Saturday, April 20, 2024
HomeARTICLEমেঘালয়ে অসমৰ ভূমি বেদখলত কিয় উৎসাহিত হৈ পৰিছে

মেঘালয়ে অসমৰ ভূমি বেদখলত কিয় উৎসাহিত হৈ পৰিছে

প্ৰকাশিত তাৰিখঃ ২৩ আগষ্ট, ২০২১

নীৰেন্দ্ৰ প্ৰসাদ ৰাভা

এসময়ত অসমৰ সৈতে থকা সংযুক্ত খাছি–জয়ন্তীয়া আৰু গাৰোপাহাৰ জিলা ১৯৭২ চনৰ ২১ জানুৱাৰীত সুকীয়া মেঘালয় ৰাজ্য গঠন হ’ল। সংযুক্ত খাছি পাহাৰ অসমৰ জিলা হিচাপে থকা সময়ছোৱাতো আন্তঃজিলা সীমা নিৰ্ধাৰণ কৰা আছিল আৰু সুকীয়া ৰাজ্যৰ মৰ্যাদা লভাৰ পাছতো আন্তঃৰাজ্যিক সীমা নিৰ্ধাৰণ হৈছিল। আমি জানিবপৰা মতে– খাছি পাহাৰ জিলা হৈ থকাৰ সময়ত যি সীমা আছিল সুকীয়া ৰাজ্য গঠনৰ পাছতো সেই সীমাকে বাহাল ৰাখিছিল। সেই মতেই দুয়ো ৰাজ্যৰ লোকসকলে চলিছিল। আন্তঃৰাজ্যিক সীমান্তত কোনো খাছি–অসমীয়াৰ ভেদাভেদ নোহোৱাকৈ ‘সীমাৰ সিপাৰে মেঘালয় আৰু ইপাৰে অসম’ এইদৰেই চলি আহিছিল। সীমান্তবাসীয়ে হাজাৰ–বিজাৰ অসুবিধাৰ মাজেৰে জীৱন নিৰ্বাহ কৰিছিল কিন্তু নিজ নিজ ৰাজ্যখনৰ ক্ষতি হ’বপৰা কাম খাছি–অসমীয়া কোনেও কৰা নাছিল। কিন্তু আন্তঃৰাজ্যিক সীমান্তত সেইদিনৰ নিভাজ ছবি আজি পোৱা নাযায়। সময়ৰ সোঁতত সকলোবোৰ সলনি হ’ল। পশ্চিম গুৱাহাটীৰ শেষ প্ৰান্তৰ উমচুৰ, শালসেৰ, মাটাইখাৰ, বিলপাৰ, পাটগাঁও, বাখালাপাৰা, জিমিৰিগাঁও, লংচাই এইসমূহ গাঁৱৰ একাংশলোক আজি মেঘালয়ৰ সমৰ্থনকাৰী হৈ পৰিল। বাখালাপাৰা গাঁৱৰ এজন জ্যেষ্ঠলোকে প্ৰকাশ কৰামতে– প্ৰায় ১৯৮৫ চনৰপৰাহে মেঘালয়ক সমৰ্থন কৰা কেইজনমানলোক তেওঁলোকৰ গাঁওখনত ওলাইছিল। ইয়াৰ আগত মেঘালয়ক কেতিয়াও সমৰ্থন কৰা নাছিল। আনকি খাছি পাহাৰ জিলা হিচাপে থকা সময়তো এই গাঁওসমূহ মেঘালয়ৰ লগত নাছিল। প্ৰথমাৱস্থাত মেঘালয়ৰ সমৰ্থনকাৰী লোকৰ সংখ্যা তিনি–চাৰিজন মান আছিল। কালক্ৰমৎ ই বাঢ়ি গৈ শ শ জনলৈ বৃদ্ধি হৈছিল। একেদৰে গুৱাহাটীৰ পাৰ্শ্বৱৰ্তী ৰাণী অঞ্চলৰ গড়ভাংগা, নুমলিপথাৰ, জালুকপাহামকে আদিকৰি ১৬খন পাহাৰীয়া গাঁৱৰ মাজতো মেঘালয়ৰ সমৰ্থনকাৰী সংখ্যা যথেষ্ট হাৰত বাঢ়ি গৈছে।

ৰাণীৰ নিচেই কাষৰ কিছুসংখ্যক অসমীয়ালোকক লৈ ৰাণী–জিৰাং নামেৰে নতুনকৈ এখন গাঁও স্থাপন কৰিছে। আজিৰ তাৰিখত গণপতি আৰু মৈৰাপুৰ গাঁৱতো মেঘালয়ৰ সমৰ্থকৰ সংখ্যা কম হৈ থকা নাই। ৰাণীৰপৰা এক কিলোমিটাৰ দূৰত গণপতি আৰু তিনি কিলোমিটাৰ দূৰত মৈৰাপুৰ গাঁও দুখন অৱস্থিত। মেঘালয় চৰকাৰে তলেতলে গণপতি গাঁৱৰ বৃহৎ অংশ এটাৰ লোকসকলক ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড প্ৰদান কৰিছে। দৰবাৰ হল, বিদ্যালয় স্থাপন কৰি দিয়াৰ লগতে খোৱাপানী, জলসিঞ্চনৰো সুব্যৱস্থা কৰি দিছে। এনৰেগা আঁচনিৰ অধীনত বাটপথৰ লগতে বিভিন্ন কাম ৰূপায়ন কৰিছে। দৰবাৰ হল নিৰ্মাণৰ সময়ত গাঁওখনৰ ৰাইজে পলাশবাৰী ৰাজহ চক্ৰ বিষয়াক অৱগত কৰিছিল যদিও বিষয়াগৰাকীয়ে কোনো পদক্ষেপ গ্ৰহণ নকৰিলে বুলি গাঁওবাসীয়ে আক্ষেপ প্ৰকাশ কৰে। ইপিনে, মৈৰাপুৰ গাঁৱতো একেই পৰিস্থিতি। ২০০৪ চনত গাঁওখনত মেঘালয় চৰকাৰে বিদ্যুৎ সংযোগ দিয়াৰ বাবে সকলোধৰণৰ প্ৰস্তুতি সম্পন্ন কৰি তুলিছিল। কিন্তু অসমীয়াৰ প্ৰতিবাদত মেঘালয়ে সেই কাম বন্ধ কৰিবলগা হয়। অৱশেষত মেঘালয়ে পোটা খুটাত অসমে বিদ্যুৎ সংযোগ দিয়াৰ ব্যৱস্থা কৰে। কিন্তু তাৎপৰ্যপূৰ্ণভাৱে অসমে ট্ৰেন্সমিটাৰ স্থাপন কৰা স্থানতে মেঘালয়ৰ বিদ্যুৎ বিভাগৰ চাইনবোৰ্ড আঁৰি দিছে। য’ত এই পৰ্যন্ত অক্ষত হৈ আছে চাইনবোৰ্ডখন। সেই তেতিয়াৰপৰা মেঘালয়ে সকলো কাম তলেতলে কৰিবলৈ আৰম্ভ কৰিছে। বৰ্তমান গাঁওখনৰ এন ই চি পথৰ পূব দিশৰ মেঘালয় সীমাৰ লগত লাগি থকা অংশটোক এক প্ৰকাৰ তেওঁলোকৰ অধীন কৰি পেলাইছে। সেই অংশটোৰ লোকসকলক ভোটাৰ, ৰেচন, আধাৰ কাৰ্ড সকলোবোৰ প্ৰদান কৰিছে। পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত মৈৰাপুৰ ৰাজহ গাঁৱৰ মাটিত আজি মেঘালয়ৰ নিৰ্মাণ কাৰ্য চলি আছে। ইপনে, এন ই চি পথটোৰ কাষতে লাগি আছে খেলপথাৰ এখন। সেই খেলপথাৰখনৰ উত্তৰে মৈৰাপুৰ গ্ৰাণ্ট এম ই স্কুল, পূবে মৈৰাপুৰ প্ৰাথমিক বিদ্যালয় আৰু পূব–দক্ষিণ কোণত মৈৰাপুৰ উপ স্বাস্থ্য কেন্দ্ৰ। খেলপথাৰখনৰ দক্ষিণ দিশে পশ্চিমৰ পৰা পূবলৈ গৈছে এটি বাট। এন ই চি পথত সংলগ্ন এই বাটটোৰ এশ মিটাৰ অৰ্থাৎ উপ স্বাস্থ্য কেন্দ্ৰলৈকে অসম চৰকাৰে এনৰেগা আঁচনিৰ জৰিয়তে পকীকৰণ কৰিছে। আচৰিতভাৱে তাৰ পাছৰ অংশটো ইতিমধ্যে মেঘালয় চৰকাৰে নিৰ্মাণ কৰি উঠিছে।

পাহাৰ মানে–মেঘালয় আৰু সমভূমি মানে–অসম। যুগ যুগ ধৰি এই প্ৰথাৰে চলি অহা পশ্চিম গুৱাহাটীৰ শেষ প্ৰান্তৰ গাঁওকেইখনৰ প্ৰকৃত ছবি আজি মেঘালয়ে সলনি কৰিছে। অঞ্চলটোৰ গাড়ীলিক নামৰ সৰু ব্যৱসায়িক ঠাইখনৰপৰা কিছুদূৰ দক্ষিণ–পূব দিশে তাৰপাছত উত্তৰ–পূব দিশে গতি কৰা এখন সমভূমি অঞ্চল। প্ৰায় ছয় কিলোমিটাৰ দৈৰ্ঘ্য আৰু ছয়শৰ পৰা আঠশ মিটাৰ বহল এই সমভূমি অঞ্চলটোত আছে কেইবাখনো গাঁও আৰু খেতিপথাৰ। মাটাইখাৰ–বিলপাৰ, শালসেৰ–বাটাবাৰী, নগাঁও আৰু শেষত উমচুৰ গাঁওখন অৱস্থিত। ইপিনে, সমভূমি অঞ্চলটোৰ দুয়োপাৰে লাগি আছে পৰ্বত সদৃশ দুশাৰী পাহাৰ। আচৰিত হ’বলগীয়া কথা যে, দুয়োফালে লাগি থকা  সুউচ্চ পাহাৰ দুয়োখন হ’ল মেঘালয়ৰ আৰু তাৰ মাজেৰে গতিকৰা সৰ্পিল আকাৰৰ সমভূমি অঞ্চলটো হ’ল অসমৰ। আনহাতে, বাখালাপাৰা, জিমিৰিগাঁও, কুণ্ডিল নগৰ, লংচাই গাঁওকেইখনৰো একেই অৱস্থা। গাড়ীলিকৰ পৰা পূব–দক্ষিণ আৰু মুদুকীৰপৰা পূব দিশত দুই–তিনিখন সৰু–বৰ পাহাৰ অতিক্ৰম কৰিলে পোৱা যায় এক বৃহৎ সমভূমি অঞ্চল। সেই অঞ্চলতে অসমৰ বাখালাপাৰা, জিমিৰিগাঁও, কুণ্ডিল নগৰ, লংচাই গাঁওকেইখন অৱস্থিত। গাঁওকেইখনলৈ যোৱা প্ৰধান পথ দুটা ক্ৰমে– গাড়ীলিক–পাটগাঁও–বাখালাপাৰা আৰু মুদুকী–কুণ্ডিল নগৰ–জিমিৰি গাঁও। মুদুকী–কুণ্ডিল নগৰ–জিমিৰি গাঁওলৈ যোৱা পথটো অসম চৰকাৰৰ বন বিভাগৰ ভূমি যদিও গাড়ীলিক–পাটগাঁও–বাখালাপাৰা এই পথটো মেঘালয়ে নিজৰ ভূমি বুলি দাবী কৰি আহিছে। ২০১২ চনত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত অসমে নিৰ্মাণ কৰিব ওলোৱা পথটি মেঘালয়ৰ বেচৰকাৰী সংগঠন সমূহে বন্ধ কৰি দিছিল। পথটিৰ নিৰ্মাণকাৰ্যৰ বাবে অৱশেষত মেঘালয়ৰ এই সংগঠন সমূহৰ লগত অঞ্চলটোৰ ৰাইজে আলোচনাৰ জৰিয়তে মীমাংসা কৰিবলগীয়া হয়। এই আলোচনাৰ পিছতহে গাড়ীলিক–পাটগাঁও–বাখালাপাৰা পথটোৰ নিৰ্মাণকাৰ্য সম্পন্ন হয়। 

আনহাতে, ২০১৮ চনত প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত মুদুকীৰ পৰা কুণ্ডিল–জিমিৰি গাওঁ নগৰলৈ ৭.৯৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো নিৰ্মাণৰ বাবে অসমে উদ্যোগ লৈছিল। সেই অনুসৰি সমষ্টিটোৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ২০১৮ চনৰ ১২ এপ্ৰিলত পথটিৰ শুভাৰম্ভ কৰিছিল। বিপৰীতে, অসমে নিৰ্মাণ কৰিবলৈ লোৱা পথটোৰ কিছু দূৰত্বত সমান্তৰালভাৱে মেঘালয়েও এটি পথ নিৰ্মাণ কৰিছে। অৱশ্যে পথ নিৰ্মাণৰ কাম মেঘালয়ে প্ৰথম গ্ৰহণ কৰা নাছিল। অসমে পথ নিৰ্মাণ কৰা দেখিহে মেঘালয়ে ততাতৈয়াকৈ আৰম্ভ কৰিছিল আৰু ২০২০ চনৰ এপ্ৰিলত সম্পূৰ্ণ কৰি তুলিছিল। বিপৰীতে, অসমৰ বিভাগীয় ৰঙা ফিটাৰ মেৰপাকত পৰাত ২০২১ৰ প্ৰথম ভাগতহে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠে। উল্লেখনীয় যে, মেঘালয়ে সীমান্তত পথ নিৰ্মাণ কৰিছে যদিও সেই অঞ্চলসমূহত তেওঁলোকৰ কোনো বসতিস্থান নাছিল। বিভিন্ন প্ৰলোভন দি অসমৰ লোকৰ দ্বাৰা দুই–এখন গাঁও নতুনকৈ স্থাপন কৰিছে। বিভিন্ন ঘাটপ্ৰতিঘাতৰ মাজেৰে অসমে এই পথটোৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰি তুলিবলগা হৈছিল। বিশেষকৈ এজন খাছিলোক, বৰ্তমান তেওঁ ইহজগতত নাই, কিন্তু জীয়াই থকাৰ সময়ত অসমৰ লোকক বাঘ–সিংহ সকলোবোৰ দেখুৱাই গৈছিল। এইজন খাছিলোকৰ নাম হ’ল মাইকেল ৱাৰজ্ৰী। আদহীয়া এই লোকজন হ’ল নংস্পুং হিমা (এলেকা)ৰ ছেক্ৰেটাৰী। মাইকেল আছিল মহা মদগৰ্বী স্বভাৱৰ লোক। তেওঁৰ আপোন লগৰী হ’ল পিঠিত ওলোমাই ৰখা বন্দুকটো আৰু হাতত থকা দীঘল দা খন। সীমান্তৰ সেই অঞ্চলটোত তেওঁ যি ভাৱে সেয়াই নীতি–নিয়ম। প্ৰয়োজনত অসমৰ লোকসকলেও মেঘালয়ৰ পথেৰে অহা–যোৱা কৰে। চাইকেল, বাইক–মটৰ আদিও চলাচল কৰে। এই সকলোবোৰ বাহন পাৰ হ’বলৈ মাইকেলৰ গেটত টেক্স দিব লাগে। টেক্স অবিহনে কোনেও পথটিৰে চলাচল কৰিব নোৱাৰে। দীৰ্ঘদিনৰ পৰা বিনা কাৰণত বিভিন্ন ধৰণে হাৰাশাস্তিৰ সন্মুখীণ হৈ অহা বাবে লোকজনৰ ওপৰত ক্ষুব্ধ হৈ পৰিছিল অসমৰ লোকসকলে। ইপিনে, অসমৰ পথ নিৰ্মাণত প্ৰয়োজন হোৱা সা–সামগ্ৰী মাইকেলৰ পথেৰে পাৰ হ’বলগীয়া হৈছিল। মদগৰ্বী মাইকেলে এইবাৰ পথটোৰ সোঁমাজত খুটি এটা পুতি দিয়ে। এই খুটি উঠাই দিয়াৰ বাবত প্ৰতিখন গাড়ীৰ বোজা অনুযায়ী ২–৩ হেজাৰ টকা দাবী কৰে। দাবী ধন অনাদায়ে সেই পথেৰে যাতায়ত বন্ধ। দাবী কৰা ধন সন্দৰ্ভত সামগ্ৰী কঢ়িয়ওৱা গাড়ী চালকৰ লগত মাইকেলৰ তৰ্ক–বিতৰ্কৰ সূত্ৰপাত ঘটে। মাইকেলে অৱশেষত গাড়ীৰ চালকক মাৰণাস্ত্ৰ দেখুৱাই ভাবুকি প্ৰদান কৰে। এই কথা অসমৰ অন্তৰ্গত ভালাখোৱা গাঁৱৰ ৰাইজে জানিব পাৰি উত্তেজিত হৈ পৰে আৰু সদলবলে ওলাই গৈ মাইকেলক এসেকা প্ৰদান কৰে। মাৰণাস্ত্ৰ এৰি মাইকেলেও চোকা দা খনেৰে জধে–মধে আক্ৰমণ কৰাত অসমৰ কেইবাজনো লোক আঘাতপ্ৰাপ্ত হয়। ঘটনা সন্দৰ্ভত ২০১৮ চনৰ ৮ মে’ত পলাশবাৰী আৰক্ষীয়ে মাইকেলক আটক কৰি থানালৈ আনে আৰু এক গোচৰ ৰুজু কৰি ইয়াৰ প্ৰতিবেদন ৰি–ভয় জিলাৰ নংপো থানালৈ প্ৰেৰণ কৰে। বিপৰীতে, মাইকেলক মাৰ–ধৰ কৰা আৰু তেওঁৰ সা–সম্পত্তি ধ্বংস কাৰ্যত জড়িত থকাৰ অপৰাধত অসমৰো তিনিজন ব্যক্তিক মেঘালয়ৰ নংপো থানাই আটক কৰে। অতি পৰিতাপৰ কথা অসমত ৰুজু হোৱা গোচৰত মাইকেলে এসপ্তাহৰ ভিতৰত মুকলি হৈ আহিল আৰু মেঘালয়ত ৰুজু হোৱা গোচৰত গ্ৰেপ্তাৰ হোৱা অসমৰ লোককেইজনে তিনি মাহ জে’ল খাটিবলগীয়া হ’ল।

অৱশ্যে, মেঘালয়ৰ লোকে সংঘটিত কৰা ঘটনা অঞ্চলটোত এইটোৱে একমাত্ৰ নহয়। এনেবোৰ বহু ঘটনা ঘটি গ’ল। খাছিলোকৰ বিভিন্ন ভয়–ভাবুকিৰ মাজেৰে মুদুকী–কুণ্ডিল নগৰ–জিমিৰি গাঁওৰ পথটো নিৰ্মাণ কাৰ্য সমাপ্ত কৰিবলগীয়া হয়। ২০২০ চনৰ ঘটনা। মুদুকীৰ বন বিভাগৰ কাৰ্যালয় থকা চ’কটোৰপৰা নাতি দূৰত থকা বাথা নদীৰ ওপৰত দলং এখনৰ নিৰ্মাণ কৰা বাবে খাছিলোকসকলে আহি ধন দাবী কৰিছিল। আনকি ধন আদায় নিদিলে নিৰ্মাণকাৰ্যই বন্ধ কৰি দিয়াৰ ভাবুকি প্ৰদান কৰিছিল। খাছিলোকৰ ভাবুকিৰ বাবে লংচাইৰ খেনাকুন্দি নদীৰ ওপৰত নিৰ্মাণ কৰা দলংখন সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ৰাইজে পালপাতি দিন–ৰাতি সুৰক্ষা দিবলগা হৈছিল। পথটিৰ নিৰ্মাণকাৰ্য সম্পূৰ্ণ হৈ উঠাৰ পাছত মুদুকী চ’কৰ পৰা প্ৰায় তিনি হেজাৰ মিটাৰ দূৰত খাছিলোকে এটি টোলগেট বহুৱাইছিল। যদিও, অসমৰ প্ৰশাসনে উক্ত টোলগেট লগেলগে উচ্ছেদ কৰিছিল।

এইকথাও ঠিক যে, সীমান্তৱৰ্তী গাঁওসমূহ উন্নয়নৰ ক্ষেত্ৰত অসম চৰকাৰে যিধৰণে গুৰুত্ব আৰোপ কৰিব নাছিল সেই ধৰণে কৰা নাই। এক কথাত সীমামূৰীয়া কেইবাখনো গাঁৱত উন্নয়ন শূন্য বুলি ক’লেও ভুল কোৱা নহয়। শিক্ষা, বাটপথ, খোৱাপানী, চিকিৎসা, বিজুলী কোনো এটা ব্যৱস্থাই নাই। আন্তঃৰাজ্যিক সীমান্তত বসবাস কৰা অসমীয়াসকলৰ ন্যূনতম প্ৰয়োজনীয়তা খিনিকে মেঘালয়ে ব্ৰহ্মাস্ত্ৰ হিচাপে সুযোগ গ্ৰহণ কৰিছে। উদাহৰণ স্বৰূপে পশ্চিম গুৱাহাটীৰ আন্তঃৰাজ্যিক সীমান্তৰ পাহাৰীয়া গাঁওকেইখনৰ কথাকেই উল্লেখ কৰিব পাৰি। ৰাণী উন্নয়ন খণ্ডৰ অন্তৰ্ভূক্ত এই গাঁওকেইখনত ন্যূনতম সুবিধাখিনিৰ পৰাও বঞ্চিত। দেশে স্বাধীনতা লভা ৭৫ বছৰত ভৰি দিলে অথচ গাঁওকেইখনলৈ অহা–যোৱা কৰা মূল ৰাষ্টাটোৱেই আজিলৈ হৈ নুঠিল।

অসমৰ গড়ভাংগা, নুমলিপথাৰ, জালুকপাহাম, গণপতি ৰাণী, মৈৰাপুৰ, উমচুৰ, মাটাইখাৰ, ৰাণীবাৰী, লংচাই, বাখালাপাৰা, জিমিৰিগাঁও, কুণ্ডিল নগৰ আদি গাঁৱৰ একাংশ আজি মেঘালয়ে নিজৰ বুলি দাবী কৰিছে। কিন্তু সেইবোৰ গাঁও খাছি পাহাৰ জিলাৰ লগত কাহানিও সংযুক্ত নাছিল। য’ত জিলাখনৰ লগতেই সংযুক্ত নাছিল তেনেক্ষেত্ৰত সুকীয়া ৰাজ্য গঠনৰ পাছত তেওঁলোকৰ অন্তৰ্ভূক্ত হৈ পৰিল কেনেকৈ! বাৰে বাৰে কিয় গণ্ডগোলৰ কেন্দ্ৰবিন্দু হৈ পৰে আন্তঃৰাজ্যিক সীমান্তৰ এইসমূহ গাঁও!

শিৰোনামৰ ফটোঃ চানডুবি নিউজ

Title Pix: Chandubi News

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward