Friday, April 19, 2024
HomeARTICLEমানুহৰ মুক্তিৰ ইতিহাস

মানুহৰ মুক্তিৰ ইতিহাস

প্ৰকাশিত তাৰিখঃ ২ মে’ ২০২২

কল্প ৰঞ্জন গগৈ –

আজি যুদ্ধক ইমানেই মহান কৰি দেখুওৱা হৈছে যেন যুদ্ধ আৰু হিংসা অবিহনে সভ্যতা অচল। কিন্তু পৃথিৱীত শান্তি, প্ৰজাতন্ত্ৰ আদি সুন্দৰৰ আৰাধনা মহান বুলি ভবাসকলে ডাঠি ক’ব পাৰে ফিয়ড’ৰ ডষ্টভয়েস্কীৰ (Fyodor Dostoyesky) ভাষাত একমাত্ৰ সুন্দৰেহে পৃথিৱীক ৰক্ষা কৰিব পাৰে– Only Beauty will save the world। সুন্দৰৰ লগতহে জ্ঞানৰ সম্বন্ধ আৰু পৃথিৱীখন প্ৰকৃত জ্ঞানৰহে সমষ্টি।

মহাভাৰতৰ যুদ্ধই মানুহক কি দিলে? মহাযুদ্ধকেইখনে পৃথিৱীৰ মানুহ কিমান আগবঢ়াই নিলে? ৰজাই ৰজাই যুদ্ধ কৰিলে– মতা কুকুৰাৰ যুঁজ– প্ৰজাই কি পালে? সেয়ে অশোক সম্ৰাটৰ পৰা ৰাজৰ্ষিলৈ প্ৰমোচন পালে। বুদ্ধৰ লগতে থাকি গ’ল আমাৰ হৃদয়ত।

কিন্তু ইতিহাসৰ গতি এঁকা–বেঁকা। সমাজৰ এই উত্থান–পতনৰ তথ্য ইতিহাসত থাকে। মানুহে এই গতি অধ্যয়ন কৰি পতনশীল পথটো বৰ্জন কৰি সমাজখনক আগবঢ়াই নিব লাগিব। সেয়ে আজি আমি ৰজা–ডা–ডাঙৰীয়াসকলক বাদ দি প্ৰজাৰ ইতিহাসহে অধ্যয়ন কৰি লিপিৱদ্ধ কৰিব লাগিব।

সুন্দৰ পৃথিৱী গঢ়াৰ পথ দেখুৱাইছিল ভগৱান বুদ্ধই। কিন্তু তেওঁৰ পথৰ বাধাবোৰে তেওঁৰ মৃত্যুৰ প্ৰায় বাৰ শতিকাৰ পিছৰপৰা পঁচিবলৈ আৰম্ভ কৰে। অৱশেষত ই এক বিকৃত ৰূপ লয়গৈ– মঠ–মন্দিৰ হৈ পৰে ব্যভিচাৰৰ কেন্দ্ৰ। ভীক্ষু–সন্যাসী–পুৰোহিত হৈ পৰে ব্যক্তিগত সম্পদৰ মালিক–মঠ মন্দিৰ হৈ পৰে দেশৰ কোষাগাৰ।

বণিকসকলৰ যোগেদি ইয়াৰ প্ৰচাৰ হোৱাৰ লগে লগে ৰজা–দস্যু সকলোৱে মিলি ভাৰতমূখী হয়। বখতিয়াৰ খিলজীৰ ত্ৰয়োদশ শতিকাৰ আক্ৰমণৰ কাৰণ আছিল সেয়াই। সেয়ে পচনশীল–পতনশীল বুদ্ধ ধৰ্মৰ কেন্দ্ৰ–নালান্দা–তক্ষশীলা পুথিভঁৰাল বৌদ্ধ ভীক্ষু–পুৰোহিত আদি কোনো শক্তি ইছলাম ধৰ্মাৱলম্বী তুৰ্কী শক্তিৰ আক্ৰমণৰ পৰা ৰক্ষা পোৱা নাছিল। ইতিহাসত থাকে সঠিক তথ্য– ইয়াৰ বিশ্লেষণ বিজ্ঞানসন্মতভাৱে নহ’লে অপব্যাখ্যাকাৰীসকলে সুবিধা ল’বই। সেয়ে আমি আজি ক’বলৈ বাধ্য হৈছো প্ৰগতিশীল বিজ্ঞানসন্মত ধাৰাৰে ইতিহাস খুঁচৰিবলৈ শিকক– কাৰণ অপব্যাখ্যা কৰিবলৈ বৈশ্য যুগৰ বণিয়া শক্তি সদা প্ৰস্তুত। ব্ৰাহ্মণ বা জ্ঞানৰ যুগৰ জ্ঞান–বিজ্ঞানৰ চৰ্চ্চা বৈশ্য যুগৰ ধনৰ ব’লত চৰম পতনলৈ গতি কৰে যিটো আজি হৈছে। অপ–জ্ঞান, অপ–ব্যাখ্যা আৰু কুতৰ্কৰ প্ৰভাৱত জনগণ বিভ্ৰান্ত হৈ পৃথিৱী ৰূপান্তৰ কৰিবলৈ অক্ষম হয়গৈ।

বৈশ্য যুগৰ প্ৰধান শক্তি যিহেতু ধন–সোণ–লোভ–লাভ সেয়ে সমাজ বিকৃত হোৱা তেনেই সাধাৰণ ঘটনা। বৈশ্য–বণিয়া যুগৰ এই বৈশিষ্ট্য আমাৰ সন্মুখত জল–জল পটপটকৈ প্ৰকাশিত। সেয়ে আমি কৈছো যে এক ভয়ানক যুগ সন্ধিত আমি বাস কৰি আছো।

পূব দিশত চাওল্যুঙ চ্যুকাফা অহাৰ আগতেই কামৰূপত বখতিয়াৰ খিলজীয়ে খোপনি পুতিবলৈ আহিছিল। কামৰূপৰ ৰজা পৃথু আছিল। প্ৰশ্ন কৰক নালান্দা–তক্ষশীলাৰ অভিজ্ঞতা লৈ পূবলৈ কিয় আহিছিল? ৰজা পৃথুৰ বীৰত্বক স্বীকাৰ কৰিও আমি প্ৰশ্ন কৰিম তেওঁৰ গ্যেৰিলা যোদ্ধাসকল কোন আছিল। যি বখতিয়াৰ খিলজীৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিছিল– চীনৰ প্ৰাচীৰৰ দৰে! সেই প্ৰাচীৰ আছিল ইয়াৰ খেতিয়ক– অসমৰ বৌদ্ধ কিৰাট। বীৰ লাচিত–চিলাৰায়ৰ বাহিনীও এই বৌদ্ধ কিৰাট খেতিয়কৰ বাহিনী।

এইসকলৰ উত্তৰসুৰীসকল আজি দূৰ্বল যদিও জীৱিত। চাওল্যুঙ চ্যুকাফাৰ লগত অহা বাহিনী– পিছত জাতিৰ ভেটি তৈয়াৰ কৰা বাহিনীও এইসকলেই। সেয়ে আমি পুনৰ দোহাৰো– ৰজা–ডা–ডাঙৰীয়া নহয়– প্ৰজাৰ বীৰত্বব্যঞ্জক আৰু ইতিবাচক ইতিহাস উদ্ধাৰ কৰক, চৰ্চা কৰক আৰু সম্প্ৰসাৰণ কৰক। পৃথিৱী সুন্দৰ কৰাৰ লক্ষ্যৰে মানুহৰ সেৱাত ব্ৰতী হ’বলৈ মানুহৰ ইতিহাসক অধ্যয়ন কৰক।

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News 

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward