Thursday, April 18, 2024
HomeNEWSকৃষি বিজ্ঞান কেন্দ্ৰৰ ব্যৱসায়িক ভিত্তিক নাৰ্চাৰীৰ বৃত্তিমূলক প্রশিক্ষণ

কৃষি বিজ্ঞান কেন্দ্ৰৰ ব্যৱসায়িক ভিত্তিক নাৰ্চাৰীৰ বৃত্তিমূলক প্রশিক্ষণ

প্ৰকাশিত তাৰিখঃ ২০ মাৰ্চ, ২০২৩

চানডুবি নিউজ ৰিপ’ৰ্ট –

অসম কৃষি বিশ্ববিদ্যালয়ৰ কাঁহিকুছিস্থিত কামৰূপ কৃষি বিজ্ঞান কেন্দ্রত ব্যৱসায়িক ভিত্তিক নাৰ্চাৰীৰ ওপৰত এক বৃত্তিমূলক প্রশিক্ষণ অনুষ্ঠিত হৈ যায়।১৪ মাৰ্চৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে কৃষি বিজ্ঞান কেন্দ্ৰৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই প্রশিক্ষণটিৰ আঁতধৰে উদ্যান শস্য বিশেষজ্ঞ ড° দৰদী প্রিয়ম দুৱৰাই।

পাঁচদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচীত কৃষি বিভাগ তথা উদ্যান শস্য বিভাগৰ জিলা বিষয়া হেমেন দাস, উদ্যান শস্য গৱেষণা কেন্দ্রৰ প্ৰধান বিজ্ঞানী ড° সমীৰণ পাঠক, ড° ডালিম পাঠক, ড° সুনীল কুমাৰ বৰা, ড° প্ৰদীপ কুমাৰ মহন্তই সমল ব্যক্তি হিচাপে উপস্থিত থাকে। সমল ব্যক্তিসকলে প্ৰশিক্ষাৰ্থীসকলক নাৰ্চাৰীৰ চৰকাৰী আচঁনি, ফল–ফুলৰ পুলি উৎপাদন, প্ৰতিপালন আৰু কীট–পতঙ্গ, বেমাৰৰ প্ৰতিকাৰৰ বিষয়ে ব্যাখ্যা আগবঢ়ায়।

ধুবুৰীৰ চাপৰ কলেজৰ প্ৰৱক্তা ড° শুভাংকৰ সাহাই আৱতৰীয়া বতৰত ইন্দ্রমালতীৰ ফুল ফুলোৱা পদ্ধতিৰ বিষয়ে ভাৰ্চুৱেল যোগে অৱগত কৰে।

পশ্চিম গুৱাহাটী সমষ্টি তথা অসম–মেঘালয় সীমান্তৱৰ্তী বাটাবাৰী–শালসেৰ গাঁৱৰ প্রগতিশীল যুৱ কৃষক দিপাংকৰ ৰাভাই কমলাৰ কলি কলম, আমৰ গ্ৰাফটিং আৰু জোপোহা জালুক উৎপাদন পদ্ধতিৰ বিষয়ে হাতে–কামে কৰি দেখুৱাই। লগতে হাজোৰ ফুল খেতিয়ক ৰামেশ্বৰ দাসেও ফুল খেতি পদ্ধতি, আকৰ্ষণীয় বিভিন্ন ধৰণৰ ফুলৰ থোপা তৈয়াৰ কৰা প্ৰণালী সমূহ হাতে–কামে শিকাই দিয়ে।

প্ৰশিক্ষণ কাৰ্যসূচীৰ আঁত ধৰোতা ড দৰদী প্রিয়ম দুৱৰাই অসমৰ কাজি নেমুৰ পত্র কলম, লিচুৰ বায়ৱ কলম, গ্ৰাফটিং, টাবত মাটি ভৰোৱা, সাৰ প্রয়োগ, মাতৃগছৰ পৰিচৰ্য্যা পদ্ধতি সমূহ হাতে–কামে কৰি দেখুৱাই দিয়ে।

প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত উদ্যান শস্য গৱেষণা কেন্দ্ৰৰ প্রধান বিজ্ঞানী তথা চি বি বি অ’ৰ ভাৰপ্ৰাপ্ত বিজ্ঞানী ড° প্ৰমোদ চন্দ্র ডেকা, কৃষি বিজ্ঞান কেন্দ্রৰ প্রধান বিজ্ঞানী তথা মুৰব্বী ধীৰেন্দ্র নাথ কলিতা, বিশেষজ্ঞ ড° ইলাক্ষী ডেকাৰ উপস্থিতিত ২০জন প্রশিক্ষাৰ্থীক প্ৰমাণ পত্র প্রদান কৰা হয়।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward