তন হৈছে– পৰিমাণগত আৰু গুণগতভাৱে– যদিও কেইটামান চৰিত্ৰৰ সাল–সলনি হোৱা নাই। লোভৰ মাত্ৰা বাঢ়ি গৈ আছে– যুদ্ধ কৰাৰ হাবিয়াস বাঢ়ি গৈ আছে আৰু অৱশেষত কাজিয়া গৈ তৃণমূল পৰ্যায়ত এক হিংস্ৰ ৰূপ ধাৰণ কৰিছে। ইউক্ৰেইনৰ যুদ্ধৰ পৰা ঘৰৰ ভিতৰৰ যুদ্ধবোৰলৈ বাহ্যিক ৰূপ বেলেগ হ’ব পাৰে– কিন্তু মৰ্মবস্তু একেই। ভৱিষ্যতমুখী বিজ্ঞানৰ নিৰ্দেশনাৰ দ্বাৰা পৰিচালিত সমাজতকৈ অতীতমুখী আদিম বৰ্বৰ চৰিত্ৰৰ প্ৰৱণতা অতি প্ৰকট।

ভাৰতবৰ্ষৰ সমাজ ৰৈ আছে অতীতৰ মোগল যুগৰ নেতিবাচক ঘটনাৱলী বিচাৰ কৰিবলৈ। দুশ বছৰৰ ঔপনিৱেশিক যুগৰ ঘটনাৱলী চিন্তা কৰিবলৈ এতিয়াও বাকী। বৰ্তমানৰ উত্তৰ ঔপনিৱেশিক যুগৰ স্বাধীনতা, গণতন্ত্ৰ, সমাজতন্ত্ৰ, ধৰ্ম নিৰপেক্ষতা, বিজ্ঞানমুখী চেতনা, পৰিৱেশ চেতনা আদি আধুনিক মানৱতাবাদী কথাবোৰ আয়ত্ব কৰিবলৈ বহু দূৰ অথচ পৃথিৱীৰ ৰূপান্তৰ ঘটিছে দ্ৰুতভাৱে আৰু বিজ্ঞান–প্ৰযুক্তিবিদ্যাৰ সহায়ত।

স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) কৈছিল যে শিক্ষা হৈছে মানুহৰ ভতিৰত সুপ্ত হৈ থকা পূৰ্ণতাৰ প্ৰকাশ– Education is the manifestation of the perfection already in man। সেইদৰে ধৰ্ম হৈছে মানুহৰ ভিতৰত সুপ্ত হৈ থকা দেৱত্বৰ প্ৰকাশ– Religion is the manifestation of the divinity already in man। সেয়ে আজিৰ একৈশ শতিকাৰ পৃথিৱী হ’ব লাগিছিল মানুহৰ দেৱত্ব আৰু পুৰ্ণতাৰ পূৰ্ণ প্ৰকাশৰ সময়– divinity and perfection manifested and developed to its fallest extent।

১৮৯৩ চনত বিশ্ব ধৰ্ম সন্মিলত দিয়া ভাষণত– (চিকাগো)– স্বামীজীয়ে স্পষ্টভাৱে কৈছিল যে আমাৰ মতানৈক্যৰ মুল কাৰণ হৈছে কুপসণ্ডুকতা। প্ৰত্যেকেই নিজা নিজা কুঁৱাত বাস কৰি নিজে সভ্য বুলি ভাবি আনৰ লগত সভ্যতা–সংস্কৃতি–দৰ্শনৰ যুঁজত লিপ্ত হওঁ। সাগৰৰ বেং আৰু নাদৰ বেংৰ মাজৰ ‘সভ্যতা যুঁজ’।

শিক্ষা হৈ পৰেগৈ এই সংকীৰ্ণ যুঁজৰ আহিলা আৰু ধৰ্ম হৈ পৰেগৈ এই যুঁজক সম্প্ৰসাৰণ কৰাৰ আহিলা। নিজা সংকীৰ্ণ চিন্তাক বিশ্বৰ বজাৰ দখলৰ বাবে প্ৰদৰ্শনী আৰু বিজ্ঞাপন।

১৮৯৫ চনৰ ইউৰোপৰ জয় জয়–ময় ময় অৱস্থা দেখিও স্বামীজীয়ে কৈছিল– আধ্যাত্মিকতাৰ অভাৱত ইউৰোপ আজি আগ্নেয়গিৰিৰ ওপৰত বহি আছে– কেতিয়া ধোঁৱা হৈ উৰি যায় সময়েহে ক’ব। তাৰ পৰা ২০ বছৰৰ পিছত বিশ্ব হৈ পৰিছিল– মৰুভূমি– যুদ্ধৰ ফলত।

জাপানে শিক্ষা ল’লে তাৰ পৰা সাম্ৰাজ্যবাদী জাপান হৈ পৰিল বুদ্ধৰ অনুগামী।

স্বামীজীয়ে কৈছিল পৃথিৱীৰ ভৱিষ্যতৰ যুগ হৈছে শূদ্ৰ যুগ। ৰাছিয়া আৰু চীনত এই যুগৰ ৰেঙনি দেখা যাব। ১৯১৭ চনত ৰুছ বিপ্লৱে শূদ্ৰ যুগৰ পাতনি মেলিছিল। জন্ম হৈছিল ছোভিয়েট মহাসংঘ। বস্তুবাদী বিকাশে সমাজতন্ত্ৰলৈ গতি কৰা ছোভিয়েট দেশক বিচ্যুতিৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। আধ্যাত্মিক দিশৰ পতনে ইয়াক ভাঙি পেলালে। আজিৰ পুঁটিনে নিজৰ এসময়ৰ অংগদেশ ইউক্ৰেইনৰ বিৰুদ্ধে সৰ্বাত্মক শক্তি প্ৰয়োগ কৰা ১০০ দিন হৈ গ’ল। ইয়াৰ প্ৰভাৱ দেশে দেশে পৰিব– বিভিন্ন স্তৰত থকা মানুহৰ ওপৰত পৰিব। ক্ষতি হ’ব নাৰী আৰু শিশুৰ। সোণ–হীৰাৰ দখলদাৰ সকলৰ কি হ’ব ক’ব নোৱাৰো। মুঠতে বিশ্বৰ ভৱিষ্যত– মানে মানুহৰ ভৱিষ্যত কি হ’ব ক’ব পৰা নেযায়।

কিন্তু মানুহে নতুন পৃথিৱী গঢ়িবলৈ ঐক্যৱদ্ধ হ’বই লাগিব– জনতাৰ গণতন্ত্ৰ গঢ়িবই লাগিব– বৰ্তমানৰ বিশ্বায়নক ভাঙি মানুহৰ বিশ্বায়ন– সহযোগিতা, সংবেদনশীলতাৰ, সহমৰ্মিতাৰ বিশ্বায়ন গঢ়িবই লাগিব। নতুন নেতা গঢ়িব লাগিব– নতুন নীতি–যুক্তিৰ শিক্ষাৰ ধাৰ্মিক বিশ্ব–বিজয়ী নেতা। ধৰ্ম হ’ব মানুহৰ পুৰ্ণ বিকাশৰ আহিলা।

আজি দেশে–দেশে বিকাশ হৈছে কিন্তু ভিন্ন স্তৰত। সেইমতে বিকাশৰ কাৰ্যসূচী হ’ব লাগিব বহুমুখী–বহুমাতত্ৰিক। বৰ্তমানৰ দুখৰ লগতে লজ্জাজনক ঘটনাবোৰ এক পতনমুখী ৰাজনীতি–অৰ্থনীতি আৰু সংস্কৃতিৰ ধাৰাবাহিক আৰু অৱধাৰিত ফল। কিন্তু চিকিৎসা ১০০% সম্ভৱ।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward