Wednesday, April 24, 2024
Homeবাতৰিমিজোৰামঃ বনজ সম্পদ ধ্বংস হোৱা দেশৰ প্ৰথমখন ৰাজ্য

মিজোৰামঃ বনজ সম্পদ ধ্বংস হোৱা দেশৰ প্ৰথমখন ৰাজ্য

প্ৰকাশিত তাৰিখঃ ১৯ ফেব্ৰুৱাৰী, ২০১৮

চানডুবি নিউজ ডেক্স

প্ৰকৃতিৰে পৰিপূৰ্ণ মিজোৰামত দেশৰ ভিতৰতে সৰ্বাধিক বনজ সম্পদ ধ্বংস হয়। ৰাজ্যখনত চলি অহা পৰম্পৰাগত ঝুম খেতিয়েই হ’ল এই বনজ সম্পদ ধ্বংসৰ মূল কাৰণ। ঝুমখেতিত জ্বলোৱা জুই অৰণ্যৰ অন্যান্য ঠাইত বিয়পি পৰাত বছৰি বৃহৎ বনজ সম্পদ ধ্বংস হয়। উত্তৰ–পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যৰ ভিতৰত এক তৃতীয়াংশ বনজুই সংঘটিত হয় মিজোৰামত।

কেন্দ্ৰীয় বন মন্ত্ৰী হৰ্ষ বৰ্ধনে মুকলি কৰা এক প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। প্ৰকাশ পোৱা এই তথ্য অনুসৰি, ২০১৫ চনত মিজোৰামত বনভূমিৰ পৰিমাণ আছিল ১৮,৭৪৮ বৰ্গ কিলোমিটাৰ। তদুপৰি ২০১৭ চনৰ প্ৰতিবেদনত ৫৩১ বৰ্গ কিলোমিটাৰ বনভূমি হ্ৰাস পোৱা বুলি প্ৰকাশ পাইছে।

অন্যহাতে, ঝুমখেতিৰ জুইত উত্তৰ পূৰ্বাঞ্চলৰ অন্যান্য ৰাজ্যকেইখনৰ বনজ সম্পদ ধ্বংসৰ পৰিমাণ হ’ল– নাগালেণ্ড ৪৫০ বৰ্গ কিলোমিটাৰ, অৰুণাচল প্ৰদেশ ১৯০ বৰ্গ কিলোমিটাৰ, ত্ৰিপুৰা ১৬৪ বৰ্গ কিলোমিটাৰ আৰু মেঘালয়ত ১১৬ বৰ্গ কিলোমিটাৰ। বিপৰীতে বনানীকৰণ সম্প্ৰসাৰণত অধিক গুৰুত্ব প্ৰদান কৰা ৰাজ্যকেইখন অন্ধ্ৰপ্ৰদেশ, কেৰালা, কৰ্ণাটক আৰু ওড়িশা।

উল্লেখনীয় যে, মিজোৰামত জীৱিকাৰ সম্বল হ’ল ঝুমখেতি সেয়ে তাত ঝুম খেতিয়কৰ সংখ্যাই সৰ্বাধিক। খেতিয়কসকলে ঝুমখেতি জ্বলোৱাৰ সময়ত জুই নিয়ন্ত্ৰণৰ কোনো ব্যৱস্থা নাথাকে। অনিয়ন্ত্ৰিত জুই অন্যান্য বনভূমিলৈকে বিয়পি পৰাৰ ফলত জাহযোৱা সম্পতিৰ ক্ষয়–ক্ষতিৰ পৰিমাণ বাঢ়িছে। তদুপৰি ঝুমখেতি প্ৰতি বছৰে ঠাই সলাই কৰা হয় সেয়ে খেতিডৰা প্ৰস্তুত কৰোতেও ধ্বংস হয় বহু পৰিমাণৰ বনজ সম্পদ। বছৰটোত অসংখ্য বনজুইৰ ঘটনা লিপিবদ্ধ কৰে ৰাজ্যৰ বন বিভাগে।

মিজোৰামত ২০১১ চনৰ পৰা এতিয়ালৈ প্ৰায় ৬৯৭টা বনজুইৰ ঘটনা সংঘটিত হোৱাৰ ফলত ৯০কোটি টকা মূল্যৰ সম্পদ ধ্বংস হৈছে। শেহতীয়াভাৱে ৰাজ্যিক অগ্নি নিৰ্বাপক আৰু জৰুৰীকালীন সেৱা বিভাগে এই তথ্য প্ৰকাশ কৰিছে।   

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward