Friday, April 19, 2024
Homeবাতৰিযুক্তি লাগে নে সংখ্যা লাগে ? ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

যুক্তি লাগে নে সংখ্যা লাগে ? ড০ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য

প্ৰকাশিত তাৰিখঃ ১৪ মে’ ২০১৮

চি এন ব্যুৰ’

যুক্তি লাগে নে সংখ্যা লাগে ? প্ৰয়োজনত আমি সকলো দিবলৈ প্ৰস্তুত। আমাৰ শক্তি উত্তৰ–পূৰ্বাঞ্চলৰ সকলোকেইখন ৰাজ্যতে আছে। এই মন্তব্য উত্তৰ–পূৰ্বাঞ্চল ছাত্ৰ সন্থা (নেছ’)ৰ উপদেষ্টা ড সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ।

উত্তৰ–পূৰ্বাঞ্চলৰ আঠটাকৈ ছাত্ৰ সংগঠনৰ প্ৰতিনিধিত্বমূলক সংগঠন নেছ’ই সন্মিলিতভাৱে জাতি–বিৰোধী নাগৰিকত্ব আইন সংশোধনী বিধেয়ক– ২০১৬ৰ বাতিলৰ দাবী উত্থাপন কৰিছে। যোৱা ১২ মে’ত গুৱাহাটীৰ দীঘলীপুখুৰীৰ পাৰত আয়োজন কৰে এক প্ৰতিবাদী কাৰ্যসূচী। উক্ত প্ৰতিবাদী কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থা, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা, খাছি ছাত্ৰ সন্থা, গাৰো ছাত্ৰ সন্থা, নাগা ছাত্ৰ ফেডাৰেশ্যন, সদৌ মণিপুৰ ছাত্ৰ সন্থা, মিজো ছাত্ৰ সন্থা, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্যনে অংশগ্ৰহণ কৰে। অনাগত দিনবোৰত সন্মিলিতভাৱে নেছ’ৰ মঞ্চৰ পৰাই প্ৰতিবাদী কাৰ্যসূচী চলাই নিয়াৰ সংকল্প গ্ৰহণ কৰে।

প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সংবাদ মাধ্যমৰ আগত সংগঠনটোৰ উপদেষ্টা ড সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য্যই এনেদৰে মন্তব্য কৰে– উত্তৰ–পূৰ্বাঞ্চল ডাম্পিং গ্রাউণ্ড নহয়, য’ত ইচছা কৰিলেই চৰকাৰে বিদেশী সংস্থাপিত কৰিব। ১৯৭১ চনৰ পিচত অহা কোনো বিদেশীৰ বোজা উত্তৰ–পূবে গ্ৰহণ নকৰে বুলি স্পষ্টভাৱে জনাই দিয়ে। উত্তৰ–পূৰ্বাঞ্চলক সুকীয়া সাংবিধানিক ৰক্ষাকৱচ প্রদান কৰা, ৰাজ্যকেইখনত ইনাৰ লাইন পাৰ্মিট প্রৱৰ্তন কৰা, ভূমি আৰু সম্পদৰ অধিকাৰৰ সাংবিধানিক সুৰক্ষা প্রদানৰ দাবী জনায়। খিলঞ্জীয়াৰ স্বাৰ্থ ৰক্ষাৰ বাবে অসমৰ সমান্তৰালভাৱে উত্তৰ–পূৰ্বাঞ্চলৰ প্রত্যেকখন ৰাজ্যতে ৰাষ্ট্রীয় নাগৰিকপঞ্জী উন্নয়নৰ কাম আৰম্ভ কৰিব লাগে বুলিও দোহাৰে।

ভট্টাচাৰ্যই পুনৰ কয় যে, দেশ বিভাজন কালত অসমক পাকিস্তানৰ লগত চামিল কৰিব বিচাৰিছিল, ১৯৪৯ চনত দেশৰ প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৱে শৰণাৰ্থী ৰাখিবৰ বাবে অসমত মাটি বিচাৰিছিল। কিন্তু সেই সময়ৰ মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে প্ৰতিটো কামৰে তীব্ৰ প্ৰতিবাদ জনাইছিল প্ৰধান মন্ত্ৰীৰ ওচৰত। যাৰ ফলত প্ৰধানমন্ত্ৰীয়ে সেই কাম কৰিব পৰা নাছিল। ১৯৬২ চনৰ চীনা আগ্ৰাসনৰ সময়ত প্ৰধানমন্ত্ৰীয়ে অসমখনক বিদায়েই দিছিল। মুখ্যমন্ত্ৰী গোপীনাথ বৰদলৈয়ে যেনেদৰে প্ৰতিবাদ কৰিছিল আজিৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তেনেদৰে প্ৰতিবাদ কৰক। ইতিমধ্যে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই ৰাজ্যখনত কোনো বিদেশীক সংস্থাপন নিদিও বুলি পোনচাতেই নাকচ কৰি এক নিদৰ্শন দাঙি ধৰিছেই। সেই নিদৰ্শন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও দাঙি ধৰক। অসাংবিধানিক এই বিধেয়কখনৰ বিৰুদ্ধে অহা ২১ মে’ত উত্তৰ–পূবৰ সাতখন ৰাজ্যতে এক প্রতিবাদী কাৰ্যসূচী গ্রহণ কৰিব। প্রয়োজনত দিল্লীতো প্রতিবাদী কাৰ্যসূচী পালন কৰিব বুলি দোহাৰে।

প্ৰতিবাদী সভাত উপস্থিত থকা আছু’ৰ সভাপতি দীপাংক নাথে জনস্বাৰ্থ বিৰোধী বিধেয়কখনৰ তীব্ৰ বিৰোধিতা কৰে। সভাপতি নাথে ছাত্র সন্থাৰ উদ্যোগত আয়োজন কৰা এলানি প্ৰতিবাদী কৰ্যসূচীও ঘোষণা কৰে। সেইমৰ্মে ১৪ মে’ত ৰাজ্যৰ প্ৰতিখন জিলা আৰু মহকুমা ছাত্র সন্থাই পালন কৰিব জোঁৰ সমদল যাত্ৰা, ১৯ মে’ত অনুষ্ঠিত হ’ব ৰাজ্যিক কাৰ্যনিৰ্বাহক সভা আৰু ২০ মে’ত গুৱাহাটীত অনুষ্ঠিত হ’ব প্রতিনিধি সভা।

প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থকা ত্রিপুৰা ছাত্র ফেডাৰেশ্যনৰ নেতা উপেন্দ্র দেৱবাৰ্মাই উল্লেখ কৰে, বিদেশীৰ আগ্ৰাসনৰ ফলত নিজ ৰাজ্যতে আজি ত্রিপুৰীসকলে নিজৰ পৰিচয় হেৰুৱাইছে। বিদেশীৰ বোজা জাপি দিব খোজা আইন এখন কাৰ্যকৰী কৰিব খোজাত প্রধানমন্ত্রী মোদীক তীব্ৰ সমালোচনা কৰে। উত্তৰ–পূব বিদেশীৰ চৰণীয়া পথাৰ নহয়, চৰকাৰৰ এই ষড়যন্ত্র অতি সোনকালে বন্ধ কৰক বুলি ছাত্ৰ নেতাগৰাকীয়ে দাবী কৰে।

প্ৰতিবাদী সভাত নেছ’ৰ সভাপতি ছেমুৱেল জেওৰা, সাধাৰণ সম্পাদক চিনাম প্রকাশ, আছু’ৰ সম্পাদক লুৰীণজ্যোতি গগৈ লগতে প্রতিটো ছাত্ৰ সংগঠনৰ প্রতিনিধিসকল উপস্থিত আছিল।

আনহাতে, কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ো উক্ত প্ৰতিবাদী কাৰ্য্যসূচীত উপস্থিত থাকি নেতৃবৰ্গৰ সৈতে মত–বিনিময় কৰে। নেছ’ই গ্ৰহণ কৰা এই পদক্ষেপক কৃষক নেতাগৰাকীয়ে শুভেচ্ছা জ্ঞাপন কৰে।

 

শিৰোনামৰ ফটোঃ ব্যুৰ’ ফটো

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward