Wednesday, April 24, 2024
Homeপ্ৰবন্ধশগুণৰ বাবে বলিশালত পৰিণত হৈছে ৰেলপথসমূহ

শগুণৰ বাবে বলিশালত পৰিণত হৈছে ৰেলপথসমূহ

প্ৰকাশিত তাৰিখঃ ১৫ জুন ২০১৬

 

কিশোৰ তালুকদাৰ, নিজাইন –

গুৱাহাটীৰ নিকটবৰ্তী ৰাণীত থকা শগুণ সংৰক্ষণ প্ৰজনন কেন্দ্ৰ (Vulture conservation Breeding centre)ৰ মতে ৰেলৰ খুন্দাত নিহত হাতী আৰু পশুধনৰ শৱ ভক্ষণ কৰিবলৈ যোৱা শগুণৰ বাবে ঘাতকস্বৰূপ হৈ পৰিছে ৰেলপথবোৰ।

“২০১৪ চনৰ পৰা এইপৰ্যন্ত দুবাৰ ৰেলপথত জন্তুৰ মৰাশ ভক্ষণ কৰি থকা ৫০ টাৰো অধিক শগুণক ৰেলে খুন্দিওৱা মই দেখিছো”– ভাগৱতীপাৰা এলেকাৰ বাসিন্দা জিতেন কলিতাই জনাইছে। কিন্তু উত্তৰ-পূৱ ৰেল সংমণ্ডল বা ৰাজ্যিক বনবিভাগ কোনোৱেই বিষয়টো গুৰুত্বসহকাৰে লোৱা নাই।সংৰক্ষণবিদ সকলৰ মতে এই কথাটোত ৰেল কৰ্ত্তৃপক্ষৰ দায়িত্ব বেছি– দুৰ্ঘটনাগ্ৰস্ত জন্তুৰ শৱ ৰেলপথৰ পৰা আঁতৰাই তেঁওলোকে এই প্ৰথম তালিকা (Schedule-1) ভুক্তপ্ৰাণীবিধৰ জীৱন ধংস হোৱাৰ পৰা ৰক্ষা কৰা উচিত।

শগুণ সংৰক্ষণ প্ৰজনন কেন্দ্ৰৰ তথ্য অনুসৰি ২০০৭ চনৰ পৰা ২০১৪ চনৰ জুন মাহলৈ বিষক্ৰিয়া ঘটি তথা বিদ্যুৎস্পৃষ্ট হৈ হিমালয়ান গ্ৰিফন প্ৰজাতিৰ ৪ শতাধিক শগুণৰ মৃত্যু হৈছে। চলিত বৰ্ষৰ ২২ জানুৱাৰী আৰু ১৫ মাৰ্চৰ ভিতৰত পুনৰ ১৯৩ টা শগুণৰ বিষক্ৰিয়াৰ ফলত মৃত্যু ঘটিছে। ইয়াৰ পূৰ্বে ২০০১ চনত গোৱালপাৰা জিলাৰ ৰংজুলি এলেকাত ৬০ টা আৰু নলবাৰী জিলাত ২৩ টা শগুণৰ বিষক্ৰিয়াৰ ফলত মৃত্যু ঘটিছে।

২০০৭ চনত শগুণ সংৰক্ষণ কেন্দ্ৰই বিষক্ৰিয়াৰ দ্বাৰা অসুস্থ ৩০ টা শগুণক চিকিৎসাৰ জৰিয়তে সুস্থ কৰি তুলি পুনৰ হাবিত মুকলি কৰি দিছিল। মানুহে ভুল ধাৰণা লৈ থকা, ধীৰগতিৰ প্ৰজননৰ বাবে ভাৰতত আংশিকভাবে ৯৯ শতাংশ হ্ৰাস পোৱা এই চৰাইবিধৰ বাবে এয়া আছিল এক আশাৰ ৰেঙণি। ৰাষ্ট্ৰীয় বন্যপ্ৰাণী পৰিষদ (National Board for Wildlife)ৰ এজন জ্যেষ্ঠ সদস্যই জনোৱা মতে বাচি থকা শগুণবোৰৰ ৪০ শতাংশৰে প্ৰতিবছৰে মৃত্যু হৈ আহিছে।

ভাৰতত ৯ প্ৰকাৰৰ শগুণ আছে, ইয়াৰে তিনিটা– বগাপিঠিয়া (White-backed), দীঘল-ঠুঁটিয়া (Long-billed) আৰু সৰু-ঠুঁটিয়া (Slender-billed) জিপছি প্ৰজাতিৰ অন্তৰ্ভুক্ত।বাকীকেইটা হ’ল– Bearded vulture, Egyptian vulture, Himalayan griffon, Eurasian griffon, red-headed vulture আৰু cinereous vulture।

বিশেষজ্ঞৰ মতে শগুণবোৰ নোহোৱা হৈ গ’লে মৰা জীৱ-জন্তুৰ শৱ পৰিস্কাৰ কৰাৰ ক্ষেত্ৰত যথেষ্ট সমস্যাৰ সৃষ্টি হ’ব, যাৰ ফলত অস্বাস্থ্যকৰ পৰিৱেশৰ সৃষ্টি হ’ব। যুক্তৰাজ্যৰ বাথ বিশ্ববিদ্যালয়ৰ অনিল মাৰ্কণ্ডেয়ই কৰা এক অধ্যয়নৰ তথ্য অনুসৰি ভাৰতত বিলুপ্ত শগুণৰ ঠাই দখল কৰা প্ৰায় ৫.৫ নিযুত হিংস্ৰ কুকুৰে ইতিমধ্যেই সমস্যাৰ সৃষ্টি কৰিছে।

শগুণৰ সংখ্যা দ্ৰুত হাৰত হ্ৰাস পাবলৈ ধৰাৰ সময়তে ১৯৯২ চনৰ পৰা ২০০৬ চনৰ ভিতৰত হিংস্ৰ কুকুৰৰ সংখ্যা দুগুণ বৃদ্ধি পাইছিল। পৰবৰ্তী সময়ত ভাৰতৰ ৰাষ্ট্ৰীয় জৰীপ (National Survey of India)ৰ তথ্যত প্ৰকাশ পোৱা মতে কুকুৰে কামোৰাৰ ফলতো ৪৭,৩০০ টা শগুণৰ মৃত্যু ঘটিছে।

পশুপালকসকলে বেমাৰী গৰু-ম’হৰ চিকিৎসাত সঘনে ব্যৱহাৰ কৰা পশুৰ দৰৱ ডাইক্ল’ফেনাকৰ বিৰুদ্ধে এখন যুদ্ধ ঘোষণাৰে শগুণ সংৰক্ষণ কাৰ্যসূচী আৰম্ভ হৈছিল। ২০০৬ চনত পশুৰ দৰৱত ডাইক্ল’ফেনাকৰ ব্যৱহাৰ নিষিদ্ধ কৰে। কিন্তু পশুপালকসকলে ডাইক্ল’ফেনাক থকা মানুহৰ দৰৱ ব্যৱহাৰ কৰিবলৈ লয়। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে অলপতে ঔষধ আৰু প্ৰসাধন সামগ্ৰী (ষষ্ঠ সংশোধন) নীতি ২০১৫ৰ অধীনত মানুহৰ ডাইক্ল’ফেনাকৰ ডাঙৰ বটল নিষিদ্ধ কৰিছে। ৩০ৰ পৰা ১০০ মিঃলিঃ পৰ্যন্ত পৰিমাণৰ পৰিবৰ্তে ডাইক্ল’ফেনাক এতিয়া ৩ মিঃলিৰ বটলতহে পোৱা যাব।

পশুৰ ডাইক্ল’ফেনাকৰ পৰিবৰ্তে ব্যৱহাৰ কৰিব পৰা মেলোক্সিকেম নামৰ এটা নিৰাপদ কিন্তু দামী ঔষধ আছে। কিন্তু পশুপালকসকলে ইয়াক ব্যৱহাৰ কৰিব নিবিচাৰে। দামৰ কাৰণেও আৰু ডাইক্ল’ফেনাকতকৈ মেলোক্সিকেমে লেহেমীয়া গতিত কাম দিয়ে বাবেও।

গৰু ম’হৰ শৱ খাই জীৱন ধাৰণ কৰা শগুণৰ বাবে অতি কঢ়া ডাইক্ল’ফেনাকৰ উপৰি কেতিয়াবা কীটনাশকো ইহঁতৰ মৃত্যুৰ কাৰক হয়। মানুহে শিয়াল বা বনৰীয়া কুকুৰ মাৰিবলৈ কীটনাশক ছটিওৱা জন্তুৰ মৰাশৰ খাইও প্ৰায়ে শগুণ মৰে।

পৰিচ্ছন্নতাৰ ক্ষেত্ৰত শগুণৰ ভূমিকাৰ বিষয়ে নাজানি বহু লোকে শগুণক অমংগলীয়া প্ৰাণী বুলি ভাবে। ২০ বছৰীয়া পল্লবী দাসৰ দৰে কিছুমানে বহুত দূৰৰ পৰাই খাদ্যৰ সম্ভেদ পোৱা তীক্ষ্ণ দৃষ্টিশক্তিসম্পন্ন এই চৰাইবিধৰ বিষয়ে থকা ভুল ধাৰণা আঁতৰাবলৈ চেষ্টা কৰি আহিছে।

পল্লবী নামৰ শিপিনীগৰাকীয়ে নিজে বোৱা গামোছাত এযোৰ শগুণৰ নক্সা তুলিছে। শগুণ সংৰক্ষণৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে তেঁও এই গামোছাবোৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰিছে। শগুণৰ পৰিৱেশতান্ত্ৰিক ভূমিকাৰ বিষয়ে জনসজাগতা সৃষ্টিৰ প্ৰয়াস চলাইছে প্ৰজন্ম নামৰ এটা সাহিত্য গোষ্ঠীয়েও।

অবস্কৰভোজী চৰাইবিধৰ সংৰক্ষণৰ ক্ষেত্ৰত এটা প্ৰত্যাহ্বান হৈছে ইহঁতে বছৰত মাত্ৰ এটাহে পোৱালি দিয়ে আৰু ইয়াক ডাঙৰ হ’বলৈ পাঁচ বছৰৰো অধিক সময় লাগে। “দুটা পোৱালিৰ মাজত পাঁচ বছৰৰ ব্যৱধানে শগুণ সংৰক্ষণৰ কামটো কঠিন কৰি তুলিছে।” ৰাণী আৰু কলকাতাৰ শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰৰ পৰিচালক শচীন পি ৰাণাদেই কয়।

সুখৰ কথা, পৰিৱেশ আৰু বন মন্ত্ৰালয়ে অসমৰ ৩০,০০০ বৰ্গ কিঃমিঃ এলেকা সম্পূৰ্ণৰূপে ডাইক্ল’ফেনাক মুক্ত অঞ্চল হিচাপে গঢ়ি তোলাৰ পাছত সেই এলেকাসমূহক শগুণ সংৰক্ষিত অঞ্চল হিচাপে ঘোষণা কৰিব। এই এলেকাসমূহৰ ভিতৰত পূৱ অসমৰ নখন জিলা আছে। সেইকেইখন হ’ল– শিৱসাগৰ, যোৰহাট, গোলাঘাট, উত্তৰ লখিমপুৰ, ধেমাজি, নগাঁও, শোণিতপুৰ, কাৰ্বি আংলং আৰু ডিব্ৰুগড়ৰ কিছু অংশ।

আৱদ্ধ প্ৰজননৰ জৰিয়তে জন্ম দিয়া শগুণ পোৱালিবোৰ এই নিৰাপদ অঞ্চলসমূহত মুকলি কৰি দিয়া হ’ব।

বাছনিভূক্ত সকলোবোৰ জিলাতে শগুণ সংৰক্ষণ আৰু প্ৰজনন কেন্দ্ৰই তিনিটা কাৰ্যসূচী ৰুপায়ণ কৰিছে। কেন্দ্ৰটোৱে জিলাসমূহৰ নিষিদ্ধ পশু দৰৱ বিক্ৰী ঔষধৰ দোকানসমূহত সমীক্ষা চলাইছে। তদুপৰি গৰু-ম’হৰ মৰাশৰ যকৃতৰ নমুনা সংগ্ৰহ কৰি সেইবোৰত বিষাক্ত দ্ৰব্যৰ উপস্থিতিও পৰীক্ষা কৰিছে। শগুণৰ আৱাসস্থলী সমূহো নিৰীক্ষণ কৰি থকা হৈছে।

ৰাণাদেই জনোৱা মতে, এই জিলা সমূহক শগুণৰ নিৰাপদ বিচৰণথলী হিচাপে ঘোষণা কৰিবলৈ আৰু তিনিবছৰ লাগিব।

শিৰোনামৰ ছবিঃ কিশোৰ তালুকদ্বাৰ

উৎসঃ নিজাইন

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward