Saturday, April 20, 2024
Homeবাতৰিলণ্ডনত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ প্ৰচেষ্টা

লণ্ডনত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ প্ৰচেষ্টা

প্ৰকাশিত তাৰিখঃ ১৫ এপ্ৰিল, ২০১৭

চানডুবি নিউজ ব্যুৰ’–

শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিক প্ৰবাসী নৱপ্ৰজন্মৰ মাজত চিৰযুগমীয়া কৰি ৰখাৰ উদ্দেশ্যেৰে লণ্ডনত শ্ৰীমন্ত শংকৰদেৱ আন্তঃৰাষ্ট্ৰীয় সাংস্কৃতিক কেন্দ্ৰ স্থাপনৰ প্ৰচেষ্টা হাতত লোৱা বুলি জানিব পৰা গৈছে।

প্ৰবাসী অসমীয়া ড০ কৰুণা সাগৰ দাসে গুৱাহাটী প্ৰেছ ক্লাৱত যোৱা ৫ এপ্ৰিলত আয়োজন কৰা এখন সংবাদমেলত এই কথা ঘোষণা কৰে। সংবাদমেলত উল্লেখ কৰে যে– আমেৰিকা যুক্তৰাষ্ট্ৰত বৰ্ত্তমান পোন্ধৰ শতাধিকৰো অধিক অসমীয়া মানুহ আছে যদিও তাত অসমীয়াৰ স্থায়ী অনুষ্ঠান এটাও নাই। সেয়ে তাত থকা ভবিষ্যত প্ৰজন্মই যাতে অসমীয়া পৰম্পৰা লগতে কলা সংস্কৃতি–চৰ্চা, প্ৰসাৰ আদিৰ এখন স্থায়ী মঞ্চ পাই তাৰ বাবে এই ব্যৱস্থা হাতত লোৱা হৈছে। অসমৰ অতিথি, ছাত্ৰ–ছাত্ৰীসকল থকাৰ ব্যৱস্থা, লগতে অসমীয়া সংস্কৃতি বিজড়িত সম্পদ সমূহ সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি আয়োজকগৰাকীয়ে জানিবলৈ দিয়ে। প্ৰায় ২৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ হ’ব লগা এই অনুষ্ঠানটোত অসমবাসী ৰাইজৰ পৰা সকলো প্ৰকাৰৰ সহায় সহায়যোগিতা কামনা কৰিছে।

শিৰোনামৰ ছবিঃ গুগল ইমেজ

Photo Courtesy: Google Image

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward