Tuesday, November 29, 2022
HomeARTICLEশিক্ষা, সময় আৰু মানুহৰ অভিমুখ

শিক্ষা, সময় আৰু মানুহৰ অভিমুখ

প্ৰকাশিত তাৰিখঃ ৭ নৱেম্বৰ, ২০২২

কল্প ৰঞ্জন গগৈ –

পৃথিৱীৰ সকলোতকৈ সহজ কামটোৱে হৈছে কিতাপ পঢ়া আৰু সকলোতকৈ কঠিন কামটোও কিতাপ পঢ়া। বিশেষকৈ আজিৰ সময়ত প্ৰদৰ্শনী, বিজ্ঞাপন, উপভোগৰ যুগত সহজ অৰ্থত ক’বলৈ গ’লে ধন তেৰেচ বা সীতাদেৱীয়ে বনলৈ গৈ সোণৰ হৰিণৰ লোভত পৰা যুগত কিতাপ পঢ়াটোৰ প্ৰতি ধাউতি অনা বৰ সহজ কাম নহয়। নহ’লে আজি পৰ্যন্ত যিমান প্ৰগতিশীল কিতাপ, আলোচনী আদি ধীমানসকলে জনগণলৈ উচৰ্গা কৰি থৈ গৈছে তাৰ ফলস্বৰূপে জনতাৰ মন পোহৰ আৰু আনন্দময় হৈ পৰিব লাগিছিল। একৈশ শতিকাত মানুহৰ অভিমুখ যুক্তিৰ দিশত গতি কৰিব লাগিছিল। তাৰ বিপৰীতে দেখা গৈছে মানুহবোৰ নিৰ্বোধ হ’বলৈ গৈ আছে। নিজক বাদ নিদিয়াকৈ কৈছো– আজি ঘৰে ঘৰে খণ্ডিত–খণ্ডিত অৱক্ষয়ী চিন্তা। সমাজত ইয়াৰেই প্ৰতিফলন ঘটিছে। আচৰিত হ’বলগীয়া একো নাই। যি চিন্তা সংঘৰ্ষ ঘটিছে সিও ভুল বুলি নকওঁ– কিন্তু পশ্চাদমুখী। কাৰ প্ৰৰোচনাত ক’ব নোৱাৰো।

ইতিহাসৰ চালিকা শক্তি কিন্তু জনগণ– আমাৰ দৰে খৰিভাৰী– দোলাভাৰী সকলহে। ক্ষমতাৰ দণ্ড নাই কিন্তু ক্ষমতা আছে জোকাৰী দিয়াৰ। সেয়ে ৰজাসকলৰ দিনৰে পৰা দোলাভাৰী সকলক অজ্ঞ আৰু অশিক্ষিত কৰি ৰখা হৈছে। সেয়ে– শিক্ষা– যাৰ সহায়ত মানুহৰ চিন্তাৰ আমুল পৰিৱৰ্তন হ’ব পাৰে– মনক জোকাৰী পেলাব পাৰে সি জনগণৰ বাবে সুলভ নহয়।

দখলদাৰী ইংৰাজৰ দিনত সকলোৱে জানে আমাৰ চাহঘৰীয়া সকলক কেনেদৰে ৰখা হৈছিল– বাবু–মহৰীসকলক কি শিক্ষা দিয়া হৈছিল। সেয়ে ১৮২৬ চনৰ পৰা ১৯৪৭ চনলৈ কাৰ বন্দনা চলিছিল সকলোৱে ভালদৰে জানে। সেইদিনৰ শিক্ষা কাৰ বাবে আছিল, কাক লাভান্বিত কৰিছিল সকলো দেশপ্ৰেমীয়ে জানে।

সেয়ে ৰজাৰ দিনত অভিমুখ গঢ়া হৈছিল ৰাজতন্ত্ৰৰ পক্ষে আৰু ঔপনিবেশিক যুগৰ অভিমুখ? গোলামীৰ লক্ষ্যৰে।

১৯৪৭ চনত দেশ এৰিবলৈ বাধ্য হোৱাৰ আগমুহুৰ্তত ১৯৪২–৪৭ চনলৈ কেনেধৰণৰ ৰণকৌশল প্ৰয়োগ কৰা হৈছিল আজি জাতি–মাটি–ভেটি ৰক্ষাৰ যুঁজৰ সময়ত আমি জনা প্ৰয়োজন। ১৯৪৭ৰ পিছত আমাৰ দেশ খণ্ডিত–   ব্ৰিটিছৰ ৰণনীতি আছিল– অখণ্ড ব্ৰিটেইন আৰু চিৰস্থায়ীভাৱে দেশবোৰ শাসনৰ বাবে অপকৌশল। আমাৰ বহুতো জনাশুনা ব্যক্তি এই অপকৌশলৰ প্ৰভাৱত। ভাৰতবৰ্ষৰ মহাকাব্য দুখনেই তেওঁলোকক খণ্ডিতকৰণৰ ফৰমূলাটো দি গৈছে। এফালে মেকিয়াভেলিৰ ভেদনীতি আৰু আনফালে মহাভাৰতীয় ৰাষ্ট্ৰনীতি। তাৰ মাজত আমি অভিমুখ গঢ়িবলৈ বৈজ্ঞানিক প্ৰগতিশীল দৰ্শনৰ সহায় লওঁতে যি ১০–২০% সফলতা পাইছো তাকেই বহুত বুলি ধৰিবই লাগিব।

কথাখিনি বুজিবলৈ আমি প্ৰথমে প্ৰশ্ন কৰিব লাগিব– আমাৰ স্বাধীনতা, সাৰ্বভৌমত্ব, ধৰ্ম নিৰপেক্ষতা গঢ়িবলৈ দেশত কেনেধৰণৰ উপাদন দি থৈ গৈছিল– দখলদাৰী সকলে। কাৰণ তাৰ ওপৰত ভিত্তি কৰিয়েই নতুনকৈ স্বাধীন হোৱা দেশখন গঢ়া হৈছিল।

পৰাধীনতাৰ সময়ত দেশৰ শিক্ষিতচামৰ অভিমুখ মুলতে ব্ৰিটিছ বন্দনা স্বাধীনতা যোদ্ধা আৰু আমাৰ দৰে পাইকসকলৰ– হালোৱা বনুৱাসকলৰ অভিমুখ শাসক– শাসকযন্ত্ৰ বিৰোধী। সময়ত এই অভিমুখ প্ৰধান ধাৰা হোৱাৰ বাবেহে গণজাগৰণ। সাৰ্বভৌমত্বৰ বাবে।

স্বাধীনতা পোৱাৰ পিছত এটা নতুন অভিমুখ গঢ়াৰ বাবে যি শিক্ষা ব্যৱস্থাৰ প্ৰয়োজন আছিল সি ধন তেৰেচত শেষ হ’ল। জ্ঞান–বিজ্ঞানৰ প্ৰসাৰৰ যোগেদি ব্যক্তিৰ চৰিত্ৰ নিৰ্মাণ– ৰাষ্ট্ৰ নিৰ্মাণৰ কাৰ্যসূচী লোৱা নহ’লেই। এনে এটা কাৰ্যসূচীৰ বাবে ভাৰতবৰ্ষৰ তেজস্বী সন্যাসী স্বামী বিবেকানন্দই (১৮৬৩–১৯০২) ভৱিষ্যতৰ স্বাধীন ভাৰতবৰ্ষৰ বাবে দি গৈছিল। কৈছিল প্ৰথমে চৰিত্ৰ গঢ়িব লাগিব, মানুহ গঢ়িব লাগিব আৰু সুস্থ চৰিত্ৰৰ মানুহে ৰাষ্ট্ৰ গঢ়িব (Character Building–Man Making and Nation Building Education) আৰু সেয়ে ৰাষ্ট্ৰ নিৰ্মাণৰ দায়িত্ব ল’ব লাগিব শিক্ষা ব্যৱস্থাই একেবাৰে প্ৰাথমিক পৰ্যায়ৰ পৰা কিতাপ পঢ়াৰ কাৰ্যসূচী শিক্ষাৰ বাহিৰে কোনেও সৱলভাৱে আগবঢ়াই নিব নোৱাৰিব।

বৰ্তমান সময়ৰ অসম– অসমীয়াৰ কিতাপ অধ্যয়নৰ যি অৱস্থা তাক উন্নত কৰিবলৈ হ’লে এক আন্দোলন গঢ়িব লাগিব আমাৰ দৰে পাইক– খৰিভাৰী– দোলাভাৰী সকলৰ অংশগ্ৰহনেৰে। প্ৰাথমিক শিক্ষাক অধিক সৱল কৰিব লাগিব– মাতৃভাষাৰ সৱল বিকাশ ঘটাই যাৰ সহায়ত এক সৱল জাতি গঠন হ’ব– অৰ্থনৈতিক– সাংস্কৃতিক– আধ্যাত্মিকভাৱে। অৰ্থনীতি সৱল হ’লে ৰাজনীতি– সংস্কৃতি আপোনা–আপুনি সৱল হ’ব। শিক্ষকসকলে এই পতাকাখনৰ প্ৰকৃত বাহক হ’ব লাগিব। অন্যথাই সমাজৰ ভিতৰত ঘটি থকা নৈৰাজ্যৰ অন্ত নপৰে।

ফটোঃ চানডুবি নিউজ

RELATED ARTICLES

LEAVE A REPLY

Please enter your comment!
Please enter your name here

- Advertisment -

Most Popular

Recent Comments

dr. pronoy kr pathak on Saving the Ceniputhi– A success story
jibeswar on A Step Forward