Thursday, March 28, 2024
Homeবাতৰিলংগি ভূঞা– কথিৱালা গাঁৱৰ আধুনিক নিৰ্মাতা

লংগি ভূঞা– কথিৱালা গাঁৱৰ আধুনিক নিৰ্মাতা

প্ৰকাশিত তাৰিখঃ ২১ ছেপ্টেম্বৰ, ২০২০

চি এন ডেস্ক

দশৰথ মাঝিয়ে সুদীৰ্ঘ ২২ বছৰৰ মুৰত ৫৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ বাট কাটি ১৫ কিলোমিটাৰ দৈৰ্ঘ্যত পৰিণত কৰিছিল। এই মহান পথ নিৰ্মাতা দশৰথ মাঝি যাক ‘মাউণ্টেইন মেন’ বুলিও অভিহিত কৰা হয়, সেইজন ব্যক্তিৰ বিষয়ে পুনৰ বিশ্লেষণৰ প্ৰয়োজন নিশ্চয় নাই। কিন্তু সেইগৰাকী মাউণ্টেইন মেনৰ দৰে দ্বিতীয় এগৰাকী ব্যক্তিৰ জন্ম হ’ল বিহাৰৰ গয়া জিলাত।

লংগি ভূঞা– বিহাৰৰ গয়া জিলাৰ কথিৱালা গাঁৱত ঘৰ। জিলা সদৰ গয়াৰ পৰা ৮০ কিলোমিটাৰ দূৰত অৱস্থিত কথিৱালা গাঁওখন ঘন অৰণ্যৰে ভৰা। প্ৰায় এশৰো অধিক পৰিয়াল থকা গাঁওখন মাওবাদী বিদ্ৰোহীৰো ঘাটি। ইপিনে, গাঁওখনত চৰকাৰী উন্নয়ন প্ৰায় শূন্যৰ ঘৰত। গাঁওখনৰ বাসিন্দাই খোৱা পানীটুপিৰ কাৰণেও যুঁজিব লাগে।

উল্লেখযোগ্য যে, নিজৰ গাঁওখনৰ পৰা তিনি কিলোমিটাৰ নিলগৰ ঘন অৰণ্যৰ মাজৰ পাহাৰৰ দাঁতিত এটি বোৱতি নিজৰা আছিল। সেই নিজৰাটোৰ পানী বোৱাই আনিব পাৰিলে গাঁওখনৰ খোৱাপানীৰ সমস্যা দূৰ হোৱাৰ লগতে তেওঁলোকৰ খেতিপথাৰ কৃষি উপযোগী হৈ পৰিব। সেয়ে লংগিয়ে উক্ত নিজৰাৰ পৰা পানী বোৱাই আনিবলৈ ন’লা নিৰ্মাণৰ কাম অকলেই আৰম্ভ কৰি দিলে। ন’লাটো নিৰ্মাণৰ কাৰণে তেখেতে গাঁওখনৰ কোনোলোকৰ পৰা সহযোগ বিচৰা নাছিল। তদুপৰি, জীৱিকাৰ তাগিতাত গাঁওখনৰ প্ৰায়ভাগ মতা মানুহ চহৰৰ বিভিন্ন কাম–কাজত নিয়োজিত হৈ থাকিবলগীয়া হৈছিল। যিকেইটা গাঁওত আছিল সেইকেইটাও ন’লাটোৰ কাম অকলে কৰি থকা দেখি আঁতৰি ফুৰিছিল। সুদীৰ্ঘ ত্ৰিশটা বছৰ অবিৰাম গতিত কাম কৰি থকাৰ পাছত তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ ন’লাটো যোৱা ১২ ছেপ্টেম্বৰত পূৰ্ণাংগ ৰূপ লাভ কৰে। ফলত পানীৰে উপচি পৰিল লংগিৰ গাঁওখন, ৰাইজৰ খোৱাপানী আৰু খেতিপথাৰ দুয়োটাতে পানীৰ অভাৱ দূৰ হ’ল।

শিৰোনামৰ ফটোঃ ইণ্টাৰনেট

Title Pix: Internet

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward