Thursday, March 28, 2024
Homeবাতৰিমাজুলিয়ে লাভ কৰিলে জিলাৰ মৰ্যাদা

মাজুলিয়ে লাভ কৰিলে জিলাৰ মৰ্যাদা

প্ৰকাশিত তাৰিখঃ ১৫ ছেপ্টেম্বৰ, ২০১৬

চানডুবি নিউজ ব্যুৰ’–

মাজুলিক জিলা ৰূপে ঘোষণা কৰা হ’ল। অন্য এক নামেৰে চিনাকী হ’ল বিশ্বৰ বৃহত্তম নদী দ্বীপটোৰ। ৮ চেপ্টেম্বৰত সকলো উৎকণ্ঠাৰ অৱসান ঘটাই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে মাজুলিক জিলা ৰূপে ঘোষণা কৰিলে। ইয়াৰ লগে লগে অন্ত পৰিল জিলা গঠনক লৈ সৃষ্টি হোৱা দীৰ্ঘদিনীয়া উৎকণ্ঠাৰ। জিলাৰ মৰ্যাদা লাভে সমগ্ৰ মাজুলিবাসীৰ পাৰ ভাঙি আনন্দৰ বন্যা নিগৰাইছে।

উল্লেখযোগ্য যে, দেশে স্বাধীনতা লাভৰ পাচত প্ৰথমবাৰৰ কাৰণে বহিল মাজুলিত কেবিনেট বৈঠক। ই এক ঐতিহাসিক ক্ষণ ৰূপে বিবেচিত হ’ব। বৈঠকৰ আলোচনামৰ্মে জিলা উপায়ুক্ত কাৰ্যালয়ৰ দুৱাৰ মুকলি কৰে। দুৱাৰ মুকলি কৰি দিয়া ভাষণত মাজুলিত সাংস্কৃতিক বিশ্ববিদ্যলয়, আৰ্য়ুবেদিক চিকিৎসা মহাবিদ্যালয় আৰু তাৰকা গৃহ স্থাপন কৰা হ’ব বুলি মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে। মাজুলিৰ বাৰেবৰণীয়া সাংস্কৃতিক ঐতিহ্য–পৰম্পৰা সমূহৰ সুৰক্ষা, বাটপথ সমূহ সুচল কৰি পৰ্যটন ক্ষেত্ৰলৈ অনন্যমাত্ৰা প্ৰদান কৰিব বুলি মুখ্যমন্ত্ৰীৰ ভাষণত প্ৰকাশ।

ৰাজ্য চৰকাৰে মাজুলিলৈ আগবঢ়ায় বিভিন্ন আঁচনিৰ বৃহৎ বৃহৎ উপহাৰৰ টোপোলা। সেয়ে বছৰ বছৰ জুৰি ৰাজহাড় কোঙা কৰি ৰখা বান-গৰাখহনীয়া সমস্যা মাজুলি জিলালৈ মৰ্যাদা লাভ কৰাৰ ফলত এই সমস্যাটোৰ এটা স্থায়ী সমাধান হ’ব বুলি দ্বীপটোৰ বাসিন্দাসকলে গভীৰভাৱে আশা কৰিছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward