Friday, March 29, 2024
Homeবাতৰিযমুনা দেৱী, বনাঞ্চল সংৰক্ষণত নেতৃত্ব লোৱা এগৰাকী সাহসী মহিলা

যমুনা দেৱী, বনাঞ্চল সংৰক্ষণত নেতৃত্ব লোৱা এগৰাকী সাহসী মহিলা

প্ৰকাশিত তাৰিখঃ ১৫ জুলাই’ ২০১৭

 

চানডুবি নিউজ ব্যুৰ’–

যমুনা দেৱী (বৈবাহিক সূত্ৰে টুডু) যাক জনা যায় লেডী টাৰ্জান বুলি। অঞ্চলটোত নাম আৰু কামেৰে বিখ্যাত হৈ পৰা মহিলা গৰাকীৰ নেতৃত্বত গঢ়ি উঠিছে মহিলা বন সুৰক্ষা বাহিনী। এতিয়া যমুনাৰ এই পদক্ষেপে অতি প্ৰশংসা লাভ কৰিছে।

যমুনা দেৱীৰ পিতৃৰ ঘৰ আছিল ওৰিশাৰ ময়ুৰভঞ্জৰ ৰঙামাটিত। গাঁৱৰ চাৰিওফালে থকা শিলাময় শুকান মাটিতে যমুনাৰ দেউতাকে গছ–পুলি পুতিছিল আৰু অধিক যত্নৰ ফলত গছবোৰ সোণকালে ডাঙৰ হৈ উঠিছিল। সেই সূত্ৰেই যমুনাৰ গছ–গছনিৰ সৈতে চিনাকী।

১৯৯৮ চনত জামছেদপুৰৰ চাকুলিয়াত মানসিং টুডুৰ সৈতে যমুনা বিবাহপাশত আবদ্ধ হয়। স্বামীৰ গাঁৱখনলৈ আহিয়েই দেখা পাই বন ধ্বংসৰ দুখলগা ছবি আৰু বন মাফিয়াৰ দপ্‌দপনি। সেয়ে গছ–গছনি সুৰক্ষাৰ বাবে চাৰি গৰাকী মহিলাৰে গঠন কৰে বন সুৰক্ষা বাহিনী। বৰ্তমান বাহিনীৰ সদস্য সংখ্যা ষাঠি গৰাকীতকৈও অধিক। এতিয়া যমুনাৰ বন সুৰক্ষাৰ এই সংগ্ৰামখনত তেখেতৰ পৰিয়াল, সমগ্ৰ গাঁৱবাসী আৰু বন বিভাগেও পূৰ্ণ সহযোগিতা আগঢ়াইছে।

যমুনাৰ এই মহিলা বন সুৰক্ষা বাহিনীটো তিনিটা গোটত ভাগ কৰা হৈছিল। এই তিনিটা গোটে পাল পাতি দিন ৰাতি ভাগ কৰি হাবিৰ মাজত বন সুৰক্ষাৰ দায়িত্ব পালন কৰে। প্ৰতিটো দিনতে পাঁচ–ছয়জনী মহিলা পানীৰ বটল লগত লৈ হাবিৰ ভিতৰত সোমাই পৰে। যমুনা দেৱীও নিজ দলৰ সৈতে তেনেদৰে দায়িত্ব পালন কৰে।

হাবিত বন মাফিয়াই গছ কটা দেখিলে সুৰক্ষা বাহিনীৰ সদস্যসকলে প্ৰথমে বাধা প্ৰদান কৰে। বন মাফিয়াক গ্ৰেপ্তাৰত সুবিধা হোৱাকৈ মোবাইল কেমেৰাত ফ’টো তুলি সেইবোৰ পুলিচৰ হাতত অৰ্পণ কৰে। বহু সময়ত বন মাফিয়াৰ সৈতে মহিলা বাহিনীৰ হতাহতি হৈ আঘাতপ্ৰাপ্ত হ’বলগীয়া হৈছিল। মহিলা বাহিনীৰ এনে নিৰৱচ্ছিন্ন পহৰাত মাফিয়া বাহিনীৰ গছ কটাত বাধাৰ সৃষ্টি কৰিছিল। এই বাধাৰ বাবে বন মাফিয়াই যমুনাক বহুবাৰ প্ৰাণে মৰাৰ ভাবুকি দিছিল। আনকি কেইবাবাৰো হত্যাৰ চেষ্টা কৰিছিল।

উল্লেখযোগ্য যে যমুনাই গাঁৱখনত কোনো ল’ৰা–ছোৱালী জন্মৰ লগে লগে গছপুলি ৰোৱাৰ নিয়ম কৰিছিল। সেই নিময় গাঁৱবাসীয়ে আন্তৰিকতাৰে পালন কৰিছিল। ৰাখী উৎসৱৰ দিনটোত ৰোপন কৰা সেই গছবোৰক ৰাখীও বান্ধিছিল।

যমুনাই কৰা কৃত কৰ্মৰ বাবে ২০১৩ চনত ফিলিপিছ ব্ৰেভাৰী এৱাৰ্ড সন্মান লাভ কৰিছিল। আনহাতে ২০১৬ চনত লাভ কৰিছিল ৰাষ্ট্ৰপতিৰ সাহসিকতা বঁটা।

যিসময়ত যমুনাই মহিলা বন সুৰক্ষা বাহিনী গঠনেৰে বনাঞ্চল ৰক্ষাৰ পদক্ষেপ গ্ৰহণ কৰিছিল সেই সময়ত নিজ গাঁৱখনৰ কোনো এজন পুৰুষৰ সহযোগ লাভ কৰা নাছিল। কিন্তু গাঁৱখনৰ মহিলাসকল সদায় যমুনাৰ পক্ষতে আছিল।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward