Friday, April 19, 2024
HomeARTICLEম্যুংডুনচুনখামৰ বুৰঞ্জী অনুসন্ধান

ম্যুংডুনচুনখামৰ বুৰঞ্জী অনুসন্ধান

প্ৰকাশিত তাৰিখঃ ৬ ফেব্ৰুৱাৰী, ২০২৩

কল্প ৰঞ্জন গগৈ –

ম্যুংডুনচুনখামৰ সপোন দি থৈ যোৱা চ্যাওলুং চ্যুকাফাই ৯হেজাৰ মানুহ লগত লৈ পাটকাই প্ৰৱেশ কৰে ১২২৮ খ্ৰীষ্টাব্দত, কিন্তু ১২৫৩ খ্ৰীষ্টাব্দতহে চৰাইদেউত ৰাজধানী পাতেগৈ। এই মানুহখিনি লগত লৈ ম্যুংডুনচুনখাম নামৰ সোণালি বাগিচা গঢ়াৰ সপোন ১৮২৬ খ্ৰীষ্টাব্দৰ ২৪ ফেব্ৰুৱাৰীলৈকে গজিল এপোজা গছ হৈ। আজি একৈশ শতিকাত এই গছজোপাৰ হৰণ–ভগন কিমান হ’ল। কিদৰে নতুন ৰূপ ল’লে তাক অনুসন্ধান কৰাৰ সময় সমাগত যাতে ভৱিষ্যতলৈ ইয়াৰ ৰূপ কি হ’ব লাগিব। চ্যুকাফাৰ উত্তৰসুৰী সকলে কেনেদৰে চিন্তা কৰিব লাগিব। যাতে ই ফচিল (Fasil) হৈ নাযায়। তাৰ বাবে নতুন ধৰণে অনুশীলন আৰু অধ্যয়ন কৰিব লাগিব। চ্যাওলুং চ্যুকাফা নৰা দেশৰ পৰা আহিছিল– পশ্চিম দিশলৈ। ৰূপ কথাই কি কয় সেয়া ডাঙৰ কথা নহয়। কিন্তু বাটত নতুনকৈ মানুহে লগ দিছিল আৰু বহুত মানুহ হেৰাইছিল। ম্যুংডুনচুনখামত প্ৰৱেশ কৰাৰ লগে লগে কৈছিল। কিমান আহিছিলো– কিমান হেৰাল। ভৱিষ্যতে কিমান লগ দিব সকলো লিখি থৈ যাবি। এদিন ভৱিষ্যত অতীত হৈ যাব আৰু জন্ম পাব নতুন ভৱিষ্যত। টাই–শ্বান চ্যুকাফা আৰু তেওঁৰ লগৰীসকল থলগিৰি, থানগিৰী হৈ হৈ পৰিল আহোম। ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰীত ইংলিচ ইষ্ট ইণ্ডিয়া কোম্পানীৰ লগত চামিল হোৱাৰ আগলৈকে আহোম জাতীয় প্ৰাশসন। সেয়ে মোৰ মতে আহোম এটা জাতি বা জনগোষ্ঠী নহয়। ই এটা প্ৰশাসনীয় ব্যৱস্থা যাৰ প্ৰমাণ আছে। লগতে ই যে এটা ধৰ্ম নিৰপেক্ষ ব্যৱস্থা/ গোট তাৰো প্ৰমাণ আজি হিন্দু–মুছলমান নিৰ্বিশেষ, জাত–বৰ্ণ নিৰ্বিশেষ থকা পদবীবোৰ। বৰুৱা, শইকীয়া, হাজৰিকা, হাজৰিকাৰ পৰা হুছেইন শইকীয়া, ৰহমান শইকীয়া হৈ শৰ্মা বৰুৱা, শৰ্মা ঠাকুৰ, বৰদলৈ বৰঠাকুৰলৈ।

মধ্যযুগত অসম বুলি কেৱল আহোম ৰাজ্যকে বুজাইছিল। অসম বুলিলে আহোম নামৰ এটা সাংস্কৃতিক গোট বুজোৱা হৈছিল এনেদৰে–

কিৰাট কাছাৰী খাছি গাৰো মিৰি

যৱন কক্ক গোৱাল

অসম মুলুক ধোবা যে তুৰুক

কুবাচ ম্লেছ চণ্ডাল।

ভাগৱতৰ ২য় স্কন্ধৰ ৪ৰ্থ অধ্যায়ৰ পৰা উদ্ধৃত কৰা ওপৰোক্ত পংক্তিটোত অসম বুলি আহোম সাংস্কৃতিক গোটটোকেহে বুজোৱা হৈছে।

প্ৰশ্ন হয় আজি খণ্ডিতকৰন কোনে কৰিলে? কেনা ক’ত লাগিল?

১২২৮ খ্ৰীঃৰ পৰা ১৮২৬ খ্ৰীঃৰ ইয়াণ্ডাবু সন্ধিলৈ প্ৰাক্‌ ঔপনিবেশিক অসমৰ ঘটনাৱলীলৈ কেইবাটাও ভাগত ভাগ কৰিব পাৰো। ১৭৬৯ খ্ৰীঃৰ পৰা আৰম্ভ হোৱা কৃষক জাগৰণ– ১৭৯২ চনৰ নৱেম্বৰ মাহৰ পৰা ১৭৯৪ চনৰ মে’ মাহলৈ। এই জাগৰণক দমন কৰিবলৈ ৫৫০জন চিপাহী লৈ কেপ্টেইন ৱেইলছৰ বাহিনীৰ ৮০জন খেতিয়ক হত্যা আৰু ১৭৯৪ চনৰ মাৰ্চ মাহৰ পৰা ঔপনিবেশিক নিয়ন্ত্ৰনত গৌৰীনাথ সিংহ ৰাজসিংহাসনত। গৌৰীনাথৰ দিনতে বুঢ়াগোহাঞি পদত থকা পূৰ্ণানন্দৰ মইমতালী, অত্যাচাৰ, হত্যা আৰম্ভ হৈ কমলেশ্বৰ সিংহৰ দিনত দেশত সন্ত্ৰাসৰ ৰাজত্ব।

১৮১০ চনত কমলেশ্বৰ সিংহৰ মৃত্যুৰ পিচত বুঢ়াগোহাঞিয়ে চন্দ্ৰকান্ত সিংহক (১৮১০–১৮১৮) ৰজা পাতে।

এই বুঢ়াগোহাঞিৰ দিনতে বদন আছিল বৰফুকন। এই বৰফুকনেই মান ৰজাৰ সহায় ভীক্ষা কৰি ৬হেজাৰ মান সৈন্য লৈ ১৮১৭ চনৰ মাৰ্চ মাহত পাটকাই পাৰ হৈ অসম প্ৰৱেশ কৰে। কালৰ কি কুটিল চক্ৰ?

চন্দ্ৰকান্ত সিংহৰ সহায়ৰ বাবে অহা মান সৈন্যই অসম তহিলং কৰিলে। প্ৰথম পদাৰ্পনত হেমো আইদেউ সহিতে বহু অসমীয়া বিতাড়িত হ’ল। মান দেশলৈ।

মান অনা বদন বৰফুকনক হত্যা কৰাৰ পিছত পুনৰ মানৰ দুটাকৈ আক্ৰমণ। অসমীয়া হ’লগৈ ভগনীয়া। নিজত্ব হেৰুওৱা জাতি। ডা–ডাঙৰীয়াসকলৰ কন্দলৰ ফলত।

তিনিওটা মানৰ আক্ৰমণ স্বৰ্গদেউ চন্দ্ৰকান্তৰ দিনতে। শেষবাৰলৈ সিংহত্ব জাগিল। মানৰ বিৰুদ্ধে শেষ স্বাধীনতাৰ যুদ্ধ। হাদিৰাচকীত– ১৮২২ চনৰ ২১ জুন। সেইদিনা এমুঠি মোগল, এমুঠি পাঠান, এমুঠি শিখ, এমুঠি অসম সেনাই লগ দিছিল চন্দ্ৰকান্তক– মানৰ বিৰুদ্ধে।

পৰাজিত নায়ক চন্দ্ৰকান্ত। মানৰ দখলত অসম আৰু তাৰ পিছত বেলিমাৰ ইয়াণ্ডাবুত। ইংৰাজৰ দখলত অসম ১৮২৬ চনৰ পৰা ১৯৪৭লৈ। তাৰ পিছৰখিনি সকলোৱে জানো।

বুৰঞ্জীৰ খলাবমা– আমাৰ মনবোৰো ছেদেলি–ভেদেলি। সেয়ে এই মনক সঠিক গতি দিব লৈ বুৰঞ্জীৰ অধ্যয়ন হওক– বস্তুনিষ্ঠভাৱে। ডা–ডাঙৰীয়া সকলৰ পথেৰে নহয়– জনতাৰ পথেৰে। কাৰণ নতুন বুৰঞ্জীৰ চালিকা শক্তি জনগণহে।

জাতিৰ পিতা মহাত্মা গান্ধীৰ পৰা আৰম্ভ কৰি জ্যোতি–বিষ্ঞুৰ আদৰ্শৰে একগোট হৈ স্বাধীন হৈছিল ভাৰতবৰ্ষ। ১৯৪৭ চনৰ ১৫ আগষ্টত।

আজি ৭৫ বছৰে স্বাধীন ভাৰতবৰ্ষ। ১৯৪৭ চনত আমাক এৰি যোৱা ইংৰাজ আজিও সংযুক্ত ৰাজতন্ত্ৰ (United Kingdom) ইউনাইটেড কিংডম। ১৯৫৩ চনৰ ২জুনত সিংহাসন আৰোহন কৰোতে মহাৰাণী এলাজাবেথ দ্বিতীয় সাম্ৰাজ্ঞী হৈছিল ব্ৰিটেইন, কানাডা, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, দক্ষিণ আফ্ৰিকা, পাকিস্তান আৰু শ্ৰীলংকাৰ। ভাৰতৰ পৰা বিভক্ত পাকিস্তান যদি মহাৰাণীৰ অধীন তেনেহ’লে জিন্না–নেহেৰু কোন?

এই বুৰঞ্জী অনুসন্ধান সম্পূৰ্ণ কৰাৰ কৰ্তৃব্য আমাৰ ম্যুংডুনচুনখামৰ আইসকলৰ। পথ লওক ভগৱন্ত বুদ্ধৰ জ্ঞান আহৰণৰ বাবে নিজেই নিজৰ পোহৰ হওক, সংঘৰ পথ লওক আৰু সঠিক দৰ্শনৰ (ধৰ্ম) আশ্ৰয় লওক।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward